কৰ’নাৰ দ্বিতীয় ঢৌত কে’বাজনো লোকে এনে ধৰণৰ অভিজ্ঞতা লাভ কৰিছে য’ত আৰ.টি.-পি.চি.আৰ. পৰীক্ষা কৰাৰ পাছত কৰ’নাৰ ৰিপৰ্ট নিগেটিভ । কিন্তু দেহত আছে কৰ’নাৰ লক্ষণ।
বৰ্তমানলৈকে শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি আছে নে নাই জানিবলৈ আৰ.টি.-পি.চি.আৰ. হৈছে এক পৰীক্ষা। কিন্তু সেই পৰীক্ষাই ভুল নিগেটিভ ৰিপৰ্ট দিছে। একাধিক লক্ষণ থকাৰ পাছতো কৰ’নাৰ প্ৰতিবেদন কিয় নিগেটিভ হৈ আহিছে ?
কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌত দেখা দিছে এক নতুন মিউটেন্ট । বিশেষজ্ঞসকলে বিশ্বাস কৰে যে কৰ’নাৰ নতুন মিউটেন্টপ্ৰায়ে পুৰণি আৰটি-পিচিআৰ পৰীক্ষাটো চিনাক্ত কৰিবলৈ সক্ষম নহয় আৰু সেয়েহে ৰিপৰ্ট নিগেটিভ হৈ আহিছে |
বিশেষজ্ঞসকলে এইটোও আঙুলিয়াই দিছে যে ইয়াত আন এটাও কাৰণ আছে । শৰীৰটো অতি সৰু হ’লে কৰ’না চিনাক্ত কৰাত কঠিন হৈছে এই পৰীক্ষাৰ দ্বাৰা। বিশেষজ্ঞসকলে কয় যে লেলাৱতিৰ নমুনা সঠিকভাৱে লোৱা নহ’লেও ৰিপৰ্টটো ভুল হয়। গতিকে চিকিৎসকসকলে তেওঁলোকক কিছুমান লক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে যদিও কৰ’নাৰ ৰিপৰ্ট নিগেটিভ আহে।
ৰিপৰ্ট নিগেটিভ হোৱা স্বত্বেও যদি এই লক্ষণবোৰ হয় তেন্তে চিকিৎসকসকলে কোৱাৰেন্টাইন হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। উদাহৰণ স্বৰূপে,যেতিয়া এই কেইটা লক্ষণ কেইটা মানুহজনৰ দেহত থাকিব তেতিয়া নিশ্চিত হওক যে লোক জন কৰ’নাত আক্ৰান্ত।
প্ৰথম লক্ষণটো হ’ল সোৱাদ আৰু গোন্ধ নোপোৱা । ইয়াক কৰ’নাৰ আটাইতকৈ স্পষ্ট লক্ষণ হিচাপে গণ্য কৰা হৈছে। ৰোগীৰ লক্ষণবোৰ এই লক্ষণটোৰ আগতে বা পাছত দীঘলীয়া সময় থাকিব পাৰে।
জ্বৰ হৈছে কৰ’নাৰ অন্য এটা লক্ষণ। যদি আপুনি বাৰে বাৰে জ্বৰত ভুগিছে আৰু ঠাণ্ডা অনুভৱ কৰি আছে তেনেহ’লে কৰ’না হোৱাৰ সম্ভাৱনা অধিক। গতিকে ৰিপৰ্ট নিগেটিভ হ’লেও সাৱধান হ’ব।
লগতে সাৱধান হ’ব যদি আপোনাৰ ডিঙিৰ বিষ, উশাহ চুটি হোৱা, গোটেই দিনটো ভাগৰ অনুভৱ কৰা, পেটৰ সমস্যা বমি হোৱা ইত্যাদি।
কিন্তু লক্ষণবোৰ থকা স্বত্বেও যদি ৰিপৰ্ট নিগেটিভ হয় তেন্তে কি কৰিব লাগে? প্ৰথমে নিজকে কোৱাৰেন্টাইন কৰক। আপুনি আন কি লক্ষণ দেখিছে তাৰ ওপৰত নজৰ ৰাখিব। নিৰ্দিষ্ট সময়ত অক্সিমিটাৰ অক্সিজেন সংপৃক্ততা চাওক। তিনি দিনৰ পাছত পুনৰ এবাৰ কৰ’নাৰ পৰীক্ষা কৰক।





























