দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দীপাৱলীৰ লগত সংগতি ৰাখি ৫ নৱেম্বৰত বিশ্বব্যাপী মুক্তি পাব ‘ৰামায়ণ: পার্ট বান’। ৪০০০ কোটি টকাৰ বাজেটৰ এই ছবিখনে চর্চা লাভ কৰি আহিছে।
মুক্তিৰ পূর্বেও ইয়াৰ অগ্রিম টিকট বুকিং হৈছে আকর্ষণীয়, ইতিমধ্যে ৮০,০০০ৰো অধিক টিকট বিক্ৰী হৈছে, উদ্যোগ ট্ৰেকাৰ চেকনিলকৰ তথ্য অনুসৰি। ২১ অক্টোবৰৰ পুৱা ৭ বজালৈকে ভাৰতৰ ৩,৪৯২টা শ্ব’ত মুঠ ৮৩,৪১২টা টিকট বিক্রী হৈছিল।
এই অগ্রিম বুকিঙৰ পৰা আনুমানিক ৰাজহ ৪.৭৮ কোটি টকা। হিন্দী সংস্কৰণটোৱে সর্বাধিক চাহিদা লাভ কৰিছে, মুঠ এডভান্স বুকিঙৰ ৰাজহৰ প্ৰায় ৯৫। ৰণবীৰ কপুৰ, সাই পল্লৱী, আৰু যশ অভিনীত ‘ৰামায়ণ’ ছবিখনৰ অন্যতম বহু প্রত্যাশিত ছবি, ছবিপ্রেমীসকলে ইয়াৰ থিয়েটাৰত মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
ইয়াৰ মাজতে নৱেম্বৰত ইয়াৰ প্রিমিয়াৰৰ পূৰ্বে আগতীয়া বুকিঙৰ প্ৰতি অতি আশাব্যঞ্জক সঁহাৰিৰ ইংগিত দিছে। এডভান্স বুকিঙৰ ক্ষেত্ৰত দিল্লী-এনচিআৰ আগবাঢ়ি আছে, তাৰ পিছতে আছে মুম্বাই। আন্তঃৰাষ্ট্ৰীয় পর্যায়তো ছবিখনে তীব্ৰ সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে; ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, চাৰিখন আন্তঃৰাষ্ট্ৰীয় বজাৰত অগ্রিম বুকিং ইতিমধ্যে প্রায় ১৩ লাখ মার্কিন ডলাৰ হৈছেগৈ-প্রায় ১২.৩ কোটি টকা, ৮৭,০০০ৰো অধিক টিকট বিক্ৰী হৈছে।
‘BookMyShow’ৰ তথ্য অনুসৰি মুম্বাইৰ গোৰেগাঁৱৰ মিৰাজ চিনেমা হলত পুৱা ৬ বজাত ‘ৰামায়ণ: পার্ট বান’ৰ প্ৰদৰ্শনী। পৰিচালক নিতেশ তিৱাৰীৰ এই ছবিখনৰ বাবে দৰ্শকৰ মাজত উত্তেজনা ক্রমাগতভাবে বাঢ়িছে।






























