NirmalPurja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰ জনপ্রিয়তম পর্বতাৰোহীসকলৰ ভিতৰত অন্যতম নিৰ্মল পূর্জা। ২০১৯ত মাত্র ছমাহ ছয় দিনত পৃথিৱীৰ প্ৰতিটো (১৪টা) আঠ হেজাৰ মিটাৰৰ অধিক উচ্চতাৰ শৃংগ জয় কৰি বিশ্ব অভিলেখ গঢ়িছিল তেওঁ।
সাধাৰণতে আঠ হেজাৰ মিটাৰৰ ওপৰৰ অঞ্চলক ‘ডেথ জোন’ বুলি কোৱা হয়, কাৰণ কৃত্রিম অক্সিজেন অবিহনে ইয়াত বাচি থকাটো প্রায় অসম্ভব। অথচ পূর্জাই তেওঁৰ জীৱন কালত ২৯ বাৰ কোনো ধৰণৰ অতিৰিক্ত অক্সিজেন চিলিণ্ডাৰ অবিহনেই এনে উচ্চতাৰ শৃংগসমূহ জয় কৰিছিল।
তেওঁৰ এই অবিশ্বাস্য পর্বত অভিযানৰ কাহিনীক লৈ নির্মাণ হৈছিল তথ্যচিত্র ‘ফৰটিন পিকছ: নাথিং ইজ ইম্প’ছিবল’। মুক্তিৰ পাছত এই তথ্যচিত্রখনে ব্যাপক জনপ্রিয়তা অর্জন কৰিছিল।
তদুপৰি ২০২১ত পূর্জা আৰু তেওঁৰ দলে ইতিহাসৰ প্ৰথম পৰ্বতাৰোহী দলৰূপে প্ৰৱল শীতৰ মাজতো বিশ্বৰ দ্বিতীয় সর্বোচ্চ তথা সবাতোকৈ বিপজ্জনক পৰ্বত ‘কে-টু’ জয় কৰিছিল। পৰ্বতৰ চূড়াত উপস্থিত হৈ দলটোৱে একেলগে নেপালৰ জাতীয় সংগীত গাইছিল।
দুর্ভাগ্যজনকভাবে যোৱা জুলাইত পাকিস্তানৰ ব্ৰড পিকত এক ভয়াৱহ তুষাৰ ধুমুহাৰ কবলত পৰি এই কিংবদন্তি নেপালী-ব্রিটিছ পৰ্বতাৰোহীজনৰ মৃত্যু হয়। সেই সময়ত তেওঁৰ বয়স আছিল মাত্র ৪৩ বছৰ।
এইবাৰ তেওঁৰ নাম যুক্ত হ’ল হিমালয়ৰ উদ্ভিদ বৈচিত্র্যৰ গৱেষণাৰ স’তে। নিৰ্মল ‘নিমছ’পূৰ্জাৰ প্ৰতি সম্মান জ্ঞাপন কৰিবলৈ হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলত আৱিষ্কৃত সাম্প্রতিকতম উদ্ভিদ প্রজাতিটোৰ নামকৰণ তেওঁৰ নামত কৰা হৈছে।
নেপালৰ মিয়াগদি অঞ্চলত প্রায় ২,৯০০ মিটাৰ উচ্চতাত আৱিষ্কৃত হৈছে এই নতুন উদ্ভিদ। প্ৰজাতিটোৰ বিজ্ঞানসম্মত নাম ৰখা হৈছে ‘ইমপেটিয়েনছ নিমছপূর্জাই’। বৈশিষ্ট্য বিশ্লেষণ কৰি বিজ্ঞানীসকলে ইয়াক এবিধ স্বতন্ত্র প্রজাতিৰূপে চিহ্নিত কৰিছে। এই উদ্ভিদৰ আৱিষ্কাৰে প্ৰমাণ কৰিলে যে হিমালয়ৰ দুৰ্গম অঞ্চল এতিয়াও অনেক বৈচিত্র্যৰে ভৰপূৰ।
এনে এক আৱিষ্কাৰৰ ফলত মিয়াগদি অঞ্চলৰ নাম নতুনকৈ চর্চালৈ আহিছে। অনুমান কৰা হৈছে যে এই আৱিষ্কাৰে অঞ্চলটোৰ পৰ্যটনতো নতুন গতি প্ৰদান কৰিব। সাধাৰণতে নেপাল বুলি ক’লেই পাহাৰপ্ৰেমীসকলে কেৱল এভাৰেষ্টগামী ট্রেকিং ৰুটৰ কথা ভাবে। তেওঁলোকৰ ক্ষেত্ৰত মিয়াগদিও এক অভিনৱ গন্তব্য হ’ব পাৰে।































