চৰকাৰৰ বিনামূলীয়া বন্ধ্যাকৰণ চিকিৎসাৰ সুবিধা লবলৈ গৈ মৃত্যুক সাৱতিলে দুই সন্তানৰ মাতৃয়ে
এগৰাকী মহিলাৰ মৃত্যুত কপিছে ওডালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱতী ননাইপাৰা চাহ বাগিছা। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ চৰ্চিত মহিলা বন্ধ্যাকৰণ আঁচনিৰ বিনামূলীয়া সুবিধা আদায় কৰিবলৈ গৈ কালি ( শুক্ৰবাৰে ) হেলেনা নাগ (৩২) নামৰ দুটি কনমানী শিশুৰ মাতৃ গৰাকী মৃত্যু মুখত পৰে আৰু ইয়াকে লৈ আজি শনিবাৰে সমগ্ৰ বাগান খনত উত্তাল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে শুক্ৰবাৰে অসম চৰকাৰৰ একাংশ চিকিৎসকে বাগান কৰ্তৃপক্ষৰ অনুমতি লৈ কোনো ধৰনৰ উন্নত সা সজুলী অৱিহনই মহিলা বন্ধ্যাকৰণ আঁচনি গ্ৰহণ কৰে আৰু এনে অৱস্থাতে হেলেনা নাগ মহিলা গৰাকী কৰুন ভাৱে মৃত্যুক সাৱতি লয় বুলি অভিযোগ উত্থাপিত হৈছে । আজি এই ঘটনাক কেন্দ্ৰ কৰি বাগান খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।। আজি পুৱা ক্ষোভিত শ্ৰমিক সকলে মৃত হেলেনা নাগৰ শৱদেহ লৈ বাগানৰ চিকিৎসালয়ৰ সন্মুখত ন্যায় বিচাৰি পৰিস্থিতি উত্তাল কৰি তোলে। ক্ষোভিত শ্ৰমিক সকলৰ অভিযোগ, উন্নত সা সজুলী নোহোৱা সত্বেও কিয় বাগান কৰ্তৃপক্ষই চিকিৎসা কেম্প অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল ? ইতিপূৰ্বে এনেকুৱা বিনামূলীয়া চিকিৎসা শিৱিৰত আগতেও বহু কেইগৰাকী মহিলাৰ মৃত্যু ঘটিছিল বুলি জানিব পৰা গৈছে ।আনহাতে ৰাজ্য সভাৰ সাংসদ শান্তিয়াজ কুজুৰেও ঘটনাস্থলিত উপস্থিত হৈ ঘটনাৰ লগত জড়িত ডাক্তৰ, নাৰ্চৰ উপযুক্ত শাস্তি বিচাৰিছে।






























