শেহতীয়াকৈ অধিকাংশ লােকৰ মাজত পৰিচিত হৈ পৰিছে ‘ক’ভিড বাহু’ শব্দটো। ইংৰাজীত যাক কোৱা হয় ‘ক’ভিড আর্ম। এই সময়ত বহু লােকেই এই সমস্যাত ভােগাৰ তথ্য প্রকাশ পাইছে । অথচ ‘ক’ভিড বাহু’ আচলতে কি, সেই কথা বহুতেই নাজানে।
ক’ভিডৰ টিকাকৰণ আৰম্ভ হােৱাৰ পাছৰে পৰা বহুতৰ বাহুতেই নানা ধৰণৰ এলার্জিৰ দৰে সমস্যাই দেখা দিছে। অৱশ্যে সকলাে প্রতিষেধকতে এই ধৰণৰ পার্শ্বপ্রতিক্রিয়া হােৱা নাই। কোনাে প্রতিষেধকত যদি বেছি, কোনােবাটোত আকৌ কম হৈছে ।
প্রতিষেধক লােৱা বাহুত দেখা দিয়া এই পার্শ্বপ্রতিক্রিয়াকেই কোৱা হৈছে । ‘ক’ভিড বাহু’। সামান্য দুটামান দিশ লক্ষ্য কৰিলেই মানুহে জানিব পাৰিব যে তেওঁ ‘ক’ভিড বাহু’ৰ সমস্যাত ভুগিছে। এই সমস্যাত ভােগা লােকসকলৰ প্রতিষেধক লােৱা বাহুটোৰ ছাল ৰঙা হৈ পৰিব পাৰে, প্রদাহ হ’ব পাৰে, প্রতিষেধক গ্ৰহণৰ আঠৰ পৰা ১০ দিনৰ মূৰত বাহুৰ ছাল শুকাই নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে ।
এই ক্ষেত্ৰত ভয়ৰ বিশেষ কাৰণ নাই বুলিয়ে চিকিৎসকে মন্তব্য কৰিছে । চিকিৎসকৰ মতে, প্রতিষেধক গ্রহণৰ পাছত শৰীৰৰ ৰােগ প্ৰতিৰােধ শক্তিলৈ পৰিৱৰ্তন আহে । এইবােৰ হৈছে তাৰেই প্রতিক্রিয়া । সচৰাচৰ এয়া কোনাে ভয়ৰ কাৰণ নহয়। কিন্তু সমস্যা বেছি হ’লে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত বুলিও কোৱা হৈছে ।
উল্লেখ্য যে, সকলাে ধৰণৰ লােকৰে এই ‘ক’ভিড বাহু’ সমস্যাৰ আশংকা নাই। আমেৰিকাত এক সমীক্ষাত দেখা গৈছে যে একো একোটা কোম্পানীৰ প্রতিষেধকত পৃথক ধৰণৰ ‘ক’ভিড বাহু’ হৈছে। অৱশ্যে তুলনামূলকভাৱে মহিলাসকলে এই সমস্যাত বেছিকৈ ভুগিছে । অথচ মহিলাসকলে কিয় বেছিকৈ ভুগিছে, সেই সম্পর্কত এতিয়াও পৰিষ্কাৰ ধাৰণা দিব পৰা নাই বিজ্ঞানীসকলে ।





























