ভাৰতীয় চলচ্চিত্ৰৰ মহিলা পৰিচালকৰ কথা কবলৈ গলে খুব সহজতে মনলৈ আহে মিৰা নায়ৰ,জয়া আখতৰ,দীপা মেহৰা,অপৰ্ণা সেন কিম্বা ফাৰহা খান ।কিন্তু দেশবাসীয়ে পাহৰি গৈছে বহু পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ মহিলা পৰিচালক হিচাপে পৰিগণিত হোৱা ফাতিমা বেগমৰ কথা ।নিজৰ নাম ইতিহাসত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে যদিও তেওঁক চিনি পোৱা লোকৰ সংখ্যা আঙুলি মুৰতে গণিব পৰা যাব ।তেওঁ আছিল সিদি ইব্ৰাহিম মহম্মদ ইয়াকুত খানৰ তৃতীয় পত্নী । কিন্তু তেওঁৰ নাম পোৱা নাযায় নবাবৰৰ পৰিয়ালৰ সদস্যৰ তালিকাত । ফাতিমাৰ তিনি জিয়ৰী জুবেইদা চুলতানা আৰু চেহেজাদি । তিনি জীয়ৰীক নবাবে নিজৰ জীয়ৰী বুলি ক’তো উল্লেখ কৰা হোৱা নাই । ভাৰতৰ কোন ঠাইত তেওঁৰ জন্ম সেই তথ্যও পোৱা নাযায় ক’তো।

১৮৯১ ত ভাৰতৰ এটা মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰে ফাতিমা বেগমে ।মুছলিম সম্ভ্ৰান্ত পৰিয়ালৰ পৰা অহা ফাতিমাই ভাৰতীয় চলচ্চিত্ৰ জগতত বিশেষ অৱদান আগবঢ়াইছিল । কেমেৰা সন্মুখত থিয় হবলৈ শংকাবোধ কৰা সকলক উৎসাহিত কৰিলে। সেইসময়ত ভাৰতীয় চলচ্চিত্ৰ কেৱল পুৰুষ সকলেই স্থান দখল কৰি আছিল । মহিলাৰ বেষত পুৰুষসকলে কৰিছিল চলচ্চিত্ৰত অভিনয়।চলচ্চিত্ৰত প্ৰৱেশ নিষিদ্ধ আছিল মহিলাসকলৰ । যি সকল মহিলাই অভিনয় কৰিছিল তেওঁলোকক ভাল দৃষ্টি ভঙ্গীৰে চোৱা হোৱা নাছিল ।মাত্ৰ চাৰি বছৰৰ চলচ্চিত্ৰ কেৰিয়াৰত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰ নায়িকাৰ পৰা চলচ্চিত্ৰ পৰিচালনা কৰিব লোৱাৰ লগতে চলচ্চিত্ৰত অভিনয়ো কৰিছিল তেওঁ । ফাতিমা বেগমে ১৯২২ ত প্ৰথম চলচ্চিত্ৰত অভিনয় কৰিছিল।বেগমৰ প্ৰথমখন অভিনয় কৰা চলচ্চিত্ৰৰ নাম আছিল’বীৰ অভিমন্যু ।১৯৮৩ ত ৯১ বছৰ বয়সত তেওঁৰ দেহাবসান ঘটে ।





























