কৰ’নাৰ সংক্রমণৰ দ্বিতীয় টৌৱে জনজীৱনৰ লগতে প্রচণ্ড আঘাত হানিলে দেশৰ অর্থনীতি। পর্যায়ক্রমে হােৱা তলাবন্ধত দেশজুৰি ইতিমধ্যে ব্যাপক অর্থনৈতিক মন্দাৱস্থা প্রত্যক্ষ হ’বলৈ ধৰিছে।
এনে পৰিস্থিতিত ২০২০-২১ বিত্তীয় বৰ্ষতাে ব্যাপক আর্থিক সংকটৰ সন্মুখীন হৈছে দেশ। ইকৰাৰ সাম্প্রতিক এক প্রতিবেদনত উল্লেখ কৰা মতে,২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতত অর্থনৈতিক সংকোচনৰ হাৰ হ’ব ৭.২৫ শতাংশ।
অৱশ্যে ২০২১-২২ বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৮.৪৫ শতাংশ বৃদ্ধি পাব, অর্থাৎ প্রকৃত জি ডি পি বৃদ্ধিৰ হাৰ হ’ব ১.২০ শতাংশ। ইকৰাই দেশৰ অর্থনীতিৰ পুনৰুত্থানৰ এক ইতিবাচক ইংগিত দিলেও ফিচ, গ’ল্ডমেন চেক্স, নমুৰা, ইউ বি এছ, চিটি গ্রুপ প্রভৃতি আন্তর্জাতিক বিশেষজ্ঞ সংস্থাৰ মতে ভাৰতত চলিত বিত্তীয় বৰ্ষত মন্দাৱস্থা অব্যাহত থাকিব।
‘বার্কলেজ’ৰ প্রতিবেদনৰ তথ্য মতে, ভাৰতত ক’ভিড পৰিস্থিতিত হােৱা পুনৰ তলাবন্ধৰ ফলত ২০২১ এপ্রিল-জুনৰ সময়ছােৱাত ৫.৫ লাখ কোটি টকাৰ ব্যৱসায়িক ক্ষতি হােৱাৰ শংকা আছে। সংস্থাটোৱে কয় যে দ্বিতীয়বাৰৰ বাবে ভাৰতত তলাবন্ধ ঘােষণা কৰাত প্রথমে অনুমান কৰা হৈছিল যে সপ্তাহত দেশখন ২৫.৪ হেজাৰ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হ’ব।
কিন্তু এপ্রিলৰ শেষ দুসপ্তাহত ভাৰতত প্রতি সপ্তাহৰ ব্যৱসায়িক ক্ষতিৰ পৰিমাণ আছিল ৩৮.৫ হেজাৰ কোটি টকা। চলিত মে’ত ভাৰতত সাপ্তাহিক ক্ষতিৰ পৰিমাণে ৫৮ হেজাৰ কোটি টকাৰ সীমা অতিক্রম কৰে।
ব্যৱসায়িক ক্ষতিৰ এই ধাৰাবাহিকতা অব্যাহত থাকিলে জুনৰ ভিতৰত তলাবন্ধৰ ফলত ভাৰতত ৫.৫ লাখ কোটি টকাৰ বাণিজ্যিক ক্ষতি হােৱাটো নিশ্চিত বুলি বার্কলেজে দাবী কৰিছে।






























