RanbirKapoor : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ছবিত কেতিয়াবা যদি অতি হিংস্র প্ৰকৃতিৰ ব্যক্তি, কেতিয়াবা আকৌ পুৰুষত্তম ৰাম। অথচ সেই ৰণবীৰ কাপুৰেই আকৌ অমিতাভ বচ্চনৰ সন্মুখত বহি তেওঁৰ চকুত চকু থৈ কথা ক’ব পৰা নাই। সম্প্রতি ‘কৌন বনেগা ক্রোড়পতি’ৰ মঞ্চত উপস্থিত হৈ নিজৰ জীৱনৰ এক বিশেষ অভিজ্ঞতাৰ কথা সদৰী কৰিলে পৰ্দাৰ ৰামচন্দ্রই।
অহা পাঁচ নৱেম্বৰত মুক্তি পাবলগীয়া ছবি ‘ৰামায়ণ’ৰ প্ৰচাৰ উপলক্ষে ৰণবীৰ অমিতাভৰ অনুষ্ঠানত উপস্থিত হৈছিল। তাতেই কথাৰ মাজতে উত্থাপিত হ’ল ৰণবীৰৰ জীৱনৰ দুজন বিশেষ ব্যক্তিৰ প্ৰসংগ।
ৰণবীৰে জনায় যে জীৱনত মাত্র দুজন মানুহৰ সন্মুখত কথা পতাৰ সময়ত তেওঁ চকুত চকু ৰাখিব নোৱাৰে। এই ব্যক্তি দুজন হৈছে তেওঁৰ প্ৰয়াত পিতৃ ঋষি কাপুৰ আৰু আনজন হৈছে স্বয়ং অমিতাভ বচ্চন। অভিনেতাজনে কয়, ‘মোৰ জীৱনলৈ মাত্র দুজন মানুহ আহিছে, যাৰ লগত কথা পতাৰ সময়ত মই চকুত চকু ৰাখিব নোৱাৰো। এজন মোৰ দেউতা, আনজন আপুনি।’
ৰণবীৰৰ মুখত এই কথা শুনি অনুষ্ঠানৰ সঞ্চালক অমিতাভ বিস্মিত হৈ পৰে। তেওঁ প্ৰশ্ন কৰে, ‘কি কৈছা তুমি?’ ইয়াৰ পাছতে শৈশৱৰ এক স্মৃতিৰ ৰোমন্থন কৰে ৰণবীৰে। শৈশৱৰ পৰাই তেওঁ অমিতাভক দেখি ডাঙৰ হৈছে। শৈশৱত তেওঁ এবাৰ ‘অজুবা’ ছবিৰ চিত্ৰগ্ৰহণত উপস্থিত আছিল। সেই স্মৃতি আজিও তেওঁৰ মনত বৈ যোৱা বুলি জনায় ৰণবীৰে।






























