বিপদত পৰা সন্তানক ৰক্ষা কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰে মাতৃয়ে । এনে ক্ষেত্ৰত জন্তু আৰু মানুহৰ মাজত বিশেষ পাৰ্থক্য নাই । তুৰস্কৰ ঐতিহাসিকভাৱে প্ৰসিদ্ধ চহৰ ইষ্টানবুলত পুনৰ এবাৰ প্ৰমাণ পোৱা গ’ল এই কথাৰ । ভয়-শংকা সকলো একাষৰীয়া কৰি এজনী মেকুৰীয়ে অসুস্থ সন্তানক কান্ধত কামুৰি লৈ উপস্থিত হ’ল ইষ্টানবুলৰ এখন হাস্পতালত । পোৱালিটোক মাতৃ মেকুৰীজনীয়ে কান্ধত কামুৰি লৈ হাস্পতালত উপস্থিত হোৱাৰ ঘটনাটো ছবি সহকাৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱাৰ পাছতে হতবাক হৈ পৰিছে বহুজন । ইষ্টানবুলৰ বাসিন্দা মাৰ্ভে ইজকানৰ মুখতো প্ৰকাশ পাইছে একেটি কথা ।
ইজকানে এই সন্দৰ্ভত টুইটাৰ যোগে মন্তব্য কৰাৰ লগতে এখন ছবি শ্বেয়াৰ কৰিছে । ইজকানে টুইটটোত কয়, ‘আমি হাস্পতালৰ জৰুৰী বিভাগত সেই সময়ত ব্যস্ত হৈ আছিলো । চকামকাকৈ আমি দেখিবলৈ পাওঁ এজনী মেকুৰীয়ে আন এটি মেকুৰী পোৱালিক কান্ধত কামুৰি লৈ আমাৰ হাস্পতালৰ দিশে আহিছে । সমগ্ৰ ঘটনাটো বুজিব পাৰি উপস্থিত চিকিৎসকে অসুস্থ মেকুৰী পোৱালিটোৰ সুশ্ৰূষাত ব্যস্ত হৈ পৰে । চিকিৎসকসকলে মেকুৰী পোৱালিটোক চিকিৎসা কৰি থকাৰ সময়ত মাতৃ মেকুৰী জনীয়ে সমগ্ৰ এই কাৰ্য ওচৰতে থাকি পৰ্যবেক্ষণ কৰি আছিল। ‘
মেকুৰী পোৱালিটোক চোৱা-চিতা কৰা সময়ত মাতৃ মেকুৰী জনীক চিকিৎসকে খাদ্যকে ধৰি গাখীৰ খাবলৈ দিয়ে । পাছত মাতৃ আৰু পোৱালি দুয়োটি মেকুৰিকে পশু চিকিৎসকৰ ওচৰলৈ প্ৰেৰণ কৰা হয় । টুইটাৰত এই ছবি খন প’ষ্ট হোৱাৰ পাছত এই পৰ্যন্ত ইয়াক চাৰি হেজাৰ চাৰিশবাৰ পুনৰ টুইট কৰা হৈছে । ছবিখন পছন্দ কৰা সকলৰ ভিতৰত আছে ৮২ হেজাৰ লোক । ইয়াৰ পাছতে এজনে টুইট কৰি মন্তব্য কৰিছে যে মেকুৰীয়েও জানে ক’লৈ গ’লে বিপদৰ সময়ত সহায় লাভ কৰিব পাৰি । সঁচাকৈয়ে ছবিখনে মানুহৰ মন-মগজু চুই যাব পৰিছে । মাতৃ আৰু সন্তানৰ মৰম সঁচাকৈয়ে অনন্য।