পুনৰ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ।এজনৰ পাছত এজন তৰকাৰ দেহত পোৱা গৈছে কৰ’না অৱস্থিতি ।এইবাৰ কৰ’নাত আক্ৰান্ত হ’ল অভিনেতা নীল নীতিন মুকেশ আৰু তেওঁৰ গোটেই পৰিয়াল ।
নীল নিতিনে ছ’চিয়েল মিডিয়াৰ কয়, “দুৰ্ভাগ্যবশতঃ ঘৰৰ পৰা প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ পাছতো মই আৰু মোৰ পৰিয়াল ক’ভিড ১৯ ত ভুগি আছো। আমি সকলোৱে ঘৰত কোৱাৰেন্টাইন হৈ আছোঁ।

মই চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি সকলো নিষেধাজ্ঞা অনুসৰণ কৰি আছো। আপোনাৰ মৰম আৰু শুভকামনাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। নিজৰ যত্ন লওক আৰু সুৰক্ষিত থাকক! “
https://www.instagram.com/p/CNxF-sgDN6j/?utm_source=ig_embed
সৰ্বভাৰতীয় সংবাদ মাধ্যমত অভিনেতাজনে কয় “আপুনি কল্পনা কৰিব পাৰে যে কণমানি নুৰভিৰ বাবে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াটো কিমান কঠিন। সৌভাগ্যক্ৰমে এতিয়ালৈকে তেওঁৰ শৰীৰত কোনো অসুবিধা নাই।
মোৰ দেউতা(নীতিন মুকেশ), নমন (নীলৰ ভায়েক), ৰুক্মিণী (নীলৰ পত্নী) আৰু নুৰৱী (নীলৰ কন্যা) সকলোৱে কৰ’না পৰীক্ষাৰ প্ৰতিবেদন ইতিবাচক ।যদিও কিন্তু এতিয়ালৈকে মোৰ মা ভালে আছে।





























