Artificial Flood in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পুনৰ কৃত্রিম বানত বুৰিল গুৱাহাটীৰ বৃহৎ অঞ্চল। লক্ষ্যণীয়ভাবে সাধাৰণতে এনে বানৰ সৃষ্টি হোৱা কে’বাটাও অঞ্চলৰ পৰিৱৰ্তে মহানগৰীৰ আন কেইটামান অঞ্চল পানীত বুৰ যায়। তদুপৰি অঞ্চলভেদে একঁকাল পর্যন্ত পানী হয়। কালি বিয়লি আৰু আজি দুপৰীয়া অহা এজাক বৰষুণত আমবাৰী, লেম্বৰোড একাঁঠু পানীত বুৰ যায়। পানীয়ে বুৰাই অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ ভূমি মহলাৰ মজিয়াও। কার্যালয়টোত অৱস্থিত উপ-পথটোও একাঁঠু পানীয়ে বুৰাই পেলায়। একেদৰে পানীত বুৰ যায় চানমাৰিৰ ৰাজপথ। পাহাৰৰ পৰা নামি অহা পানীৰ ধলৰ সোঁতত দুচকীয়া বাহন চলাই অহা কে’বাজনো লোক বাগৰি পৰে।
ইয়াৰ উপৰি উলুবাৰী, আৰজি বৰুৱা পথতো প্ৰৱল বানৰ সৃষ্টি হয়। দীঘলীয়া সময়জুৰি কৃত্রিম বানে এই সমগ্র অঞ্চলত যাতায়াত ব্যৱস্থা ব্যাহত কৰে। কাহিলিপাৰাৰ জটীয়াৰ মূল পথো পানীয়ে বুৰাই পেলায়। ইপিনে, ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুসজাইৰো পথৰ এটা অংশ পানীত বুৰ যোৱাত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল সম্পূর্ণ বন্ধ হয়। গড়চুকৰ ছাৰ্ভিচ পথো পানীত বুৰ যায়। বেহাৰবাৰী ৰাষ্ট্ৰীয় পথটোও পানীয়ে বুৰাই পেলায়।
ইপিনে, বৰষুণ হ’লেও যোৰাবাটত সামান্যভাৱেহে কৃত্রিম বানৰ সৃষ্টি হয়। তাৰ পৰিৱৰ্তে কমাৰকুছিৰ জুবিন ক্ষেত্ৰৰ সন্মুখৰ পথছোৱা সম্পূৰ্ণৰূপে পানীত বুৰ যায়। মহানগৰীখনত এনেদৰে এজাক বৰষুণতে কৃত্রিম বানৰ প্রকোপ বৃদ্ধি হোৱাটো এইবাৰ যেন এক সাধাৰণ ঘটনাত পৰিণত হৈছে। ইয়াৰ ফলত এফালে নাগৰিকৰ অধিকাৰ হৰণ হৈছে আৰু আনফালে মহানগৰীখনৰ উন্নয়নৰ লগত জড়িত বিভাগ আৰু সংস্থাবোৰৰ অকর্মণ্যতা স্পষ্ট হৈছে।































