ইয়াত কোন থাকিব, মোদীয়ে থিক কৰিব নোৱাৰে
পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ ৰূপায়ণ তথা উন্নীতকৰণ হ’বলৈ নিদিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে পশ্চিমবংগতো এন আৰ চি উন্নীতকৰণ কৰি অনুপ্ৰৱেশকাৰীক বহিস্কাৰ কৰিব বুলি হুংকাৰ দি থকা সময়তে মমতাই এনে মন্তব্য কৰিছে । আজি কোচবিহাৰত এখন নিৰ্ব্বাচনী সমাবেশত ভাষণ দি তৃণমূল কংগ্ৰেছৰো মুৰব্বী মমতাই প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয়, ‘ কোন এই দেশত থাকিব আৰু কোনে এই দেশ ত্যাগ কৰিব, সেই কথা ঠিক কৰিবলৈ মোদী কোনো নহয়।’ এন আৰ চিক নিৰ্ব্বাচনী চমক বুলিও আজি মমতাই আখ্যা দিয়ে। আনহাতে, বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আজি মমতাই কয় যে এই বিধেয়কে জনসাধাৰণৰ মাজত অসহজতাৰ সৃষ্টি কৰিলে। পশ্চিমবংগৰ ছয় দশকজোৰা সীমান্ত সমস্যা তৃণমূলেহে সমাধান কৰিলে বুলি দাবী কৰি মমতাই কয় যে মোদী চৰকাৰে এই সমস্যা সমাধান কৰা নাই।





























