Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Eminent film director- playwright Kulda Kumar Bhattacharya passes away:মঞ্চ-ৰূপালী পর্দা উকা কৰি আঁতৰি গ’ল কুলদা কুমাৰ ভট্টাচাৰ্য

জীৱনৰ অন্তিম সময়লৈ আছিল অনুপ্ৰেৰণাৰ উৎস, অভিনয়ৰ প্ৰেমত ব্যৱসায় শিকিবলৈ গৈ লণ্ডনত পঢ়িছিল নাটকৰ বিষয়ে, ৯১ বছৰত বার্ধক্যজনিত কাৰণত দেহাৱসান, ব্যতিক্রমী কণ্ঠ-অভিনয়ৰে অনবদ্য অৱদান, মুখ্যমন্ত্রীকে ধৰি বিভিন্নজনৰ শোক, জি এম চি এইছক দি গৈছিল দেহদান

samimsultana by samimsultana
November 2, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Eminent film director- playwright Kulda Kumar Bhattacharya passes away:মঞ্চ-ৰূপালী পর্দা উকা কৰি আঁতৰি গ’ল কুলদা কুমাৰ ভট্টাচাৰ্য
2
SHARES
18
VIEWS
ShareShareShareShare

Eminent film director- playwright Kulda Kumar Bhattacharya passes away:

বাৰ্ধক্যজনিত কাৰণত জীৱন নাট সামৰিলে মঞ্চ, অনাতাঁৰ, চলচ্চিত্ৰৰ প্রসিদ্ধ অভিনেতা, পৰিচালক আৰু আবৃত্তিকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যই। অৱশ্যে তেওঁৰ পৰিচয় ইমানতে সমাপ্ত নহয়। সর্বোপৰি তেওঁ আছিল আনৰ বাবে অফুৰন্ত অনুপ্ৰেৰণাৰ উৎস। সেই সকলোকে ইহসংসাৰত এৰি শুক্ৰবাৰে নিশা মহানগৰীৰ দিছপুৰ হাস্পতালত ৯১ বছৰত শেষ নিশ্বাস ত্যাগ কৰিলে ভট্টাচার্যই। ভট্টাচার্যক যোৱা ২৪ অক্টোবৰত চিকিৎসালয়খনত ভর্তি কৰোৱা হৈছিল। চিৰকুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসমে হেৰুৱালে এগৰাকী প্রাণৱন্ত লোককো।

ADVERTISEMENT

যোৱা আগষ্টত ঘোষণা কৰা হৈছিল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতাৰ বঁটাসমূহ। এই প্রতিযোগিতাত ‘হাতী বন্ধু’ নামৰ তথ্যচিত্ৰখনৰ বাবে ভট্টাচার্যই শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় সম্মান লাভ কৰিছিল। ৯০ বছৰ বয়সতো ভট্টাচার্যই প্রমাণ কৰা তেওঁৰ দক্ষতা আন বহুজনৰ বাবে গভীৰ অনুপ্ৰেৰণাৰ উৎস। এই সম্মান লাভ কৰি ভট্টাচাৰ্যই কৈছিল, ‘৯০ বছৰ এটা মাত্র সংখ্যাহে।’

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

উল্লেখ্য যে ,বৰ্ষীয়ান অভিনেতা গৰাকীয়ে তেওঁৰ শৰীৰ জি এম চিএইছক দি যোৱাৰ বাবে আজি পৰিয়ালৰ লোকে বাসগৃহত যাবতীয় ধৰ্মীয় ৰীতিনীতি সম্পন্ন কৰাৰ অন্তত বিয়লি আনুষ্ঠানিকভাৱে জিএমচিএইছ কৰ্তৃপক্ষৰ হাতত গতাই দিব ভট্টাচাৰ্যৰ নশ্বৰদেহ ৷

ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৩৩ত গুৱাহাটীত। তেওঁৰ পিতৃ আছিল প্রখ্যাত অধিবক্তা প্রয়াত কালীপ্রসন্ন ভট্টাচার্য। গুৱাহাটীতে শিক্ষা জীৱন পাৰ কৰা ভট্টাচাৰ্য সকলোৰে বাবে আছিল ‘কুলদা’। সৰুৰে পৰা আবৃত্তি, সংস্কৃতিৰ ক্ষেত্ৰখনৰ প্ৰতি কুলদা ভট্টাচাৰ্যৰ অত্যন্ত আকর্ষণ আছিল। এই ক্ষেত্ৰখনত প্রথমে তেওঁ আবৃত্তিকাৰ ৰূপে প্রবেশ কৰিছিল। প্রাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে আবৃত্তিৰ ক্ষেত্রখনত প্রবেশ কৰা ভট্টাচার্যই অসুস্থ হৈ পৰাৰ আগমুহূৰ্তলৈকে ইয়াৰ লগত জড়িত হৈ আছিল। ৪০ৰ দশকত তেওঁ অভিনয়ৰ জগতখনত প্রবেশ কৰিছিল। তদানীন্তন কটন মহাবিদ্যালয়ত পঢ়ি থাকোতে ১৯৪৫ত তেওঁ ৰবীন্দ্রনাথ ঠাকুৰৰ ‘ঢাকঘৰ’ নাটকখনৰ ‘অমল’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল। এই চৰিত্ৰটোত অভিনয় কৰি তেওঁ ইমানেই জনপ্রিয় হৈছিল যে বহু বছৰলৈ তেওঁক চিনাকি বহুজনে অমল বুলিয়ে মাতিছিল।

অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ পাণবজাৰ হৰিসভাত ৰূপায়ণ হোৱা যাত্ৰাৰ লগতো কিছু পৰিমাণে জড়িত আছিল। সেই যাত্ৰাৰ পৰই তেওঁৰ অভিনয়ৰ প্ৰতি আকর্ষণ বৃদ্ধি হৈছিল। ১৯৫৪ত প্রয়াত ভট্টাচার্যই বষ্টন মহাবিদ্যালয়ৰ পৰা আধুনিক ইতিহাস বিষয়ত স্নাতক ডিগ্রী লাভ কৰিছিল। পৰীক্ষাত ব্যুৎপত্তি প্রদর্শন কৰিলেও তেওঁৰ মন-মগজু ইতিমধ্যে নাটকৰ ক্ষেত্ৰখনত সমাহিত হৈছিল। সেই কাৰণেই তেওঁ স্নাতকোত্তৰ পাঠ্যক্রমত মন বহুৱাব নোৱাৰিলে। তাৰ পৰিৱৰ্তে গুৱাহাটীত মঞ্চস্থ হোৱা কে’বাখনো বিখ্যাত ইংৰাজী নাটকত অভিনয়ৰে সেই সময়ত সুখ্যাতি লাভ কৰিবলৈ তেওঁ সক্ষম হেছিল। তেনে নাটকৰ ভিতৰত ‘হেমলেট’, ‘মার্চেন্ট অব ভেনিছ’ অন্যতম আছিল। সেই সময়তে তেওঁ ভাৰতীয় গণনাট্য সংঘৰ লগতো জড়িত হৈ পৰিছিল। তেওঁ জড়িত হৈ পৰিছিল অনাতাঁৰ কেন্দ্ৰৰ লগতো। ১৯৫৮লৈ তেওঁ আকাশবাণী গুৱাহাটীত অসমীয়া আৰু ইংৰাজী ঘোষকৰূপে কাম কৰিছিল।

ইপিনে, পৰিয়ালৰ লোকে ভট্টাচার্যই শিক্ষা জীৱন আগবঢ়াই নিয়াটো বিচাৰিছিল। পিতৃৰ আগ্ৰহত আৰু বিভিন্ন পক্ষৰ সহযোগত ১৯৫৮ত তেওঁ লণ্ডনৰ লিটছ বিজনেছ স্কুলত নামভর্তি কৰিছিল; কিন্তু তেওঁ এমাহতে উপলব্ধি কৰিছিল যে সেয়া তেওঁৰ অধ্যয়নৰ বিষয় নহয়। পিতৃক তেওঁ সেই বিষয়ে জনাইছিল। কালীপ্রসন্ন ভট্টাচাৰ্যয়ো পুত্ৰৰ উপলব্ধি ভালদৰে বুজিছিল। সেই কাৰণে তেওঁ পুত্ৰক লণ্ডনতে থাকি নাটকৰ শিক্ষা ল’বলৈ পৰামর্শ দিছিল। পিতৃৰ এনে পৰামৰ্শত উৎসাহিত হোৱা কুলদা ভট্টচার্যই লণ্ডনৰ ‘নিউ এৰা একাডেমী অব ড্রামা এণ্ড মিউজিক’ নামৰ প্রতিষ্ঠানটোত দুবছৰীয়া পাঠ্যক্রমত নামভৰ্তি কৰিছিল।

তাৰ লগতে তেওঁ ব্রিটিছ ড্রামা লীগত এক তিনিমহীয়া পাঠ্যক্রমো গ্রহণ কৰিছিল। এই শিক্ষাৰ খৰচ বহন কৰিবলৈ তেওঁ এখন গ্রন্থ বিপণীত বিক্রেতাৰূপে কাম কৰিছিল। লণ্ডনত লাভ কৰা সেই শিক্ষাই ভট্টাচার্যক ওৰে জীৱন উদ্বুদ্ধ কৰি ৰাখিছিল। দুবছৰীয়া পাঠ্যক্রম শেষ হোৱাৰ পাছত তেওঁ বিবিচি এছিয়াৰ বাংলা শাখাত কৰ্মৰত হৈছিল। পিটাৰ ফিছাৰ নামৰ এজন বন্ধুৰ সহযোগত তেওঁ হামবার্গত উপস্থিত হৈছিল আৰু ৰেডিঅ’ৰ ঘোষকৰূপে কাম কৰিছিল। সেই সময়তে তেওঁ জার্মান ভাষাও আয়ত্ত কৰিছিল।

১৯৬১ত তেওঁ ভাৰতলৈ উভতি আহে। তাহানিৰ কলিকতা (বৰ্তমানৰ কলকাতা) আৰু গুৱাহাটীক তেওঁ কর্মক্ষেত্রৰূপে গ্রহণ কৰিছিল। প্রয়াত অৰুণ শৰ্মা আৰু প্রয়াত ভবেন্দ্রনাথ শইকীয়াৰ স’তে মিলি তেওঁ অসমৰ নাট্য ক্ষেত্রখনত জপিয়াই পৰিছিল। ইয়াৰ বাবে ‘জাতীয় নাট্যশালা আন্দোলন’ নামৰ এটা সংস্থা কে’বাজনো সহযোগীৰে মিলি গঠন কৰিছিল। নাটকৰ ক্ষেত্ৰখনত জড়িত থকাৰ সময়তে ড° ভূপেন হাজৰিকাই তেওঁৰ ‘শকুন্তলা’ নামৰ ছবিখনত অভিনয়ৰ বাবে প্রয়াত ভট্টাচার্যক প্রস্তাৱ দিছিল। সেই ছবিখনত তেওঁ এজন মাছমৰীয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।

চলচ্চিত্ৰৰ ক্ষেত্ৰখনত ‘শকুন্তলা’ৰ জৰিয়তে প্ৰৱেশ কৰা ভট্টাচাৰ্যৰ এই যাত্রা ৯০ বছৰলৈ অব্যাহত আছিল। তেওঁ অসমীয়া আৰু বাংলা ভাষাৰ ছবিৰ ডাবিং শিল্পীৰূপেও কাম কৰিছিল। সমান্তৰালভাবে তেওঁ নাটক আৰু অভিনয় সন্দর্ভত লিখিবলৈও আৰম্ভ কৰিছিল। পশ্চিমবংগৰ ছবি জগতখনৰ লগতো তেওঁ জড়িত হৈ পৰিছিল। তথ্যচিত্ৰ আৰু বিজ্ঞাপনৰ ক্ষেত্রখনত ১৯৮০লৈ প্রয়াত ভট্টাচার্য অসম আৰু বংগৰ এগৰাকী এৰাব নোৱৰা শিল্পী আৰু পৰিচালকৰূপে প্রতিষ্ঠিত হৈছিল।

নাটকৰ সূত্রে তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতো জড়িত আছিল। তেওঁ ভ্রাম্যমাণৰ কে’বাখনো নাট পৰিচালনা কৰিছিল। গুৱাহাটী দূৰদৰ্শনৰ বাবে তেওঁ নিৰ্মাণ কৰা ‘তেজাল ঘোঁৰা’ নামৰ ধাৰাবাহিকখন চোৱা দর্শকে আজিও সেই মধুৰ স্মৃতি পাহৰিব নোৱাৰে।

চলচ্চিত্রত অভিনয় তেওঁৰ নিয়মীয়াকৈ চলিছিল। তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি হ’ল ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ‘প্রভাতী পখীৰ গান’, ‘ৰামধেনু’, ভিলেজ ৰকাৰ’ আৰু ‘দিকচৌ বনত পলাশ’। বহু সম্মান আৰু বঁটা লাভ কৰা ভট্টাচার্য এগৰাকী গদ্য লেখকো আছিল। তেওঁ ক্রীড়া বিষয়ক বিবিধ প্রবন্ধও লিখিছিল। তদুপৰি কে’বাখনো গ্রন্থ তেওঁ অনুবাদ কৰিছিল।

স্পষ্টবাদিতা তেওঁৰ আছিল এক অন্যতম পৰিচয়। গভীৰ সমাজ সংবেদনশীল ব্যক্তিত্বৰ অধিকাৰী প্রয়াত ভট্টাচার্যই অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা যিকোনো বিষয়ত অতি স্পষ্টভাৱে নিজৰ মত দাঙি ধৰিছিল। জাতীয় এক বিষয়ত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাক এখন ৰাজহুৱা সভাত তেওঁ কৰা ক্ষুৰধাৰ সমালোচনা বিশেষ চৰ্চাৰ বিষয় হৈছিল।

#শোক প্রকাশ

কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্রকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্রীয়ে শিল্পীগৰাকীক স্মৰণ কৰি কয় যে বলিষ্ঠ কণ্ঠৰ অধিকাৰী ভট্টাচার্য আছিল এগৰাকী সুআবৃত্তিকাৰ আৰু তথ্যচিত্ৰ পৰিচালকো। অভিনয় প্রেমীৰ হৃদয়ত বিশেষ আসন দখল কৰা ভট্টাচাৰ্যৰ প্রয়াণত অসমৰ সাংস্কৃতিক জগতখনত এক পূৰাব নোৱৰা ক্ষতি হ’ল। প্রখ্যাত অভিনয় শিল্পীগৰাকীৰ অসমৰ সাংস্কৃতিক জগতখনলৈ অৱদান উত্তৰসুৰীয়ে যুগে যুগে স্মৰণ কৰিব। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইপিনে, অসম চৰকাৰৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে এক শোকবার্তাত মন্তব্য কৰে যে কুলদা কুমাৰ ভট্টাচাৰ্য জীৱিত কালতেই হৈ পৰিছিল এক অনুষ্ঠান স্বৰূপ। তেওঁৰ মৃত্যু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়ায়ো এই বিয়োগ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে এক শোকবার্তাত কয় যে এইগৰাকী স্বনামধন্য ব্যক্তিসত্তাৰ বিয়োগৰ খবৰ লাভ কৰি তেওঁ অত্যন্ত মর্মাহত হৈছে। সোণোৱালেও ভট্টাচাৰ্যৰ বিয়োগ এক অপূৰণীয় ক্ষতি বলি অভিহিত কৰে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শোক প্রকাশ কৰি কয় যে অসমৰ অপেছাদাৰী নাট্য ক্ষেত্ৰলৈ অভূতপূর্ব অৰিহণা আগবঢ়াই যোৱা ভট্টাচাৰ্যৰ বিয়োগ অসমৰ বাবে অপূৰণীয় ক্ষতি। অসম আৰু অসমীয়া মানুহক মনে-প্রাণে ভাল পাইছিল ভট্টাচার্যই। তেওঁৰ বিয়োগত অসমে এটি বত্ন হেৰুৱালে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি দলটোৰ নেতৃবৃন্দই এক শোকবার্তাত মন্তব্য কৰে যে কুলদা কুমাৰ ভট্টাচার্য কেৱল নাটক আৰু চলচ্চিত্ৰৰ সাংস্কৃতিক কর্মীয়েই নাছিল, তেওঁ এজন প্রগতিশীল চিন্তাৰ পণ্ডিতো আছিল। ৰাইজৰ দলে দলৰ তৰফৰ পৰা প্রয়াত ভট্টাচার্যলৈ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক শোকবার্তাত কয় যে ভট্টাচাৰ্যৰ লগত ব্যক্তিগতভাবে তেওঁৰ ঘনিষ্ঠ সম্পর্ক আছিল। সেই সূত্রে আজি বহু স্মৃতি তেওঁৰ চকুৰ সম্মুখত দোলা দি ফুৰিছে। ভূঞাই কয়, ‘মই কাকতৰ সম্পাদক হৈ থাকোতে তাগিদা দিয়াৰ বাবে কে’বাটাও লেখা ভট্টাচার্যই ৰাইজৰ মাজলৈ আগবঢ়াই দিছিল। টেলিভিছনৰ পৰ্দাত এক দীঘলীয়া সাক্ষাৎকাৰো লৈছিলো। সৌ সিদিনালৈ ভট্টাচার্যই আমাৰ স’তে একেলগে চৰকাৰৰ প্ৰতিটো জনবিৰোধী কামৰ সমালোচনা কৰি গৈছিল। আজি কিবা উকা উকা লাগিছে। এই জটিল সময়ত পৰিয়াললৈ গভীৰ সমবেদনা আৰু ভট্টাচার্যদেৱলৈ গভীৰ শ্রদ্ধাঞ্জলি যাচিছো।’

নিৱন্ধকাৰ নিবন্ধকাৰ আৰু সাংস্কৃতিক কর্মী গোপাল জালানেও শোক প্রকাশ কৰিছে। এক শোকবার্তাত জালানে কয়, ‘একাধাৰে অভিনেতা, পৰিচালক, লেখক, অনাতাঁৰ শিল্পীকুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত মর্মাহত হৈছো। নিৰহংকাৰী- অবিবাহিত ভট্টাচার্যই নাটক,ধাৰাবাহিক, চলচ্চিত্ৰৰ নামতে জীৱনটো উৎসর্গা কৰিছিল। তেওঁৰ পৰিচালিত আৰু অভিনীত ‘তেজাল ঘোঁৰা’, ‘ত্রিকাল’, ‘দামিনী’ আদি দূৰদৰ্শনৰ ধাৰাবাহিকৰ কথা যিদৰে পাহৰিব নোৱাৰি, তেনেদৰে ‘শকুন্তলা’, ‘লটিঘটি’ আদিকে ধৰি চলচ্চিত্ৰবোৰত কৰা অভিনয়ৰ কথাও পাহৰিব নোৱাৰি। নৱপ্ৰজন্মক তেওঁ যথেষ্ট প্রেৰণা যোগাইছিল।তেওঁব বিদেহী আত্মাৰ সদগতি কামনা কৰিলো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dispur HospitalEminent film director- playwright Kulda Kumar Bhattacharya passes awayGuwahati
samimsultana

samimsultana

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d