কৰ’না আক্ৰান্ত জনপ্ৰিয় অভিনেতা অৰ্জুন ৰাম্পাল । সামাজিক মাধ্যমত এই বিষয়ে তেওঁ নিজেই জনায় । সম্প্ৰতি অৰ্জুন নিজ গৃহতে কুৱাৰেণ্টাইনত আছে । সকলো সাৱধানতা অৱলম্বন কৰিছে ।
ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতো কোনো উপসৰ্গ নাই অভিনেতাজনৰ । তেওঁ ইনষ্টাগ্ৰামত প’ষ্ট কৰে, ‘মই কৰ’না পজিটিভ । কোনো উপসৰ্গ নাথাকিলেও মই নিজকে সকলোৰে পৰা দূৰত ৰাখিছো আৰু কুৱাৰেণ্টাইনত আছো । প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ সহায় লৈছো । প্ৰয়োজনীয় সকলো নিয়ম মানি চলিছো । যিসকলে বিগত ১০ দিনত মোৰ সংস্পৰ্শত আহিছে তেওঁলোকে নিজৰ যত্ন লওক আৰু সাৱধানতা অৱলম্বন কৰক । এই সময়খিনি অতি ভয়ংকৰ । আমি এই সংক্ষিপ্ত সময়ৰ বাবে সাৱধান হ’লে, দীৰ্ঘকালীন লাভৱান্বিত হ’ম । আমি কৰ’নাক পৰাজয় কৰিব পাৰো আৰু কৰিমে ।’
https://www.instagram.com/p/CNxgxjWlEyW/?utm_source=ig_embed
অৰ্জুনক দেখা গৈছিল বিগত জানুৱাৰীত ‘নেইল পলিছ’ চলচ্চিত্ৰত । ইতিমধ্যে অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত ‘দ্য ৰেপিষ্ট’ ছবিৰ শ্বুটিং সম্পন্ন কৰিছে অৰ্জুনে । কংগণা ৰণৌটৰ ধাকড় ছবিটো দেখা যাব তেওঁক ।
মহাৰাষ্ট্ৰত ক্ৰমশঃ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা । বলীউডটো ইয়াৰ প্ৰভাৱ পৰিছে । সম্প্ৰতি কেটৰিনা কেইফ, বিকি কৌশল, আলিয়া ভট্ট, আমিৰ খান, অক্ষয় কুমাৰ, ভূমি পেডনেকৰো কৰ’নাত আক্ৰান্ত হৈছে ।





























