মংগলবাৰে ৰাতিপুৱা অভিনেতাজনে নিজেই এই কথা টুইট কৰে । বৰ্তমান নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে অভিনেতাগৰাকী ।
ADVERTISEMENT
টুইটযোগে তেওঁ আহ্বান জনায় যে যোৱা কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ অহা সকলে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল’ব লাগে আৰু প্ৰয়োজন হ’লে ক’ভিড পৰীক্ষা কৰাব লাগে। অভিনেতাজনে কয় যে তেওঁ চিকিৎসকসকলৰ পৰামৰ্শ তেওঁ অনুসৰণ কৰি আছে।
জিত-মিমি অভিনীত ‘বাজী’ ৰাজ্যখনত চিনেমা গৃহ মুকলি হোৱাৰ পিছৰে পৰা সকলোৰে চকুত পৰা কে’বাখনো বাঙালী চলচ্চিত্ৰৰ ভিতৰত অন্যতম। ছবিখনৰ প্ৰথম গান ‘আয় না আয়ে ৰে’ ছচিয়েল মিডিয়াত মুকলি কৰা হৈছে।





























