দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা তেওঁৰ বিষয়ে প্ৰচাৰিত একাধিক বিভ্ৰান্তিকৰ আৰু আপত্তিজনক বিষয়বস্তু আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল অভিনেত্ৰী তথা সাংসদ কংগনা ৰনৌত।
তেওঁৰ অভিযোগ, এনে ভিডিঅ’ বা ছবিৰ জৰিয়তে তেওঁক হেয় প্ৰতিপন্ন কৰাৰ লগতে মানহানি কৰা হৈছে। তেওঁৰ ব্যক্তিসত্তাৰ অধিকাৰো উলংঘা কৰা হৈছে বুলি অভিযোগ কৰিছে কংগনা।
বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে বিজেপি সাংসদ কংগনা ৰনৌতে। শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই অভিনেত্ৰীগৰাকীক লৈ প্ৰচাৰিত যৌন হাৰাশাস্তি সম্পৰ্কীয় ভিডিঅ’ বা পোষ্ট, ভুৱা বাতৰি আৰু AI-ৰ জৰিয়তে নিৰ্মাণ কৰা এনে কিছু কনটেণ্টক লৈ আপত্তি উত্থাপন কৰে, য’ত কংগনা ৰনৌতৰ নামত ভুৱা মন্তব্যও প্ৰচাৰ কৰা হৈছে।
ব্যক্তিসত্তাৰ অধিকাৰ ৰক্ষাৰ দাবীত আদালতৰ দ্বাৰস্থ কংগনাই প্ৰথম নহয় ব্যক্তিসত্তাৰ অধিকাৰ ৰক্ষাৰ দাবীত আদালতৰ দ্বাৰস্থ হোৱা কংগনাই প্ৰথমগৰাকী নহয়। যোৱা কেইটামান মাহত একাধিক পৰিচিত ব্যক্তিত্ব, বিশেষকৈ কেবাগৰাকীও অভিনেতাই নিজৰ ব্যক্তিসত্তা ৰক্ষা আৰু AI-ৰে নিৰ্মিত কনটেণ্ট আঁতৰোৱাৰ দাবীত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।
এই তালিকাত আছে ঐশ্বৰ্য ৰায় বচ্চন, অভিষেক বচ্চন, ছলমান খান আৰু অভিনেতা তথা অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ। ইয়াৰ উপৰি আন বহু লোকো এই তালিকাত আছে। এই প্ৰতিটো গোচৰতে উচ্চ ন্যায়ালয়ে সাময়িক সকাহ প্ৰদান কৰিছে।
‘ভাৰত ভাগ্য বিধাতা’ত শেষবাৰৰ বাবে দেখা গৈছিল কংগনাক কৰ্মক্ষেত্ৰত কংগনা ৰনৌতক শেষবাৰৰ বাবে দেখা গৈছিল ‘ভাৰত ভাগ্য বিধাতা’ ছবিত। জুন মাহত ছবিগৃহত মুক্তি লাভ কৰা ছবিখনে সমালোচকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল।

































