LiveConcert : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কনচাৰ্ট মিউজিকৰ বৰ্ধিত জনপ্ৰিয়তাৰ হেতু দুই সংগীত দিলজিৎ দোছাঞ্জ আৰু অৰিজিৎ সিঙে সম্প্রতি সমগ্র দেশত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলি ঘোষণা কৰিছে। দেশজুৰি থকা কোটি কোটি অনুৰাগীক কৌতূহলী কৰি দিলজিৎ আৰু অৰিজিতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই যাত্রা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।
সেই অনুসৰি তেওঁলোকে প্রকাশ কৰিছে তেওঁলোকৰ অনুষ্ঠানৰ টিকটৰ মূল্য। দিলজিতে প্রকাশ কৰা অনুসৰি, তেওঁৰ এনে এটা অনুষ্ঠানৰ টিকটৰ মূল্য সর্বাধিক ১৮ হেজাৰ টকা হ’ব। আনহাতে, দিলজিতৰ এনে এটা অনুষ্ঠান ১১জনীয়া দল বান্ধি উপভোগ কৰিব পাৰিব। মুম্বাইত এনে অনুষ্ঠানৰ ক্ষেত্ৰত এনে একোটা দলে ১১ লাখ ৮০ হেজাৰ টকা আদায় দিব লাগিব।
অৰিজিতে প্ৰকাশ কৰা অনুসৰি, সংগীত জগতত ২০ বছৰ পূর্তি উপলক্ষে অহা বছৰৰ জানুৱাৰীৰ পৰা তেওঁ এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্রাকালত দেশৰ নখন মহানগৰত অনুষ্ঠান পৰিৱেশন কৰিব। তেওঁ এই অনুষ্ঠানসমূহত বিপুল জনপ্রিয় ‘অগৰ তুম ছাথ হো’, ‘তুম হি হো’, ‘বিদা কৰো’ আদিও পৰিৱেশন কৰাৰ কথা। তেওঁৰ এই যাত্ৰা অহা বছৰৰ মে’লৈকে অব্যাহত থাকিব।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তেওঁৰ অনুষ্ঠান ন্যূনতম ৯৯৯ টকাকৈ উপভোগ কৰিব পাৰিব বুলিও প্রকাশ কৰিছে। অৱশ্যে মুম্বাইত এই অনুষ্ঠান উপভোগৰ বাবদ ১১.৮ লাখ টকা ব্যয় কৰিব লাগিব। তেওঁ নখন চহৰত পৰিৱেশন কৰিবলগীয়া এই অনুষ্ঠান কমেও পাঁচ লাখ লোকে উপভোগ কৰিব বুলি আশা কৰা হৈছে।
মুম্বাইক বাদ দি আন চহৰসমূহত তেওঁৰ এনে অনুষ্ঠান উপভোগৰ বাবে সাতৰ পৰা ১০ লাখ টকা পর্যন্ত ব্যয় কৰিব লাগিব। অহা ন জানুৱাৰীত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তেওঁৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তাৰ পাছতে ২৩ জানুৱাৰীত চণ্ডীগড়ত, সাত ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়পুৰত তেওঁৰ সংগীতানুষ্ঠান আছে।
দিলজিতৰ এনে অনুষ্ঠানৰ টিকটৰ মূল্য ১১ লাখ টকা পর্যন্ত হোৱাটোৱে আন এক দিশো সূচাইছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে দেশৰ বৃহৎ মহানগৰসমূহত লাখ লাখ টকা ব্যয় কৰিও কেইঘণ্টামান সংগীতানুষ্ঠান উপভোগ কৰিব পৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
এনে পৰিস্থিতিত কনচার্ট মিউজিকৰ পৰিসৰো বৃদ্ধি পাবলৈ ধৰিছে। এই কথাই আন এটা দিশো স্পষ্ট কৰে যে সংগীতক কেন্দ্ৰ কৰি এক ধনীসকলে এক নতুন পৰিৱেশ সৃষ্টি কৰিছে। দিলজিতৰ আগন্তুক এই অনুষ্ঠানসমূহৰ টিকটৰ মূল্য নির্ধাৰণ কৰাৰ দায়িত্ব লাভ কৰিছে থাম্প-এন নামৰ এক সংস্থাই।
সংস্থাটোৰ মতে, দিলজিতৰ অনুষ্ঠান আসনত বহি উপভোগৰ বাবে সাত লাখৰ পৰা ১১ লাখ টকা ব্যয় কৰিব লাগিব। এইসকল ভিআইপিক খাদ্য-পানীয় আদিও যোগান ধৰা হ’ব।
উল্লেখ্য যে যোৱা বছৰ দিলজিতে কনচার্ট মিউজিকৰ জৰিয়তে ৯৪৩ কোটি টকা আহৰণ কৰে। সেই অনুসৰি তেওঁ পুনৰ ভাৰতীয় চহৰসমূহত কনচার্ট মিউজিক প্ৰদৰ্শনৰ যোজা চলাইছে।
উল্লেখ্য যে দিলজিতে যোৱা বছৰ দেশৰ উপৰি ইউৰোপ আৰু উত্তৰ আমেৰিকাতো অনুষ্ঠান প্রদর্শন কৰে। অহা পহিলা নৱেম্বৰত তেওঁৰ এই বছৰৰ কনচাৰ্ট মিউজিক আৰম্ভ হ’ব। উক্ত দিনা দিল্লীত তেওঁৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে যদিও দিল্লী আৰক্ষীয়ে আজি পর্যন্ত তাৰ বাবে প্রয়োজনীয় অনুমতি প্রদান নকৰাত বিতৰ্কৰ সূত্রপাত ঘটিছে।






























