কাজলগাঁও,১৬ অক্টোবৰ : চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ বিস্ফোৰক সহ সজিৱ গুলি উদ্ধাৰ হয়। জিলাখনৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কয়লাময়লাত সেনা-আৰক্ষীয়ে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই শুকান টাক্লাই অঞ্চলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সন্ধেহ কৰা হৈছে নিষিদ্ধ উগ্ৰপন্থী সংগঠন এন ডি এফ বি (ছা)ৰ আছিল পুতি থোৱা এই সমুহ মাৰনাস্ত্ৰ । আজি দিনৰ ১০ বজাৰ পৰা সেনা-আৰক্ষীৰ দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল পুতিথোৱা মাৰনাসত্ৰৰ সন্ধানত । তাৰ পিচত সীমান্তৰ মাউৰীয়া অঞ্চলৰ লগতে কেবাঠাইতো গাত কৰি অভিযান চলোৱাৰ পিচত এঠাইত প্লাষ্টিকেৰে মেৰিয়াই পুতি থোৱা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হয় । পিচত উক্ত সামগ্ৰীখিনি ভালদৰে পৰিক্ষা কৰাত ৭.৬২ একে চিৰিজৰ সজিৱ গুলি ১০১ টা, ৫.৫৬ সজিৱ গুলি ৮ টা,৭.৬২ স্নিপাৰ সজিৱ গুলি ৩ টা,গুলিৰ খালি বাকলি ২ টা, ক্ৰুড বোমা ২ টা, চাইনিজ গ্ৰেনেড ১ টা,৩৬ৰ গ্ৰেনেড এটা, তাৰৰ সৈতে বৈদ্যুতিক ডিটনেটৰ ১০ টা উদ্ধাৰ হয় । চিৰাং জিলাত শেষতীয়াকৈ সেনা-আৰক্ষীৰ যৌথ অভিযানত বৃহৎ সফলতা লাভ কৰিছে । কিছুদিন পুৰ্ব্বেও পানবাৰীৰ বনাঞ্চলৰ পৰা বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে মাৰনাস্ত্ৰ সহ কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।





























