MarutiSuzuki : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মাৰুতি ছুজুকী ইণ্ডিয়াই কোম্পানীটোৰ গাড়ীৰ মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিলে। কোম্পানীটোৱে কালি সদৰী কৰা অনুসৰি, ছেপ্টেম্বৰ ২০২৬ৰ পৰা মাৰুতি ছুজুকীৰ নিৰ্বাচিত গাড়ীৰ মডেলৰ মূল্য ২০,০০০ টকালৈকে বৃদ্ধি কৰা হ’ব।
মাৰুতিয়ে যোৱা মে’ৰ পাছত চাৰি মাহত তৃতীয়বাৰলৈ গাড়ীৰ মূল্যবৃদ্ধি কৰিলে। কোম্পানীটোৱে সদৰী কৰা অনুসৰি, গাড়ীৰ নিৰ্মাণত ব্যৱহাৰ হোৱা কেঁচামালৰ মূল্যবৃদ্ধিৰ লগতে বর্ধিত মুদ্রাস্ফীতিৰ কাৰণত গাড়ীৰ পুনৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’ল।
অৱশ্যে কি কি মডেলৰ গাড়ীৰ মূল্যবৃদ্ধি কৰা হ’ল সেই তথ্য কোম্পানীটোৱে সদৰী কৰা নাই। উল্লেখ্য যে যোৱা আগষ্টত মাৰুতিয়ে ২.১৯ লাখ গাড়ী বিক্ৰীৰে এক অভিলেখ ৰচিছিল।






























