কৰ’নাৰ সম্ভাব্য তৃতীয় টৌ আৰু ডেল্টা প্রজাতিৰ ভয়াৱহতাক লৈ দেশত উদ্বেগ অব্যাহত থকাৰ সময়তে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ গৱেষকে চলােৱা এক অধ্যয়নৰ তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিলে।
এই অধ্যয়নত চিকিৎসক-গৱেষকে দাবী কৰা অনুসৰি ডেল্টা প্রজাতিৰ বিৰুদ্ধে বর্তমানে উপলব্ধ কোনাে টিকা সর্বাত্মক কার্যকৰী নহয়।
কৰ’নাৰ যিকোনাে প্রতিষেধকৰ তুলনাত আঠ গুণ অধিক শক্তিশালী ডেল্টা প্রজাতিৰ ভাইৰাছ। প্রতিষেধক লােৱাৰ পাছত মানৱ শৰীৰত সৃষ্টি হােৱা এন্টিবডী, ৰােগ প্ৰতিৰােধক ব্যৱস্থাক অতিক্ৰম কৰি সংক্রমণ বিয়পাবলৈ সক্ষম ডেল্টা প্রজাতি।
একেটা গৱেষণাত চিকিৎসালয়খনে গৱেষকে কৰা দাবী অনুসৰি চীনৰ উহানত ধৰা পৰা ভাইৰাছৰ তুলনাত ভাৰতত চিনাক্ত হােৱা ক’ভিডৰ ডেল্টা প্ৰজাতিৰ অধিক সংক্রামক।
দুপালি প্রতিষেধক গ্রহণ কৰাৰ পাছতাে সেয়েহে ডেল্টা প্রজাতিৰ সংক্রমণ প্ৰতিৰােধ কৰাটো বহু লােকৰ বাবে সম্ভৱ হােৱা নাই বুলি গৱেষক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।
ছাৰ গংগাৰাম হাস্পতালৰ বিশেষজ্ঞই কয় যে ইতিমধ্যে যিসকল লােকে ক’ভিডত সুস্থ হৈ উঠিছে আৰু কৰ’নাৰ দুপালি প্রতিষেধক গ্রহণ কৰিছে, তেওঁলােকো আগন্তুক সময়ত ডেল্টা প্রজাতিৰ দ্বাৰা সংক্রমিত হােৱাৰ শংকা নথকা নহয়।
দেশত ক’ভিডৰ দৈনিক সংক্রমণ আৰু মৃত্যুৰ হ্রাস পালেও ডেল্টা প্ৰজাতিৰ সম্ভাব্য সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলােৱে অধিক সতর্কতা অৱলম্বন কৰিব লাগিব বুলি চিকিৎসালয়খনৰ গৱেষকে পৰামর্শ দিছে।





























