নিজৰ বিলাসবহুল গাড়ী বিক্ৰী কৰি কৰ’না ৰোগীৰ বাবে বিনামূলীয়া অক্সিজেনৰ যোগান ধৰিছে ছাহনাজ শেখে । মুম্বাইৰ মালাডৰ মালভানিৰ বাসিন্দা ছাহনাজে এটা বেচৰকাৰী সংস্থা চলাই । দেশত কৰ’না অতিমাৰী আৰম্ভ হোৱাৰে পৰা তেওঁৰ সংস্থাই সংক্ৰমিতসকলৰ বাবে কাম কৰি আহিছে । কিন্তু এবছৰ পূৰ্বে হোৱা এটা ঘটনাৰ ফলত তেওঁ বাকৰুদ্ধ হৈ পৰে । কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল তেওঁৰ এজন পৰিচিত লোকে । সঠিক সময়ত অক্সিজেন লাভ কৰা হ’লে হয়তো এই দুখদায়ক ঘটনা সংঘটিত নহ’ল হয় ।
এই ঘটনাৰ পাছতেই ছাহনাজে স্থিৰ কৰিছিল যে তেওঁ কোনো পধ্যে অক্সিজেন আৰু জীৱনদায়ী দৰৱৰ নাটনি হ’বলৈ নিদিয়ে । টকাৰ অভাৱত যাতে কাৰো মৃত্যু নহয় । সেয়ে তেওঁৰ সংস্থাই প্ৰচুৰ পৰিমাণে অক্সিজেন সঞ্চয় কৰা আৰম্ভ কৰে । অক্সিজেন ক্ৰয় কৰিবৰ বাবে যাতে দুখীয়া ৰোগীসকলৰ টকাৰ অভাৱ নহয় তাৰ বাবে আগবাঢ়ি আহে ছাহনাজ নিজেই ।
তেওঁ ২২ লাখ টকাত নিজৰ এছইউভি গাড়ীখন বিক্ৰী কৰে । সম্পূৰ্ণ টকা ব্যৱহাৰ কৰে কৰ’না ৰোগীসকলৰ সেৱাত । বিগত বৰ্ষত এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে ছাহনাজ । মুম্বাইৰ মালাভানিৰ গলিৰ ছাহনাজে নিজৰ মহৎ কাৰ্যৰ বাবে সামাজিক মাধ্যমত নায়কৰ মৰ্যাদা লাভ কৰিছে ।
https://twitter.com/SudhaRamenIFS/status/1385112842467037184?s=20
সামাজিক মাধ্যমত তেওঁক লৈ বিভিন্ন জনে বিভিন্ন সমালোচনা কৰে যদিও নিজৰ সিদ্ধান্তৰ পৰা তিলমানো বিচলিত নহয় ছাহনাজ । তেওঁ কয়, ‘গাড়ী ক্ৰয় কৰাৰ সুযোগ আকৌ পাম, এই সময়ত মানুহৰ কাষত থকাটোৱে আটাইতকৈ প্ৰয়োজনীয় ।’
দেশজুৰি সম্প্ৰতি প্ৰতিষেধকৰ নাটনিৰ ঘটনা পৰিলক্ষিত হৈছে । পূৰ্বে অক্সিজেনৰ বাবে তেওঁৰ তাত প্ৰতিদিনে ৫০টা ফোন আহিছিল, কিন্তু এতিয়া প্ৰতিদিনে পাঁচশটা ফোন আহে । এই পৰ্যন্ত তেওঁ প্ৰায় পাঁচ হেজাৰ জনক বিনামূলীয়া অক্সিজেন প্ৰদান কৰিছে ।






























