বি-টাউনত কৰ’না সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। এইবাৰ কৰ’নাত আক্রান্ত অভিনেতা সুমিত ভ্যাছ।অভিনেতাকগৰাকীয়ে ‘পাৰমানেন্ট ৰুমমেট’ নামৰ এটা ৱেব ছিৰিজত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল।
অভিনেতাজনে নিজেই জনাইছিল যে তেওঁ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।
সুমিতে নিজৰ ইনষ্টাগ্ৰামত একাউন্টত লিখিছে, “হেলো, বন্ধুসকল,মোৰ ক’ভিড-১৯ টেষ্ট পৰীক্ষাৰ প্ৰতিবেদন ইতিবাচক হৈছে। মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰি আছোঁ আৰু নিজকে ঘৰত কোৱাৰেন্টাইন কৰি ৰাখিছো।
যদিও মোৰ লক্ষণবোৰ অতি মৃদু। কিন্তু মই তেওঁলোকক অনুৰোধ জনাইছো যিসকলে যোৱা কেইদিনমানত মোৰ ওচৰলৈ আহিছে তেওঁলোকক পৰীক্ষা কৰাবলৈ। সুৰক্ষিত থাকক আৰু সোনকালে আপোনাক লগ পাম।
তথ্য অনুসৰি সুমিত ভ্যাছৰ পত্নী অভিনেত্ৰী একতা কল আৰু তেওঁলোকৰ পুত্ৰ বেদৰ স্বাস্থ্য বৰ্তমান ভালে আছে।





























