এজন লােকৰ মৃত্যু হলে তেওঁ শান্তিৰে বিশ্রাম লওক বুলি সকলােৱে কয়। অথচ শান্তিত চিৰনিদ্ৰাত মগ্ন হ’ব নােৱাৰিব ফুটবলৰ ৰাজপুত্র ডিয়েগ’ মাৰাডােনা। আর্জেন্টিনাৰ বিশ্বকাপ জয়ী অধিনায়কজনৰ মৃত্যুৰ পাছতে আৰম্ভ হৈছে তেওঁৰ বিশাল সম্পত্তিৰ দাবীদাৰৰ যুঁজ। সেইদৰে বৃদ্ধি পাইছে মাৰাডােনাক নিজৰ পিতৃ বুলি দাবী কৰা লােকৰ সংখ্যাও। কিংবদন্তি ফুটবলাৰজনৰ সন্তানৰ প্রকৃত সংখ্যাক লৈ এতিয়া তেওঁৰ আইনজীৱীও অনিশ্চয়তাৰ সন্মুখীন হৈছে।
পৰিস্থিতি এনে হৈছেগৈ যে যিকোনাে মুহূর্ততে কবৰ খান্দি মাৰাডােনাৰ মৃতদেহ উলিয়াবলগীয়া অৱস্থাৰাে সৃষ্টি হ’ব পাৰে। মাৰাডােনাৰ বিপুল সম্পত্তিৰ অংশ বিচৰা দাবীদাৰৰ আইনজীৱীসকলে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে। বুয়েনছ আয়াছৰ আদালতত জমা পৰিছে বহু আবেদন। আইনজীৱীসকলে আদালতত দাবী কৰিছে যে প্রয়ােজন হলে মাৰাডােনাৰ কবৰ খন্দা হওক।প্রাথমিকভাৱে মাৰাডােনাৰ সম্পত্তিৰ পৰিমাণ একৰ পৰা চাৰি কোটি ডলাৰ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
এই বিপুল সম্পত্তিৰ অধিকাৰৰ দাবীত কিংবদন্তি ফুটবলাৰজনৰ প্ৰাক্তন পত্নী-বান্ধৱী, সন্তান, আত্মীয়ৰ উপৰি একাংশ সাংবাদিক, ফটোগ্রাফাৰ, ব্যৱসায়ী, সুদখােৰ মহাজনেও আইনী পথ গ্রহণ কৰিছে। এই কথা সদৰী কৰিছে মাৰাডােনাৰ দীর্ঘকালৰ আইনজীৱী মাটিয়াছ মৰিয়াই। যােৱা ২৫ নৱেম্বৰত মাৰাডােনাৰ মৃত্যু হােৱাৰ পাছতে বিভিন্নজনে তেওঁৰ সম্পত্তিৰ দাবী আৰম্ভ কৰে। সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত প্রধান সমস্যাটো হৈছে, মাৰাডােনাই তেওঁৰ সম্পত্তিৰ কোনাে ইচ্ছাপত্র প্রস্তুত কৰি থৈ নগ’ল।
আইনজীৱী মৰিয়াই জনােৱা মতে, জীৱনৰ শেষ সময়ত মাৰাড়ােনাই যথেষ্ট একাকীত্বত ভুগিছিল আৰু নিজৰ সন্তানক বঞ্চিত কৰি সকলাে ধন-সম্পত্তি দান কৰি যােৱাৰ ভাবুকি দিছিল। অৱশ্যে তেওঁ সেয়া কৰিবলৈ নাপালে। আর্জেন্টিনাৰ আইন অনুসৰি, এজন লােকে নিজৰ ইচ্ছাপত্ৰত নিজৰ সম্পত্তিৰ এক-তৃতীয়াংশ পত্নী-সন্তানৰ বাহিৰে ইচ্ছামতে আনক ভাগ কৰি দিব পাৰে। কিন্তু দুই-তৃতীয়াংশ নিজৰ পত্নী-সন্তানৰ বাবে ৰাখিবই লাগিব।
কিন্তু মাৰাডােনাৰ ইচ্ছাপত্র নথকাৰ বাবে সম্পত্তিৰ যুঁজখন কঠিন হ’ব বুলিয়ে মৰিয়াই মন্তব্য কৰিছে। উল্লেখ্য যে নিজক মাৰাডােনাৰ সন্তান বুলি দাবী কৰা অস্বীকৃত সন্তানসকলৰ বিষয়টোও যদি আদালতত উঠে, তেন্তে ডিএনএ পৰীক্ষাৰ প্রয়ােজন হ’ব। ইয়াৰ বাবেই মাৰাডােনাৰ কবৰ খান্দি তেওঁৰ ডিএনএ সংগ্ৰহ কৰাৰ দাবী ইতিমধ্যেই উত্থাপিত হৈছে। মাৰাডােনাৰ আইনজীৱীয়ে এই প্রসংগত কয় যে দাবীদাৰৰ তালিকাখন আৰু দীঘল হ’লেও আচৰিত হ’বলগীয়া নাই।
মাৰাডােনাৰ সম্পত্তিৰ সঠিক হিচাপ এই পর্যন্ত ওলােৱা নাই। অৱশ্যে ফ’বছ পত্রিকাই এই পৰিমাণ একৰ পৰা চাৰি কোটি ডলাৰ হ’ব বুলি জনাইছে। ইয়াৰ ভিতৰত আছে। মাটি, বাসগৃহ, বিলাসী গাড়ী, গহনা আদি। মাৰাডােনাই যিবােৰ দেশত খেলিছিল বা প্রশিক্ষণ দিছিল আৰু আন কোনাে প্রকাৰে যুক্ত আছিল, সেই আর্জেন্টিনা, স্পেইন, ইটালী, সংযুক্ত আৰব আমিাহি, চীন, বেলাৰুছ, মেক্সিকো আদিত তেওঁৰ বিশাল সম্পত্তি বিয়পি থকাৰ ধাৰণা কৰা হৈছে।
উল্লেখ্য যে দীর্ঘদিন ধৰি মাৰাডােনাই দুগৰাকী কন্যা সন্তান থকা বুলিহে দাবী কৰি আহিছিল। তেওঁলােক হৈছে মাৰাডােনাৰ প্ৰাক্তন পত্নী ক্লদিয়া ভিলাফেনৰ দুই কন্যা ডালমা (৩৩) আৰু জিয়ান্নিনা (৩১)। পৰৱর্তী সময়ত মাৰাডােনাই দুই পুত্র আৰু আন এগৰাকী কন্যাক স্বীকৃতি দিয়ে। ‘৮০ৰ দশকত মাৰাডােনাই ইটালীত খেলি থকাৰ সময়ত ক্রিষ্টিয়ানা ছিংগাৰা নামৰ এগৰাকী যুৱতীৰে হােৱাৰ সম্পৰ্কৰ ফলত জন্ম হৈছিল ডিয়েগ’ ছিংগাৰা (৩৪)।
এই পুত্রও এজন ফুটবলাৰ। সেইদৰে ‘৯০ দশকত প্রাক্তন বান্ধৱী ভালেৰিয়া ছাবালাইনে জন্ম দিয়ে মাৰাডােনাৰ তৃতীয় কন্যা জানা (২৫)ক। আনহাতে,প্রায় এটা দশক ধৰি মাৰাডােনাৰ স’তে থকা প্রাক্তন বান্ধৱী ভেৰােনিকা অ’য়েডাৰ গৰ্ভত জন্ম হয় জুনিয়ৰ ডিয়েগ’ (৭)ৰ। উল্লেখ্য যে ২০০০ৰ পৰা ২০০৫ পর্যন্ত মাৰাডােনাই শৰীৰৰ মেদ দূৰ কৰা আৰু নিচাসক্তি দূৰীকৰণৰ বাবে কিউবাত আছিল। সেই সময়তে তেওঁ একাধিক মহিলাৰ দ্বাৰা তিনি সন্তানৰ পিতৃ হােৱা বুলি ঘনিষ্ঠ মহলত জনাইছিল যদিও কেতিয়াও ৰাজহুৱা স্বীকৃতি দিয়া নাছিল।
কিন্তু সম্প্রতি কিউবাত মাৰাডােনাৰ চাৰি সন্তান থকাৰ দাবী উঠিছে। এড’নেই ফুট’ নামৰ মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ যমজ সন্তান জোৱানা আৰু লুৰ পিতৃ হৈছে মাৰাডােনা। আনহাতে, আন দুই মহিলাৰ সন্তান জেভেইলিট’ আৰু হেল্ডৰ পিতৃও মাড়ােনা বুলি দাবী কৰি অহা হৈছে। সেইদৰে আর্জেন্টিনাৰ ছান্টিয়াগ’ লাৰা (১৯) নামৰ কিশােৰজনৰ লগতে ইটালীৰ যুৱতী মাগালি গিলেও নিজকে মাৰাডােনাৰ সন্তান বুলি দাবী কৰি আদালতৰ দ্বাৰস্থ হৈছে।
তেওঁলােকে আনকি ডিএনএ পৰীক্ষাৰাে দাবী তুলিছে।ইপিনে, বুয়েনছ আয়াছৰ আদালতৰ এক সূত্রই জনাইছে যে দাখিল হােৱা আবেদনপত্ৰৰ ভিত্তিতে মাৰাডােনাৰ দ্বাদশ সন্তান থকাৰাে ইংগিত পােৱা গৈছে। আনকি সন্তানৰ তালিকা আৰু দীঘল হ’ব পাৰে বুলিও সূত্রই কয়। ইয়াৰ উপৰি মাৰাডােনাৰ প্ৰাক্তন পত্নী, প্রাক্তন বান্ধৱী আৰু কিন্তি ফুটবলাৰজনৰ পাঁচ ভগ্নীৰ চাৰিগৰাকীয়েও সম্পত্তিৰ দাবী কৰি আদালতৰ দ্বাৰস্থ হৈছে।