CNAP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অচিনাকি নম্বৰৰ পৰা অহা ফোনৰ পৰিচয় নিৰ্ণয় কৰাৰ ক্ষেত্ৰত গ্রাহকসকলক সহায় কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ। অহা এক নৱেম্বৰৰ পৰা দেশত কল কৰোতাৰ নাম প্রদর্শন ব্যৱস্থা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ব্যৱস্থা বলবৎ হ’লে ফোন অহাৰ সময়তে ম’বাইলৰ পৰ্দাত কল কৰোতাৰ নম্বৰৰ লগতে তেওঁৰ পঞ্জীয়নভুক্ত নামো প্রদর্শিত হ’ব।
কি এই CNAP ব্যবস্থা?
দূৰসংযোগ বিভাগৰ নির্দেশনা অনুসৰি, দেশৰ টেলিকম সেৱা প্রদানকাৰী প্রতিষ্ঠানসমূহে এক নৱেম্বৰৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব। মূলতঃ অচিনাকি ফোনৰ পৰিচয় নিৰ্ণয়ৰ সুবিধা প্রদান কৰা আৰু স্পেম কল তথা ফোনযোগে সংঘটিত প্রৱঞ্চনা হ্রাস কৰাই এই পদক্ষেপৰ অন্যতম উদ্দেশ্য।
এই ব্যৱস্থাৰ অধীনত ছিম কাৰ্ডৰ স’তে পঞ্জীয়ন কৰা নামটো ফোন অহাৰ সময়তে গ্রাহকৰ ম’বাইলৰ পর্দাত দেখা যাব। ফলত কেৱল নম্বৰ চাই কল কৰোঁতাক চিনাক্ত কৰাৰ পৰিৱৰ্তে গ্রাহকে পঞ্জীয়নভুক্ত নামৰ জৰিয়তেও পৰিচয় লাভ কৰিব পাৰিব।
প্ৰথম পৰ্যায়ত ৪জি আৰু ৫জি নেটৱৰ্কত উপলব্ধ হ’ব সেৱা
প্রকাশিত প্রতিবেদন অনুসৰি, প্ৰথম পৰ্যায়ত ৪জি আৰু ৫জি ম’বাইল নেটৱৰ্কত এই সেৱা উপলব্ধ হ’ব। ইয়াৰ বাবে গ্রাহকে ম’বাইলত পৃথককৈ কোনো ছেটিংছ সক্রিয় SCAM কৰিব নালাগিব। আনহাতে, ২জি আৰু ৩জি নেটৱৰ্কত এই সুবিধা প্ৰৱৰ্তনৰ বিষয়টো পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰা হ’ব।
কল শেষ হোৱাৰ পাছত আঁতৰোৱা হ’ব নামৰ তথ্য
নতুন ব্যৱস্থাটোৰ আন এক উল্লেখযোগ্য দিশ হৈছে তথ্যৰ গোপনীয়তা। প্রতিবেদনত উল্লেখ কৰা অনুসৰি, কলৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাছতে সংশ্লিষ্ট তথ্যৰ ভঁৰালৰ পৰা কল কৰোতাৰ নাম আঁতৰাই দিয়া হ’ব। অর্থাৎ, এই সেৱাৰ বাবে টেলিকম অপাৰেটৰসকলে কল কৰোতাৰ নাম পৃথকভারে সংৰক্ষণ কৰিব নোৱাৰিব। আনহাতে, বিদেশৰ পৰা অহা ফোনসমূহক আন্তঃৰাষ্ট্ৰীয় কল হিচাপে চিহ্নিত কৰা হ’ব। ব্যৱসায়িক কামত ব্যৱহৃত ম’বাইল নম্বৰৰ ক্ষেত্ৰতো সেই অনুসৰি উপযুক্ত বিকল্প নিৰ্বাচন কৰাৰ ব্যৱস্থা থাকিব।
প্ৰৱঞ্চনা ৰোধত কিমান সহায়ক হ’ব নতুন ব্যৱস্থা?
বর্তমান সময়ত অচিনাকি নম্বৰৰ পৰা অহা ফোনৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈ আহিছে। এনে পৰিস্থিতিত কল কৰোতাৰ পঞ্জীয়নভুক্ত নাম প্রদর্শিত হ’লে গ্রাহকে ফোনৰ পৰিচয় নিৰ্ণয় কৰাত কিছু পৰিমাণে সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে, ম’বাইলৰ পর্দাত প্রদর্শিত নামটোৱেই কোনো ফোনৰ বিশ্বাসযোগ্যতাৰ চূড়ান্ত প্রমাণ নহয়। সেয়েহে, গ্রাহকসকলক সতর্কতা অৱলম্বন কৰাৰ লগতে অচিনাকি ব্যক্তিৰ স’তে বেংক একাউণ্টৰ তথ্য, অ’টিপি বা অন্যান্য গোপনীয় তথ্য আদান-প্রদান নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।





























