কৰ’নাত আক্ৰান্ত অভিনেত্ৰী সুভাশ্ৰী গঙ্গোপাধ্যায় । পুৱা খবৰ পোৱা অনুসৰি মহামাৰী কৰ’নাৰ অৱস্থিতি অভিনেতা জিতৰ শৰীৰৰতো পোৱা গৈছে। জিত আৰু সুভাশ্ৰী দুয়ো বৰ্তমান নিজ গৃহত কুৰেণ্টাইন হৈ আছে ।
আজি আহিছে সুভশ্ৰীৰ কৰ’না ৰিপৰ্ট পজিটিভ । এই কথা তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। সুভশ্ৰীয়ে তেওঁ কৰ’নাত আক্রান্ত হোৱাৰ কথা জনাই লিখিছে, “মই কৰ’নাৰ ভুক্তভোগী।
কিন্তু মোৰ পুত্ৰ য়ুভান তেওঁৰ তত্ত্বাৱধায়কৰ যত্নত তেওঁ সুস্থ হৈ আছে । মই এই মুহূৰ্তত ঘৰত কোৱাৰেন্টাইন হৈ আছোঁ। মই সকলো কৰ’না নিয়ম অনুসৰণ কৰি পৰিয়ালৰ সকলোকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে অনুগ্ৰহ কৰি মাস্ক পিন্ধিব, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব আৰু সামাজিক দূৰত্ব অনুসৰণ কৰিব। ভাইৰাছটো পুনৰ ঘূৰি আহিছে। সকলোৱে সুস্থ থাকক, সাৱধান হওক ।”





























