শিল-বালি কুৱেৰীৰ ট্ৰেক্টৰকে ধৰি বহু যান-বাহনে বিপদ কঢ়িয়াইছে কাটাঝাৰ-কাহিতামা সংযোগী পথৰ বেঁকী নৈৰ ওপৰত থকা দুৰ্বল পকী দলঙখনলৈ ৷ যাৰ বাবে যাতায়ত বিচ্ছিন্ন হোৱাৰ তীব্ৰ শংকাত ভুগিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে দলঙখনেৰে গধুৰ বাহন পাৰ কৰাত পি ডব্লিউ ডি কৰ্তৃপক্ষই নিষেধাজ্ঞা জাৰি কৰিছিল ৷ কিন্তু পি ডব্লিউ ডি কৰ্তৃপক্ষৰ নিষেধাজ্ঞাকো আওকান কৰি নিতৌ শিল-বালি কঢ়িওৱা অত্যাধিক ওজনৰ শ শ ট্ৰেক্টৰৰ লগতে পাৰ হৈছে বিভিন্ন যান-বাহন ৷ যাৰ বাবে শংকিত হৈ পৰিছে বাগসা জিলাৰ বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজ ৷ অঞ্চলটোৰ লাবদাংগুৰি, বাৰাপেটা, কাহিতামা, মিলন বজাৰ, চুক্ৰুংবাৰীকে ধৰি বহু কেইখন গাঁৱৰ ৰাইজৰ বহিঃস্থানেৰে যোগাযোগৰ একমাত্ৰ মাধ্যম এই পুৰণি পকী দলঙখন ৷
ইফালে, এই দলঙখন দুৰ্বল হৈ পৰাৰ বাবে কাষেৰে এখন উচ্চ বহনক্ষম নতুন দলঙ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ কিন্তু নতুন দলঙখন নিৰ্মাণ হৈ উঠাৰ পূৰ্বে বেঁকী নৈৰ কুৱেৰীৰ অত্যাধিক বোজাৰ শিল-বালি কঢ়িওঁৱা ট্ৰেক্টৰে বৰ্তমানৰ দলঙখনলৈ বিপদ কঢ়িয়াই অনাৰ শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ প্ৰশাসন আৰু বিয়াগোম বনবিভাগ থকাৰ পাছতো অবৈধভাৱে কুৱেৰীৰ পৰা কেনেদৰে এইসমূহ অত্যাধিক ওজনৰ শিল-বালি কঢ়িওৱা ট্ৰেক্টৰ চলাচল কৰি আছে তাকে লৈ প্ৰশ্নৰ উত্থাপন কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত শীঘ্ৰেই জিলা প্ৰশাসন আৰু বন বিভাগক পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় সচেতন ৰাইজে দাবী জনাইছে ।