ElectricVehicles: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভাৰতত বৈদ্যুতিক বাহন (ইভি)ৰ চাহিদা আৰু বিক্ৰী দ্রুতগতিত বৃদ্ধি পাইছে। আগষ্ট ২০২৬ত দেশত মুঠ ২,৯৮,৪৪৮ বৈদ্যুতিক বাহন বিক্ৰী হৈছিল আৰু ২০২৫ৰ আগষ্টৰ তুলনাত যোৱা আগষ্টত দেশত বৈদ্যুতিক বাহনৰ বিক্রী ৫২.৯ শতাংশ বৃদ্ধি পালে।
এই বৃদ্ধিৰ ফলত দেশৰ অট’ম’বাইল বজাৰত ইভিৰ অংশীদাৰিত্ব ১২.৩ শতাংশলৈ বৃদ্ধি পালে। এবছৰ পূৰ্বে অংশীদাৰিত্ব আছিল ৯.৫ শতাংশ।
অট’ম’বাইল ডিলাৰ সংগঠন ফাডাৰ তথ্য অনুসৰি, ভাৰতত প্ৰথমবাৰলৈ যোৱা আগষ্টত বৈদ্যুতিক বাহনৰ বিক্ৰী সৰ্বকালৰ সৰ্বাধিক হ’ল। আগষ্টত দেশৰ ১,৮৩,২০৪ বৈদ্যুতিক দুচকীয়া বাহন বিক্রী হ’ল।
আগষ্ট ২০২৫ত এই পৰিসংখ্যা আছিল ১,০৯,৬৭৩ খন। অর্থাৎ বার্ষিক হিচাপত যোৱা মাহত দেশত বৈদ্যুতিক দুচকীয়া বাহনৰ বিক্ৰী ৬৭.০৫ শতাংশ বাঢ়িল। ফলত দুচকীয়া বাহনৰ বজাৰত ইভিৰ অংশীদাৰিত্ব ১০ শতাংশৰ অধিক হ’ল।
দেশত যোৱা মাহত বিক্রী হোৱা মুঠ বৈদ্যুতিক বাহনৰ ৬০ শতাংশৰো অধিক আছিল দুচকীয়া বাহন। আগষ্টত দেশত বৈদ্যুতিক বাণিজ্যিক বাহনৰ বিক্ৰীও বৃদ্ধি পালে।
২০২৫ৰ আগষ্টত দেশত ১৬৩১খন বাণিজ্যিক বৈদ্যুতিক বাহন বিক্ৰী হৈছিল আৰু ২০২৬ৰ আগষ্টত বিক্রী তিনিগুণ বৃদ্ধিৰে ৪,৭০২ ইউনিট হ’ল।






























