Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

publisher by publisher
June 10, 2024
in India, News
Reading Time: 5 mins read
0
pm modi 1
1
SHARES
11
VIEWS
ShareShareShareShare

Who wins, Who loses:কাৰ জয় কাৰ পৰাজয় !

# প্রাঞ্জলসেন ডেকা

দেওবাৰে সন্ধিয়া দেশৰ প্রধানমন্ত্রীৰূপে একেৰাহে তৃতীয়বাৰৰ বাবে দায়িত্ব গ্রহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। এইবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফলে বহুতকে এক চমক দিলে। আঢ়ৈমাহজোৰা নিৰ্বাচনী কাৰ্যসূচীৰ বহু পূৰ্বৰে পৰাই শাসকীয় বিজেপিয়ে পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে সৰ্বদিশত ব্যাপক আৰু আগ্রাসী অভিযান আৰম্ভ কৰিছিল।

ADVERTISEMENT

এই সময়ছোৱাত সমগ্র দেশজুৰি বিজেপিয়ে অভূতপূর্ব জাকজমকতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানেৰে এনে এক পৰিৱেশ সৃষ্টি কৰিছিল যেন দলৰ বিপুল জয় অৱধাৰিত। সপ্তদশ লোকসভাৰ অন্তিম অধিবেশনত দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে আসন্ন নির্বাচনত বিজেপিয়ে অকলেই ৩৭০ আৰু ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (এনডিএ)ই চাৰিশৰ অধিক আসন লাভ কৰিব বুলি তেওঁ নিশ্চিত হৈছে।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

তাৰ পাছৰে পৰাই বিজেপিয়ে ‘অব কী বাৰ চাৰশ পাৰ’ ধ্বনিৰে নিৰ্বাচনী অভিযানত জঁপিয়াই পৰে। সাতোটাকৈ পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ দিনা পহিলা জুনত দেশৰ এডজন সংবাদ মাধ্যম তথা সমীক্ষাকাৰী সংস্থাই প্রকাশ কৰা নির্বাচনোত্তৰ সমীক্ষাই বিজেপিৰ বৃহৎ জয়ৰ আগজাননী দিয়ে। কিন্তু এই সকলোবোৰকে অপ্রাসংগিক প্রমাণিত কৰি ঘোষিত ফলাফলে সম্পূর্ণ এক পৃথক ছবি দাঙি ধৰে। ভাৰতীয় ভোটাৰে যে কোনো ধৰণৰ চাপ, চমকপ্রদ প্ৰচাৰ, ভয়- ভাবুকিলৈ কেৰেপ নকৰিও নিজস্ব মত দাঙি ধৰিব পাৰে, সেয়া এই নির্বাচনে বিশ্ববাসীৰ সন্মুখত স্পষ্ট কৰি দিলে। সেয়েহে ইয়াক ভাৰতীয় গণতন্ত্রৰেই জয় আখ্যা দিয়া হৈছে।

ফলাফল ঘোষণাৰ পাছৰে পৰাই চর্চা চলি আহিছে যে এইবাৰৰ নিৰ্বাচনত প্ৰকৃততে কাৰ জয় আৰু কাৰ পৰাজয় ঘটিল? ইতিমধ্যে প্রধানমন্ত্রীৰূপে শপতগ্ৰহণ কৰা হেতুকে আপাত দৃষ্টিত মোদীৰেই জয় বুলি শাসক পক্ষই দাবী কৰিছে; কিন্তু এই কথা দেশবাসীৰ জ্ঞাত যে বিজেপিৰ এই সমগ্র নির্বাচনী অভিযান চলিছিল কেৱল নৰেন্দ্ৰ মোদীৰ নামত। ভাৰতীয় ৰাজনৈতিক ইতিহাসত এই প্ৰথমবাৰলৈ কোনো দল অথবা চৰকাৰৰ পৰিৱৰ্তে এজন ব্যক্তিৰ ‘গেৰাণ্টী’ক সন্মুখত লৈ দেশৰ সবাতোকৈ বৃহৎ তথা ক্ষমতাশালী দলটো নির্বাচনত অৱতীৰ্ণ হৈছিল। দৰিদ্ৰ, যুৱ, কৃষক আৰু নাৰী- দেশত কেৱল এই চাৰিটাহে জাতি আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে সেইসকলৰ উন্নয়নেই তেওঁৰ লক্ষ্য বুলি ঘোষণা কৰিছিল।

বিজেপিৰ ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ সংকল্পপত্ৰও আছিল ‘মোদীৰ গেৰাণ্টী’হে। শাসক দলৰ সকলোবোৰ ঘোষিত প্রতিশ্রুতিৰ উপৰি কংগ্রেছে কাঢ়ি নি মুছলমানক বিলাব খোজা হিন্দু মহিলাৰ মংগলসূত্ৰ ৰক্ষালৈকে সকলোতে দিয়া হৈছিল ‘মোদী গেৰাণ্টী‘। কিন্তু ভোটাৰ ৰাইজে সেই গেৰাণ্টীক বিশ্বাসত লোৱা বুলি নির্বাচনী ফলাফলে প্রমাণ নকৰিলে।

তেনেদৰেই বিজেপিৰ সমগ্ৰ প্ৰচাৰ অভিযানত এনডিএ বহুত দূৰৰে কথা, প্রধানমন্ত্রী মোদীৰ বাদে আন কোনো এজন দলীয় নেতাৰো ছবি ক’তো দৃষ্টিগোচৰ নহ’ল। আনকি প্ৰচাৰকালত নিজৰ প্ৰাৰ্থীজনৰ পৰিৱৰ্তে মোদীক মনত পেলাই ভোট দিবলৈ আহ্বান জনোৱা হ’ল; অর্থাৎ দলীয় আন প্রার্থীসকলক সম্পূর্ণরূপে নস্যাৎ কৰি পেলোৱা হ’ল। দেশৰ ৫৪৩টা লোকসভা সমষ্টিত সমগ্ৰ বিৰোধীৰ সন্মুখত শাসকপক্ষৰ প্ৰাৰ্থী আছিল এজনেই আৰু তেওঁ নৰেন্দ্ৰ মোদী। বিগত দুটাকৈ কার্যকালত বিজেপিয়ে নিজাববীয়াকৈ ক্রমে ২০১৪ ত ২৮২ আৰু ২০১৯ত ৩০৩ খন আসন লাভৰ জৰিয়তে মোদীৰ নেতৃত্বত কেন্দ্ৰত সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

সদ্যসমাপ্ত তৃতীয়টো নির্বাচনত পূৰ্বতকৈ অধিক জোৰদাৰ অভিযানেৰে একেজন মোদীৰ নেতৃত্বত অৱতীৰ্ণ হোৱাৰ পাছতো সংখ্যাগৰিষ্ঠতাৰ কাষ চাপিব নোৱাৰাটোৱে মোদীক ভোটাৰে প্রত্যাখ্যান কৰাটোৱে প্ৰমাণ কৰিলে। সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱাহেঁতেন সেয়া নিশ্চিতভাবে মোদীৰ জয় আখ্যা দিয়াত প্ৰশ্নৰ কোনো অৱকাশ নাথাকিলহেঁতেন।

গতিকে এইবাৰ সংখ্যাগৰিষ্ঠতা লাভত ব্যর্থ হোৱাত এয়া মোদীৰ পৰাজয় বুলি কোৱাতো দ্বিধাৰ প্ৰশ্ন নাহে। বিগত এক দশকজোৰা চৰকাৰত যি নামমাত্র এনডিএৰ চিন-চাব নাছিল, সেই এনডিএৰ পিঠিত উঠি এইবাৰ চৰকাৰ গঠন কৰিবলগীয়া হোৱাৰ পাছত সেয়া মোদীৰ জয় আখ্যা দিব পৰা যায় কেনেকৈ? প্রকৃততে এয়া এনডিএৰ জয়হে, মোদীৰ নহয়। সেয়েহে প্রধানমন্ত্রীৰূপে মোদীক দেশবাসীয়ে প্রত্যাখ্যান কৰাৰ পাছতো সেই পদত অধিষ্ঠিত হোৱাত সি তেওঁৰ ক্ষমতালিপ্সাৰেই বহিঃপ্রকাশ ঘটালে বুলি সমালোচনাৰ সৃষ্টি হোৱাটো স্বাভাবিক।

আনকি সেইবাবেই এনডিএৰ নেতা বাছনিৰ সভাত দিয়া ৭২ মিনিটজোৰা ভাষণত মোদী, মোদীৰ গেৰাণ্টী অথবা বিজেপিৰ নাম এবাৰলৈও উল্লেখ নকৰিলে মোদীয়ে। তাৰ পৰিৱৰ্তে গোটেই ভাষণটোত কেৱল এনডিএৰেই মন্ত্র জপিলে। ক্ষমতা লাভৰ স্বাৰ্থত যে যিকোনো পর্যায়লৈ যোৱাটো অসম্ভৱ নহয়, সিও আকৌ এবাৰ তেওঁ নিজেই প্রমাণ কৰি দেখুৱালে। সমগ্র নির্বাচনী প্ৰচাৰ অভিযানৰ কালছোৱাত প্রধানমন্ত্রী মোদীৰ বিভিন্ন অবাঞ্ছিত ভাষ্য আৰু কার্যকলাপে ক্ষমতাৰ প্ৰতি তেওঁৰ উগ্র বাসনাৰ ইংগিত প্রকট কৰাৰ বিষয়ে ইতিমধ্যে বিভিন্নজনে বিশ্লেষণ দাঙি ধৰিছে।

সি যি কি নহওক, সংখ্যাগৰিষ্ঠতাৰ বাবে প্রয়োজনীয় ২৭২খন আসনৰ পৰা যথেষ্ট আঁতৰত থকা মোদীয়ে এইবাৰ চন্দ্রবাবু নাইডু নেতৃত্বাধীন তেলুগু দেশম পার্টি (টিডিপি) আৰু নীতিশ কুমাৰৰ জনতা দল-ইউনাইটেড (জেডিইউ)ৰ লগতে আন আন দলৰ সমর্থনত পুনৰ চৰকাৰত অধিষ্ঠিত হৈছে। নাইডু আৰু কুমাৰৰ পূৰ্বৰ ওলট-পালট স্থিতিলৈ লক্ষ্য ৰাখি তেওঁলোকৰ সমর্থনত দীর্ঘদিনলৈ চৰকাৰৰ সুস্থিৰতা অক্ষুণ্ণ ৰখাটো যথেষ্ট কঠিন হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷

তাতকৈ গুৰুত্বপূর্ণ প্রশ্নটো হৈছে, দেশত উমৈহতীয়া দেৱানী বিধি (ইউচিচি) আৰু এক দেশ এক নিৰ্বাচনৰ দৰে বিজেপিৰ অগ্ৰাধিকাৰ প্ৰাপ্ত প্রতিশ্রুতিসমূহ ৰূপায়ণ কৰাটো এই চৰকাৰৰ কাৰ্যকালত সম্ভৱ হ’বনে? এই দুয়োটা বিষয়তে জেডিইউৱে স্পষ্টভাৱে বিৰোধ প্রকট নকৰিলেও ইয়াৰ স’তে জড়িত সকলো পক্ষৰ স’তে আলোচনাৰ মাধ্যমত সহমতত উপনীত হোৱাৰ পোষকতা কৰি আহিছে।

আনহাতে, টিডিপিয়ে এই পর্যন্ত এই সম্পর্কত নিজস্ব স্থিতি আজি পর্যন্ত প্ৰকাশ কৰা নাই। সন্দেহ নাই যে সংখ্যাৰ দিশৰ পৰা দুৰ্বল স্থিতিত থকা হেতুকে এইবাৰ মোদীয়ে সহযোগীক ক্ষুণ্ণ কৰিব পৰা কোনো বিষয়তে দৃঢ় স্থিতি গ্ৰহণৰ উদ্যোগ ল’ব নোৱাৰিব। সেয়েহে ইউচিচি আৰু এক দেশ এক নিৰ্বাচনৰ দৰে বিষয়সমূহ বিজেপিয়ে ক্ষমতা ৰক্ষাৰ স্বাৰ্থতে শীতল ভঁৰালত সুমুৱাই থ’বলৈ বাধ্য হ’ব বুলি ধাৰণা কৰিব পাৰি।

এই কথা ঠিক যে বৰ্তমানৰ আসন সংখ্যালৈ চাই এনডিএ চৰকাৰখনে সাধাৰণ বিধেয়কসমূহ সংসদত গৃহীত কৰাত প্রত্যাহ্বানৰ সম্মুখীন হোৱাৰ সম্ভাৱনা নাই। তাৰ পৰিৱৰ্তে সংবিধান সংশোধনীয় জাতীয় বিধেয়কসমূহ, য’ত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, সেইসমূহত চৰকাৰ ব্যৰ্থ হোৱাৰ আশংকাই অধিক।

অকল সেয়ে নহয়, টিডিপি আৰু জেডিইউ উভয় দলে নিজ নিজ ৰাজ্যত মুছলমানক সংৰক্ষণ প্ৰদানৰ পোষকতা কৰি আহিছে। সম্প্রতি অন্ধ্রপ্রদেশত অনুষ্ঠিত হৈ যোৱা বিধানসভা নির্বাচনত মুছলমানক চাৰি শতাংশ সংৰক্ষণ প্রদান আছিল টিডিপিৰ অন্যতম মূল প্রতিশ্রুতি। সেয়েহে ৰাজ্যখনত বিপুল জয়ৰে দীর্ঘকালৰ অন্তত ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰা নাইডুৱে এই প্রতিশ্রুতি পূৰণ কৰিবলৈ বদ্ধপৰিকৰ বুলি দোহাৰিছে।

একেদৰে জেডিইউও মুছলমানক সংৰক্ষণ প্ৰদানৰ সমৰ্থক। সংশ্লিষ্ট ৰাজ্যত উভয় দলৰে মুছলমান ভোটাৰৰ মাজত শক্তিশালী ভেটি আছে। ইয়াৰ পৰিৱৰ্তে প্রধানমন্ত্রী মোদীয়ে এইবাৰৰ নিৰ্বাচনত কোনো ধৰণৰ সংকোচ অবিহনে মুকলিকৈ মুছলমান বিদ্বেষ প্রকট কৰিছে। আনকি কংগ্রেছ নেতৃত্বাধীন ইণ্ডিয়া মর্চাই ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’লে অনুসূচিত জাতি, জনজাতিৰ সংৰক্ষণ কৰ্তন কৰি মুছলমানক দিব বুলিও সংশ্লিষ্ট ভোটাৰক ভীতিগ্রস্ত কৰাৰ অপচেষ্ট চলায়।

অৱশ্যে অন্ধ্রপ্রদেশত নির্বাচনী প্রচাৰত মোদীয়ে এই বিষয়টো ঘুণাক্ষৰেও উল্লেখ কৰাৰ পৰা বিৰত থাকে। নতুন চৰকাৰত এনেবোৰ পৰস্পৰবিৰোধী স্থিতিক লৈ মোদী তথা সহযোগীসকলৰ ভূমিকা কি হ’ব সেয়া আগন্তুক সময়ছোৱাত লক্ষ্যণীয় হ’ব।

একেদৰেই সেনাবাহিনীত বিগত মোদী চৰকাৰে প্ৰণয়ন কৰা অগ্নিবীৰ আঁচনিক লৈও বিজেপি তথা সহযোগী দলসমূহৰ মাজত ভিন্ন মত পৰিলক্ষিত হৈছে। এইবাৰৰ নিৰ্বাচনত উত্তৰ প্ৰদেশকে ধৰি কে’বাখনো ৰাজ্যত বিজেপিৰ হতাশজনক ফলাফলৰ অন্যতম প্রধান কাৰণৰূপে চিহ্নিত হৈছে কর্মসংস্থাপনহীনতা। মাত্ৰ চাৰি বছৰীয়া কাৰ্যকালৰ বাবে প্ৰৱৰ্তন কৰা জোৱানৰ চাকৰিয়ে সংশ্লিষ্ট ৰাজ্যসমূহত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে, যাৰ পৰিণতি সদ্যসমাপ্ত নির্বাচনত পৰিলক্ষিত হৈছে।

তদুপৰি বিভিন্ন চৰকাৰী নিযুক্তিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্রতিবাৰেই প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৱলীয়েও যুৱ সমাজক ক্ষুব্ধ কৰি তুলিছে। সেয়েহে বিৰোধী ইণ্ডিয়া জোঁটৰ দৰেই এনডিএৰো অংশীদাৰ কে’বাটাও দলে চৰকাৰ গঠনৰ পূৰ্বৰে পৰা অগ্নিবীৰ আঁচনি বাতিল অথবা পুনৰীক্ষণৰ প্ৰয়োজন বুলি মন্তব্য কৰি আহিছে। ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোদী তথা অন্যান্য বিজেপি নেতাসকলে অগ্নিবীৰ আঁচনিৰ সপক্ষে যুক্তি দি আহিছে।

এনে পৰিপ্ৰেক্ষিতত অগ্নিবীৰক লৈ নৱগঠিত চৰকাৰে কি সিদ্ধান্ত গ্রহণ কৰে, তালৈ যুৱচামে আগ্ৰহৰে বাট চাইছে। দুই দশক পূৰ্বে বিজেপিৰ অন্যতম প্রতিষ্ঠাপক নেতা তথা তদানীন্তন প্রধানমন্ত্রী অটলবিহাৰী বাজপেয়ীয়ে এনডিএ চৰকাৰক নেতৃত্ব প্রদান কৰিছিল। সেই সময়তো একাধিক দলৰ নেতৃত্বক সৈমান কৰিবলৈ যথেষ্ট এৰা-ধৰা কৰিবলৈ বাধ্য হৈছিল।

কিন্তু প্রয়াত বাজপেয়ীয়ে চৰকাৰক নেতৃত্ব দিলেও অন্যান্য দলৰ স’তে সৌহার্দ্যপূর্ণ সম্পর্ক বজাই চলিবলৈ সক্ষম হৈছিল আৰু বিনিময়ত তেৱোঁ অন্যান্য দলীয় নেতৃত্বৰ পৰা সন্মান তথা সমীহ আদায় কৰিছিল। কিন্তু মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে বিগত প্রায় আঢ়ৈদশক কাল চৰকাৰক নেতৃত্ব প্রদান কৰি আহিছে যদিও প্রতিবাৰেই তেওঁ এখন সুস্থিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ লাভ কৰিছিল।

এই প্ৰথমবাৰলৈ তেওঁ মৰ্চা চৰকাৰক নেতৃত্ব প্রদান কৰিবলৈ ওলোৱাৰ সময়ত সেয়েহে সহযোগী দলসমূহৰ প্ৰতি মোদীৰ ব্যৱহাৰক লৈ প্ৰশ্নৰ উদ্ৰেক হোৱাটো স্বাভাবিক; কিয়নো যোৱা ১০ বছৰত বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বলতে নামমাত্র এনডিএৰ অংশীদাৰ দলসমূহক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। চৰকাৰৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণৰ সময়ত বাৰে বাৰে এই কথা পোহৰলৈ আহিছে যে সহযোগী দল দূৰৰে কথা, বিজেপিতো কোনেও গুৰুত্ব লাভ কৰা নাছিল।

এইবাৰ ক্ষমতা ৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি সলনি হ’ব নে তাক লৈ উৎসুকতাৰ অভাৱ নাই। অৱশ্যে নিজৰ আসন সংখ্যা উন্নত কৰি ক্ষমতা হেৰুওৱাৰ ভাবুকি হ্রাস কৰিবলৈ বিজেপিয়ে পুনৰ ইয়াৰ পুৰণি কৌশলকে ৰূপায়ণ কৰিব পাৰে বুলি একাংশই শংকা প্রকাশ নকৰাকৈ থকা নাই। তাৰেই অংশৰূপে বিজেপিয়ে সহযোগী দলসমূহত বিভাজন ঘটাবলৈ পৰিকল্পনা ৰচিব পাৰে।

সম্প্রতি এনডিএৰ অংশীদাৰ অধিকাংশ দলতে বিজেপিয়ে ইতিমধ্যে বিভাজন ঘটাইছে। সেয়া মহাৰাষ্ট্ৰৰ শিৱসেনা, এনচিপিয়ে হওক বা বিহাৰৰ জনতা দল-ইউনাইটেড, লোক জনশক্তি পার্টিয়ে হওক। গতিকে সেই দলসমূহ আশংকামুক্ত হোৱাটো সম্ভৱ হ’বনে সেয়াও এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ প্রশ্ন। এনে পৰিপ্ৰেক্ষিততে নতুনকৈ মোদী চৰকাৰ গঠনৰ সময়তে এইবাৰৰ নিৰ্বাচনত কাৰ জয় আৰু কাৰ পৰাজয় ঘটিল তাক লৈ হিচাপ-নিকাচ অব্যাহত আছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pranjalsen DekaSpl ArticlesWho losesWho wins
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d