বলীউডৰ সংগীত পৰিচালক শ্ৰৱণ ৰাঠৌৰৰ অৱস্থা সংকটজনক। কিছুদিন আগতে তেওঁৰ দেহত পোৱা গৈছিল কৰ’নাৰ অৱস্থিতি। সংগীত পৰিচালকজনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
শ্ৰৱণে ১৯৯০ ৰ দশকত নাদিম আখটাৰ চাইফিৰ স’তে অংশীদাৰীত্বত কাম কৰিছিল। বলিউদত তেওঁলোক নাদিম-শ্ৰাৱণ নামে পৰিচিত । ‘সজন’, ‘সড়ক’, ‘পৰদেশ’, ‘আশিকী’ৰ দৰে চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল দুই সংগীত পৰিচালকে।
চিকিৎসালয়ৰ জনোৱা অনুসৰি, সংগীত পৰিচালকজনক ভেন্টিলেচনত ৰখা হৈছে। তেওঁৰ হৃদযন্ত্ৰৰ আকাৰও সামান্য বাঢ়িছে বুলি কোৱা হৈছে। তেওঁৰ বাবে চিকিৎসকৰ এটা দল গঠন কৰা হৈছে। শ্ৰৱণৰ বন্ধু আৰু গীতিকাৰ সমীৰে কয় যে সংগীত পৰিচালকজন ডায়েবেটিচত ভুগি আছিল।
কৰ’না সংক্ৰমণৰ ফলত তেওঁৰ হাঁওফাঁও ক্ষতিগ্ৰস্ত হয়। শ্ৰৱণৰ পুত্ৰই মুম্বাইৰ এটা সংবাদ মাধ্যমক কয় যে তেওঁৰ দেউতাকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। তেওঁ সকলোকে তেওঁৰ দেউতাকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।





























