বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ ক’ভিড আক্ৰান্ত । আজি পুৱাই এই বিষয়ত টুইট কৰি জনায় অক্ষয়ে । সম্প্ৰতি তেওঁ কুৱাৰেণ্টাইনত আছে । প্ৰয়োজনীয় চিকিৎসাও গ্ৰহণ কৰিছে বুলিও জনায় তেওঁ ।
তেওঁ টুইটত লিখে, সকলোকে অৱগত কৰিব বিচাৰিছো যে, আজি পুৱাই মই ক’ভিড পজিটিভ হৈছো । সকলো ক’ভিড বিধি অনুসৰণ কৰি নিজকে পৃথক কৰি ৰাখিছো । সম্প্ৰতি কুৱাৰেণ্টাইনত আছো । চিকিৎসা চলি আছে ।
https://twitter.com/akshaykumar/status/1378554562638798852?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1378554562638798852%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fentertainment%2Fakshay-kumar-tested-covid-positive-dgtl%2Fcid%2F1274138
তেওঁ লগতে লিখে, ‘যিসকলে মোৰ সংস্পৰ্শত আহিছিল তেওঁলোকে নিজৰ ক’ভিড পৰীক্ষণ কৰোৱা উচিত । নিজৰ স্বাস্থ্যৰ যতন লওক ।’ অতি শীঘ্ৰে কামত যোগ দিব বুলিও জনায় তেওঁ । ‘ৰামসেতু’ চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে অযুধ্যাত আছিল অক্ষয় ।






























