১৫ ৰ পৰা ২৫ জুলাইৰ সন্ধিয়া সাত বজালৈ শিক্ষাৰ্থীসকলে কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ কাৰণে আবেদন কৰিব পাৰিব। বিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে এই কথা প্ৰকাশ কৰে। www.cottonuniversity.ac.in ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে ১৫ জুলাইৰ পৰা আৱেদন কৰিব পাৰিব ৷
ADVERTISEMENT
ৰাজ্যত কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অন্যান্য বিশ্ববিদ্যালয়ৰ সমান্তৰালভাৱে কটন বিশ্ববিদ্যালয়েও ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অনলাইন আবেদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অনলাইন আবেদন কৰা শিক্ষাৰ্থীসকলে কোনো মাচুল দিব নালাগে ৷

































