কৰ’না ভাইৰাছৰ পুনৰ আগমনৰ সন্দৰ্ভত নতুন তথ্য প্রকাশ কৰিলে স্বাস্থ্য গৱেষকে। এক নতুন অধ্যয়নত গৱেষকে দাবী কৰা মতে, কৰ’না ভাইৰাছত আক্রান্ত হােৱাৰ পাছত বহু লােকৰ শৰীৰত স্বাভাৱিক ৰােগ প্ৰতিৰােধ ব্যৱস্থা গঢ় লৈ উঠা নাই।
ভাৰতত সম্প্রতি চলােৱা এক সমীক্ষামূলক অধ্যয়নত গৱেষকে কয় যে দেশত কৰনাৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ অন্যতম কাৰণটো হ’ল মানৱ শৰীৰত ক’ভিড-১৯ প্ৰতিৰােধী ‘এন্টিবডী’ৰ অনুপস্থিতি।
কাউন্সিল ফ’ৰ ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছাৰ্চ (চি এছ আই আৰ)ৰ গৱেষকে যােৱা মার্চত এই বিষয়ত এক সমীক্ষামূলক অধ্যয়ন চলাইছিল। চি এছ আই আৰৰ গৱেষকে মুঠ ১০,৪২৭ জন লােকৰ ওপৰত পৰীক্ষামূলক অধ্যয়ন চলাই তেওঁলােকৰ মাত্র ১০.১৪ শতাংশৰ শৰীৰত কৰ’না প্রতিৰােধী ‘এন্টিবডী’ তৈয়াৰ হােৱাটো ধৰা পেলাইছিল।
দেশৰ ১৭ খন ৰাজ্য আৰু দুখন কেন্দ্রীয়শাসিত অঞ্চলত চি এছ আই আৰৰ গৱেষকে এই সমীক্ষামূলক অধ্যয়ন চলাই উক্ত তথ্য আহৰণ কৰিছিল। চি এছ। আই আৰৰ সমীক্ষাৰ ফলাফলৰ । সন্দৰ্ভত উদ্বিগ্নতা প্রকাশ কৰিলে একাংশ চিকিৎসা বিজ্ঞানীয়ে। এইসকল বিজ্ঞানীৰ মতে, ভাইৰাছৰ বিৰুদ্ধে স্বাভাৱিক ৰােগ প্ৰতিৰােধ ক্ষমতা অর্থাৎ ‘এন্টিবডী’ গঢ় লৈ নুঠিলে কেৱল টিকা আৰু দৰৱৰ প্রয়ােগৰে ক’ভিডক দমন কৰাটো কঠিন হ’ব ।
কৰ’না ভাইৰাছ প্ৰতিৰােধী ‘এন্টিবডী’ৰ সক্রিয়তাৰ ম্যাদৰ সন্দৰ্ভতাে বিশেষজ্ঞসকলে চিন্তা প্রকাশ কৰিছে। ইতিমধ্যে চলােৱা গৱেষণামূলক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি ব্যক্তিৰ শৰীৰত কৰ’না প্ৰতিৰােধী ক্ষমতা গঢ় লৈ উঠিলেও সেইসমূহ ‘এন্টিবডী’ তৈয়াৰ হােৱাৰ পাঁচ-ছমাহৰ ভিতৰতে দুর্বল অথবা কার্যকৰীহীন হয়। ফলত সংশ্লিষ্ট ব্যক্তিজন পুনৰ ক’ভিডত সংক্রমিত হােৱাৰ শংকা থাকে।
চি এছ আই আৰৰ গৱেষক শান্তনু সিঙে প্রকাশ কৰা মতে, যােৱা বছৰৰ ছেপ্টেম্বৰত দেশত কৰ’না ভাইৰাছৰ সংক্রমণে শীর্ষত আৰােহণ কৰিছিল আৰু অক্টোবৰৰ পৰা সংক্রমণ হ্রাস পাবলৈ লৈছিল। কিন্তু কার্যকৰী এন্টিবডীৰ অভাৱত পুনৰ যােৱা মাৰ্চৰ পৰা দেশত ক’ভিডৰ নতুন সংক্রমণ
ভয়াৱহ হৈ উঠে।
গৱেষক সিঙে কয়, ‘আমি চলােৱা গৱেষণামূলক অধ্যয়নৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি নিউক্লিউকেপচিড প্র’টিন বিৰােধী ‘এন্টিবডী’য়ে সংক্রমণ প্ৰতিৰােধত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু শৰীৰত ‘এন্টিবডী’ তৈয়াৰ হােৱাৰ পাছতাে ২০ শতাংশ ব্যক্তিৰ শৰীৰত পাঁচ- ছমাহৰ পাছত ৰােগ প্ৰতিৰােধক ক্ষমতা হ্রাস পাবলৈ ধৰে। ফলত এনে ব্যক্তি দ্বিতীয়বাৰ কৰ’নাত আক্রান্ত হােৱাৰ শংকা থাকে।





























