মাৰাত্মক কৰ’না ভাইৰাছক লৈ নতুনকৈ আশংকাৰ বতৰা দিছে চীনৰ বিশেষজ্ঞই ৷ এবাৰ সংক্ৰমণ ঘটাইয়েই ক্ষান্ত হোৱা নাই ক’ভিড ১৯ ৷ চৰিত্ৰ সলনি কৰি ই পুনৰ সুস্থ হৈ উঠা আক্ৰান্ত লোকৰ শৰীৰলৈ উভতি আহিছে ৷ আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী অনুসৰি চীনৰ য়ুহানৰ সুস্থ হোৱা লোকৰ ভিতৰত তিনিৰ পৰা ১০ শতাংশৰ শৰীৰত নতুনকৈ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে ।
অধিকাংশ ক্ষেত্ৰতে ভাইৰাছে এবাৰ সংক্ৰমণ ঘটালে শৰীৰত তাৰ এন্টিব’ডি অৰ্থাৎ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয় ৷দ্বিতীয়বাৰ একেটা ভাইৰাছে সংক্ৰমণ ঘটাব নোৱাৰে আৰু তেনে হলেও মানুহে প্ৰতিৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত কৰ’না ভাইৰাছৰ চৰিত্ৰ একে হয় নহয় তাকে লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিজ্ঞানীসকলে গৱেষণা কৰি থকাৰ মাজতে য়ুহানৰ টুংজি হাস্পতালৰ চিকিৎসালয়সকলে দাবী কৰে যে সুস্থ হোৱাৰ পাছতো কেইবাজনৰো শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰমাণ তেওঁলোকে পাইছে ৷ এই হাস্পতালত চিকিৎসকসকলে প্ৰথমবাৰৰ বাবে ক’ভিড-১৯ ভাইৰাছৰ চিনাক্ত কৰিছিল ।
চিকিৎসকসকলে কয় যে তেওঁলোকে মুঠ ১৪৩ জন ৰোগীৰ ওপৰত পৰীক্ষা কৰিছিল। ইয়াৰ সকলোৱে সুস্থ হৈ ঘৰলৈ উভতিছে ৷ইয়াৰ মাজতে পাঁচজন লোকৰ শৰীৰত নতুনকৈ কৰ’নাৰ লক্ষণে দেখা দিছে ।তেওঁলোকৰ দেহত কৰ’নাৰ সকলো লক্ষণ পৰিলক্ষিত হোৱা নাই যদিও ভাইৰাছৰ অস্তিত্বৰ উমান পাইছে ৷যিসকল নতুনকৈ ভাইৰাছত আক্ৰান্ত হ’ল তেওঁলোকৰ পৰা অন্যৰ দেহত বিয়পিছে নে নাই ইয়াক লৈ চিকিৎসকসকল নিশ্চিত নহয়। চিন্তনীয় এয়ে যে য়ুহানৰ প্ৰায় সকলোবোৰ হাস্পতালতে সুস্থ হোৱাৰ পাছতো পাঁচৰ পৰা ১০ শতাংশ মানুহ সংক্ৰমিত হৈছে ৷






























