ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা | কালি পুনৰ আঠজন আৰু আজি এজন লোকৰ শৰীৰত ক’ভিড-১৯ ভাইৰাছ চিনাক্ত হোৱাৰ পাছত ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পালে বুলি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে | কালি সংক্ৰমণ নিশ্চিত হোৱা আঠজনৰ লোকৰ তিনিজন নলবাৰীৰ, এজনকৈ ক্ৰমে গুৱাহাটী মহানগৰী,কামৰূপ,মৰিগাঁও,গোলাঘাট,দক্ষিণ শালমাৰা জিলাৰ আৰু আজি নিশ্চিত হোৱা লোকজন লক্ষীমপুৰ জিলাৰ | লক্ষ্যণীয় যে কৰ’নাত আক্ৰান্ত এই ২৫ গৰাকী লোকৰ ২৪ গৰাকীয়েই দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হৈ যোৱা তবলিগি জামাতত অংশগ্ৰহণকাৰী | কেৱল আক্ৰান্ত হোৱা এজন ব্যক্তি অৰ্থাৎ গুৱাহাটী মহানগৰীৰ চিৰিয়াখানা পথৰ এটি বিলাসী এপাৰ্টমেণ্টৰ বাসিন্দজনহে জামাতত উপস্থিত নাছিল | আনহাতে ৰোগ চিনাক্ত হোৱা নলবাৰীৰ তিনিজন আক্ৰান্তৰে ঘৰ উত্তৰ প্ৰদেশত | এই তিনিজন ব্যক্তিয়ে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত অংশ লৈ তাৰ পৰা পোনে পোনে আহি যোৱা ২২ মাৰ্চত নলবাৰীত উপস্থিত হৈছিল |