ক’ভিড-১৯ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবৰ নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ বিশেষকৈ সকলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷
আইন অমান্য কৰা সকলক জৰিমনা বিহাৰ ঘোষনাও কৰিছে ৷ চৰকাৰৰ নিৰ্দেশনা পালন কৰিবলৈ গোসাইগাঁও গুৰুফেলা আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে ৷ গুৰুফেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগৰাজ ছেত্ৰীয়ে ক’ভিড ১৯ ৰ চৰকাৰী নিৰ্দেশনাক মাইক যোগে প্ৰচাৰ কৰাৰ লগতে প্ৰাথমিক ভাবে ৰাইজক বিনামূলীয়াকৈ মাস্ক বিতৰন কৰিছে ৷
আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে ৰাইজক বিভিন্ন দিহা-পৰামৰ্শও দিছে ৷ আৰক্ষী বিষয়াজন সকলোকে মাস্ক পৰিধান কৰি সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় অন্যথা জৰিমনা বিহাৰ সকিয়নী দিয়ে ৷আৰক্ষী বিষয়া অংগৰাজ ছেত্ৰী এনে পদক্ষেপক সকলোৱে শলাগ লৈছে ।





























