সাপৰ মাংস খালে কৰ’না নহয় ! এনে এক ধাৰণাৰ বশৱৰ্তী হৈ, দেশত ক’ভিড সংক্ৰমণ হোৱাৰে পৰা সাপৰ মাংস খাই আহিছে ভাদিভেলে । ইমান দিনে বিষয়টো পোহৰলৈ অহা নাছিল । কিন্তু বৃহস্পতিবাৰে ভাদিভেলৰ এটা সাপ খোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে প্ৰশাসন সৰৱ হৈ পৰে ।
ভাদিভেলে তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ পেৰুমলপট্টি গাঁৱত বাস কৰে । প্ৰচাৰিত ভিডিঅ’টোত ভাদিভেলে এটা সাপ কামুৰি থকা দেখা গৈছে । একে সময়তে তেওঁক কোৱা শুনা যায় যে, ক’ভিডৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সাপ খাব লাগে। সেয়ে, নিজকে ক’ভিডৰ পৰা ৰক্ষা কৰিবলৈ সাপ খাইছে ।
ভিডিঅ’টো প্ৰকিশ্যত অহাৰ লগে লগে জিলা বন বিভাগৰ বিষয়াই আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পাছতেই ভাদিভেলক গ্ৰেপ্তাৰ কৰা হয় । তেওঁক ৭,৫০০ টকাৰ জৰিমনাও বিহা হৈছে । বিষয়াজনে জনায় যে, এইটো এটা অতি বিপজ্জনক কাম । ইয়াক উৎসাহিত কৰাটোও এক গুৰুতৰ অপৰাধ।
তেওঁৰ দাবী, এইটো এটা মৃত সাপ । অভিযুক্তজনে সুৰাপান কৰিছিল। কিছুমান স্থানীয় লোকে তেওঁক এনে কৰিবলৈ উৎসাহিত কৰিছিল । কোনে কামটো কৰিবলৈ উৎসাহিত কৰিছিল তাৰ তদন্ত কৰা হৈছে ।






























