দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গুৱাহাটীত দেওবাৰে দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। শিলপুখুৰী আৰু কাহিলিপাৰাৰ ভগদত্তপুৰত সংঘটিত হয় এই দুই দুর্ঘটনা। ইয়াৰে
এজন বিদ্যুৎ চোৰ আৰু আনজন মিস্ত্রি। ভগদত্তপুৰৰ ঘটনাটো সংঘটিত হয় সমাজৰ তথাকথিত শিক্ষিত আৰু ধনৰ লোভত দৌৰা এজন লোকৰ কাণ্ডৰ পৰিণতিত।
কালি পুৱা প্রায় ১১ বজাত সমগ্র ভগদত্তপুৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আতংকৰ সৃষ্টি কৰি বিস্ফোৰণৰ দৰে এটা বৃহৎ শব্দ হয়। এই শব্দ শুনি বহু লোক বাহিৰলৈ ওলাই আহে।
পাছত আকাশলৈ উৰি যোৱা ঘন ধোঁৱা প্রত্যক্ষ কৰি একাংশই ইয়াৰ উৎস বিচাৰোতে সমগ্র ঘটনা পোহৰলৈ আহে। আৰক্ষীও সেই স্থানত উপস্থিত হয়।
উল্লেখ্য যে ভগদত্তপুৰৰ বাসিন্দা অচ্যুৎ চন্দ্ৰ বৰ্মন নামৰ এজন লোকৰ ঘৰৰ ওপৰেৰে ৩৩ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ পাৰ হৈ গৈছে। তিনি মহলীয়া ঘৰটোৰ ছাদত বর্মনে অধিক লাভৰ আশাত এটা কোঠা নিৰ্মাণ কৰি আছিল। তাৰ বাবে লোৰ পাইপৰে ঘৰটোৰ চিলিঙৰ কাম কৰি থকা হৈছিল।
অভিযোগ অনুসৰি অনুমতি নোহোৱাকৈ কৰা এই নির্মাণত মিস্ত্রি নেকিবুৰ আলীয়ে বেল্ডিঙৰ কাম কৰি থকা সময়তে উচ্চ ক্ষমতাসম্পন্ন তাঁৰৰ লগত বৈদ্যুতিক সংযোগ ঘটে। তেতিয়াই প্রচণ্ড শব্দ হয় আৰু মিস্ত্রি নেকিবুৰ ছাঁদৰ ওপৰতে ছিটিকি পৰে। গুৰুতৰভাৱে আহত মিস্ত্রিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।
ইপিনে, দেওবাৰে পুৱা প্রায় ছয় বজাত বিদ্যুৎ চুৰিৰ বাবে অমৰ বৰ্মন নামৰ এজন লোকে শিলপুখুৰীত এটা বিদ্যুতৰ খুঁটাত বগাই ওপৰলৈ যোৱাৰ সময়তে শৰীৰত বিদ্যুৎ সংযোগ হয়। বহুকেইডাল বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ হৈ থকা খুঁটাটোত বগাই ওপৰত উঠাৰ সময়তে এডাল তাঁৰত হাত লাগে। তাৰ ফলত ওপৰতে আবদ্ধ হৈ পৰা চোৰজন এটা সময়ত তলত সৰি পৰে। গুৰুতৰভাৱে আহত চোৰজনক পাছত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।




































