Elon Musk SpaceX Rocket Crashes in Moon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:সম্ভাৱনা আগতেই প্ৰকাশ কৰা হৈছিল, সম্প্রতি সেয়া সংঘটিত হ’ল। ইলন মাস্কৰ সংস্থা স্পেচএক্সৰ ৰকেট ফেলকন-৯য়ে চন্দ্রত স্থায়ীভাৱে এটা বিৰাট গাঁতৰ সৃষ্টি কৰিছে। প্রায় ৬০ ফুট বহল সেই গাঁত এতিয়া মহাকাশ বিজ্ঞানীসকলৰ কৌতূহলৰ কেন্দ্ৰত পৰিণত হৈছে।
যোৱা পাঁচ আগষ্টত ৰকেটৰ ওপৰৰ অংশটো চন্দ্ৰৰ মাটিত আছাৰ খাই পৰে। সংঘৰ্ষৰ সময়ত ইয়াৰ গতিবেগ আছিল ঘণ্টাত প্রায় ৫৪০০ মাইল, যি শব্দৰ গতিতকৈও কে’বা গুণ বেছি। বিৰল সেই মুহূৰ্তৰ সাক্ষী হৈছে পৃথিৱী। বহু দেশৰ পৰাই বিজ্ঞানীসকলে এই সংঘর্ষ প্রত্যক্ষ কৰাৰ বাবে চন্দ্ৰৰ দিশে কেমেৰা পোন কৰি ৰাখিছিল। গাঁতটো সম্প্রতি কেনে অৱস্থাত আছে, চন্দ্ৰৰ স’তে ৰকেটৰ সংঘৰ্ষৰ পাছত কি কি ঘটিছে, সেইবোৰক লৈ পর্যবেক্ষণ আৰু গৱেষণা অব্যাহত আছে।
ফেলকন-৯ৰ ওজন প্রায় চাৰি হেজাৰ কিলোগ্রাম। ২০২৫ৰ জানুৱাৰীত স্পেচএক্সৰ তৰফৰ পৰা এই ৰকেট উৎক্ষেপণ কৰা হৈছিল। উদ্দেশ্য আছিল দুটা বাণিজ্যিক লুনাৰ লেণ্ডাৰক চন্দ্ৰৰ দিশে পঠোৱা। সেই কাম ৰকেটটোৱে সঠিকভাৱেই কৰে; কিন্তু তাৰ পাছতহে গণ্ডগোল হয়। কথা আছিল যে ৰকেটটোৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ররেশ কৰিব আৰু পুৰি ছাই হৈ যাব; কিন্তু বিজ্ঞানীসকলৰ সকলো হিচাপ নিমিলিল। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ পৰিৱৰ্তে ৰকেটটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ ধৰে। চন্দ্ৰৰ কক্ষপথৰ সমীপলৈকে উপস্থিত হোৱা পৃথিৱীক প্রদক্ষিণকাৰী ৰকেটৰ কক্ষপথত আছিল মাস্কৰ ৰকেটটো। ফলত সংঘর্ষ অনিবার্য হৈ পৰিছিল।
মহাকাশত ফেলকন-৯ৰ গতিবিধি পর্যালোচনা কৰিয়েই চন্দ্ৰৰ মাটিত ই আছাৰ খাই পৰাৰ সম্ভাব্য সময় বিজ্ঞানীসকলে হিচাপ কৰিছিল। ১১-১২ আগষ্টত আমেৰিকাৰ মহাকাশ গবেষণা সংস্থা নাছাৰ সুনাৰ ৰিকনাইছেন্স অর্বিটাৰ (এলআৰঅ’)-এ চন্দ্ৰপৃষ্ঠত নতুন গাঁতটো চিহ্নিত কৰে। অবিটাৰটো আছিল চন্দ্ৰৰ মাটিৰ পৰা প্ৰায় ৬০ মাইল উচ্চতাত।
দেখা যায় যে ফেলকন-৯য়ে চন্দ্ৰৰ মাটিত ৬০ ফুট বহল গাঁতৰ সৃষ্টি কৰিছে । ইয়াৰ গভীৰতা ১০ ফুটৰ কম। গাঁতৰ একাধিক ফটো বিজ্ঞানীসকলৰ হাতলৈ আহিছে। নাছাৰ উপৰি ইউৰোপৰ মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰাও চন্দ্ৰপত ৰকেটৰ সংঘৰ্ষ আৰু তাৰ পৰৱৰ্তী প্ৰভাৱ পর্যবেক্ষণ কৰা হয়। ইউৰোপীয় ছাউদার্ণ অবজাৰভেটৰিৰ বিশাল টেলিস্কোপত এই সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তূপৰ মাজত লিথিয়াম আৰু ছ’ডিয়ামৰ উপস্থিতিৰ উমান পাইছে।
গাঁতটো চিহ্নিত কৰিছে দক্ষিণ কোৰিয়াৰ এটা চন্দ্ৰ প্রদক্ষিণকাৰী যন্ত্ৰয়ো।নাছাই তোলা ফটোত বিশেষ কিছু দৃশ্য ধৰা পৰিছে। তাত বিস্ফোৰণৰ ইংগিতো আছে। দেখা গৈছে যে ফেলকন-৯ৰ আঘাতত চন্দ্ৰত সৃষ্টি হোৱা গাঁতৰ পাৰৰ পৰা উজ্জ্বল ৰশ্মিৰ দৰে ৰেখা বিয়পি পৰিছে। বিজ্ঞানীসকলে দাবী কৰিছে যে ৰকেটটোৱে চন্দ্ৰৰ বুকুত আঘাত কৰাত চন্দ্ৰপৃষ্ঠৰ অনেক গভীৰৰ পৰা উপাদান ছিটিকি বাহিৰ ওলাই আহিছে। সেই সকলোবোৰ চন্দ্ৰগৰ্ভস্থ পদার্থই এই ৰশ্মিৰ উৎস বুলি একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে। অৱশ্যে এতিয়াও ভালদৰে পর্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁলোকে মন্তব্য কৰিছে।
চন্দ্ৰত পৃথিৱীৰ দৰে বায়ুমণ্ডল নাই। ফলত চন্দ্রপৃষ্ঠত কোনো দাগ সৃষ্টি হ’লে সেয়া বিলীন হৈ নাযায়। প্রায় ৫০ বছৰৰ পূৰ্বৰ চন্দ্ৰত নাছাৰ এপ’ল’ অভিযানৰ চিহ্ন আজিও অক্ষত আছে। ডাঙৰ কিবা নঘটিলে পৰৱৰ্তী হেজাৰ হেজাৰ বছৰলৈ সেয়া ৰৈ যাব। একেদৰেই থাকিব যাব ফেলকন-৯ৰ আঘাতত সৃষ্টি হোৱা গাঁতটোও।































