Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Operation Sindoor:ভাৰতৰ প্ৰত্যাঘাত: ইয়াৰ পাছত কি !

অপাৰেছন সিন্দূৰ',পাকিস্তান সমর্থিত সন্ত্রাসবাদ দমনত ভাৰতৰ এই পর্যন্ত সর্বাধিক ব্যয়বহুল অভিযান প্রযুক্তি ব্যৱহাৰেৰে নিখুঁত আক্রমণত নিহত ৭০জন-৬০জনৰো অধিক আহত

publisher by publisher
May 8, 2025
in Crime, International
Reading Time: 5 mins read
0
Operation Sindoor:ভাৰতৰ প্ৰত্যাঘাত: ইয়াৰ পাছত কি !
2
SHARES
17
VIEWS
ShareShareShareShare

জম্মু-কাশ্মীৰৰ পহলগামত পাক সন্ত্রাসবাদীৰ নাৰকীয়তাৰ পাছত দুই দেশৰ মাজত বিৰাজ কৰা উত্তেজনাই বুধবাৰে পুৱতি নিশা মুহূৰ্তৰ ভিতৰতে ভাৰতীয় প্রত্যাঘাতৰ বৃহৎ জোঁকাৰন্তি প্ৰকৃতাৰ্থত যুদ্ধমুখী গতি লাভ কৰে। মাত্র ২৫ মিনিটৰ ভিতৰত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ২৪টা ক্ষেপণাস্ত্র নিক্ষেপ কৰি নটা সন্ত্রাসবাদীৰ ঘাটি চূর্ণ-বিচূর্ণ কৰাৰ লগতে ৭০জন সন্ত্রাসবাদীক ধৰাশায়ী কৰে।

ADVERTISEMENT

পুৱতি নিশা ১-০৫ বজাৰ পৰা ১-৩০বজালৈ ভাৰতীয় সেনাবাহিনীয়ে চলোৱা ‘অপাৰেছন সিন্দুৰ’ৰ প্রত্যাঘাতৰ কিছু ক্ষণ পূর্বে এটি ভিডিঅ’ প্রকাশ কৰে ভাৰতীয় সেনাই। এই ভিডিঅ’টোত কোৱা হয় তেওঁলোক যিকোনো পৰিস্থিতি বাবে সাজু আছে। পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিক লক্ষ্য কৰি অপাৰেছন সিন্দুৰৰ সময়তে ভাৰতীয় সেনাই তেওঁলোকৰ অস্ত্র ভাণ্ডাৰ, গুলি-বাৰুদ আৰু যুদ্ধাস্ত্ৰৰ এটা ভিডিঅ’ প’ষ্ট কৰে সামাজিক মাধ্যম ‘এক্স’ৰ হেণ্ডেলত। এই প’ষ্টত সেনাই এইদৰে লিখিছে, ‘আক্ৰমণৰ বাবে প্রস্তুত, বিজয়ৰ বাবে প্রশিক্ষিত।’ আক্ৰমণৰ মুহূৰ্ততে প’ষ্ট কৰা ভিডিঅ’ত ভাৰতীয় সেনাৰ যুদ্ধৰ অনুশীলনৰ দৃশ্যও দেখা গৈছিল।

RelatedPosts

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্ষেপণাস্ত্ৰ ক্ৰয়!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

সমৰসজ্জাৰে পৰিবেষ্টিত যুদ্ধ বাহন, অস্ত্রসজ্জাৰ দৃশ্য আৰু গোলা-বাৰুদ নিক্ষেপৰ দৃশ্য বন্দী আছিল ভিডিঅ’ত। একেদৰে আছে ক্ষেপণাস্ত্র নিক্ষেপৰ দৃশ্য। ভিডিঅ’ৰ পটভূমিত এটি কণ্ঠস্বৰে এইদৰে কৈছে, ‘ধূলি আৰু ধুমুহাৰ আঁৰৰ পৰাও তোমালোকক বিচাৰি আনিম। ভ্রাতৃ-ভগ্নীসকলৰ বেদনাৰ যি বোজা বুকুত বান্ধি আছো, তাকে লৈ বিচাৰি উলিয়াম তোমালোকক। য’তেই লুকাই নাথাকা কিয় বিচাৰি উলিয়াই প্রত্যাঘাত কৰা হ’ব।’ মাত্র কিছুক্ষণ পাছতেই ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু বহু ঘাটি নিশ্ছিন্ন কৰি পেলায়। অন্যতম লক্ষ্য হিচাপে নির্ধাৰণ কৰা বাহাৱালপুৰত ভাৰতৰ ‘ম’ষ্ট ৱান্টেড’ আৰু ভাৰতৰ বিৰুদ্ধে বহুকেইটা বৃহৎ কূটাঘাত সংঘটিত কৰা জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ সদস্য আৰু চাৰি সহযোগী এই অপাৰেছন সিন্দুৰত নিঃশেষ কৰাৰ বতৰাই বহু ভাৰতীয় ভুক্তভোগীৰ মন নিশ্চিতভাৱে তৃপ্ত কৰি তুলিছে।

# অধিক প্রত্যাঘাত কৰিব নেকি ভাৰতে?

মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বতে ২০১৬ত জম্মু-কাশ্মীৰৰ উৰিত পাক সন্ত্রাসবাদীয়ে ভাৰতীয় সেনাবাহিনীৰ ওপৰত কৰা আক্ৰমণৰ পাছত চলোৱা ভাৰতৰ ‘ছাৰ্জিকেল স্ট্রাইক’ আৰু পৰৱৰ্তী সময়ত ২০১৯ত পুলৱামাত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা পাক সন্ত্রাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানৰ বালাকোটত সন্ত্রসাবাদী সংগঠনটোৰ সৰ্ববৃহৎ প্রশিক্ষণ শিবিৰত কৰা প্রত্যাঘাততকৈ অপাৰেছন সিন্দূৰ হৈছে এই মুহূৰ্তলৈ সীমান্তৰ সিপাৰত ভাৰতে কৰা প্ৰত্যাক্ৰমণৰ ভিতৰতে সর্বাধিক ব্যয়বহুল। সূত্রত প্রকাশ যে ভাৰতে আগন্তুক দিনত এনে অধিক আক্রমণ পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত চলোৱাৰ সম্ভাৱনা আছে। পাকিস্তানৰ ভূমি সন্ত্রাসবাদৰ প্রশিক্ষণ আৰু প্ৰসাৰৰ কেন্দ্ৰভূমিৰূপে যাতে ব্যৱহাৰ কৰিবলৈ দিয়া নহয়, সেই শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাটোৱে ইয়াৰ উদ্দেশ্য। সূত্ৰত প্রকাশ যে পাকিস্তানে যদি অপাৰেছন সিন্দুৰৰ প্ৰত্যুত্তৰ দিয়ে তেন্তে ভাৰতে অধিক শক্তিশালী প্ৰত্যুত্তৰ দিব। ইতিমধ্যে ভাৰতে এই নিপুণ সামৰিক অভিযানৰ জৰিয়তে বিশ্ব পর্যায়ত সমর্থন আদায় কৰিবলৈ সক্ষম হৈছে।

এই পর্যন্ত যুদ্ধ আৰম্ভ হোৱা নাই যদিও ভাৰতৰ প্ৰাক্তন সেনাপ্রধানৰ এক বক্তব্যই প্ৰেৰণ কৰিছে বৃহৎ ইংগিত। ভাৰতীয় সেনাৰ প্ৰাক্তন মুৰব্বী মনোজ নাৰৱানে সামাজিক মাধ্যমত এটা প’ষ্টত লিখিছে এইদৰে, ‘অভি পিকচাৰ বাকী হ্যায়’ অর্থাৎ আৰু বহুত কিবা কিবি হ’বলৈ বাকী আছে। তেওঁ সমান্তৰালভাৱে আন এক প’ষ্টত অপাৰেছন সিন্দুৰৰ প’ষ্ট এটাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। এতিয়া প্রশ্ন হৈছে সঁচাকৈয়ে কিবা হ’ব নে? এনে সম্ভাৱনা অৱশ্যে পাকিস্তানৰ পক্ষৰ পৰাও প্ৰকাশ কৰা হৈছে। শেহতীয়া তথ্যত প্রকাশ যে উপযুক্ত প্রত্যুত্তৰ দিবলৈ পাকিস্তানৰ প্রধানমন্ত্রী শাহবাজ শ্বৰীফে পাক সেনাক পূর্ণ কর্তৃত্ব প্রদান কৰিছে। কালি দিনৰ ভাগত এক বিবৃতিত পাক প্রধানমন্ত্রীৰ কাৰ্যালয়ে প্রকাশ কৰে যে ভাৰতৰ আক্ৰমণৰ পাছত পাকিস্তানৰ সশস্ত্র বাহিনীক যথাযথভারে সংশ্লিষ্ট পদক্ষেপ গ্রহণত অনুমোদন দিয়া হৈছে। বুধবাৰে পুৱাৰ ভাগত পাকিস্তানৰ শীর্ষ বিষয়াসকল নিৰাপত্তা সম্পর্কীয় বৈঠকত মিলিত হয়।

অৱশ্যে বৰ বৰ কথা ক’লেও ভাৰতৰ আক্ৰমণত হাহাকাৰৰ সৃষ্টি হোৱা আৰু লজ্জাৰ সন্মুখীন হোৱা পাকিস্তান আতংকত ভুগি আছে। কালি পাক প্ৰতিৰক্ষা মন্ত্রী খোৱাজা আছিফে ভাৰতক একপ্ৰকাৰ শান্তি বাৰ্তা প্রদান কৰিছে। তেওঁ কয়, ‘ভাৰতে যদি আৰু কোনো পদক্ষেপ গ্রহণ নকৰে তেতিয়াহ’লে আমিও পদক্ষেপ গ্রহণৰ পৰা বিৰত থাকিম।’ অৱশ্যে ইয়াৰ পাছতে পাকিস্তানৰ শীর্ষ নেতৃত্বই বৈঠকত মিলিত হৈ পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দিবলৈ কর্তৃত্ব প্ৰদান কৰে। সন্ত্রাসবাদীৰ ঘাটিত ভাৰতৰ আক্রমণক পাকিস্তানে যুদ্ধ বুলিয়ে ঘোষণা কৰিছে। দেশখনৰ সাৰ্বভৌমত্বত আঘাত কৰা হৈছে বুলিও কয় পাকিস্তানে।বুধবাৰে প্রধানমন্ত্রী শাহবাজ শ্বৰীফৰ উপস্থিতিত সেনাক পূর্ণ ক্ষমতা দিয়াৰ কথা ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ ছনদৰ ৫১ নম্বৰ অনুচ্ছেদৰ উদ্ধৃতি দি পাক এনএছচিয়ে কয়, ‘নিৰপৰাধ পাকিস্তানীসকলৰ প্ৰাণহানি আৰু সাৰ্বভৌমত্ব উলংঘনৰ প্ৰতিশোধ আৰু আত্মৰক্ষাৰ অধিকাৰ আছে পাকিস্তানৰ।’ বৈঠকৰ পাছত প্রকাশিত আন এক বিবৃতিত কোৱা হৈছে এইদৰে, ‘ভাৰতে এই অঞ্চলত পুনৰ জুই জ্বলালে।’ ইছলামাবাদে অভিযোগ কৰে যে অপ্ৰৰোচিতভাৱে আন্তর্জাতিক বিধি উলংঘন কৰি আক্ৰমণ কৰিলে ভাৰতে আৰু ইয়াৰ বাবে আন্তর্জাতিক মঞ্চত ভাৰতক জবাবদিহি কৰা হ’ব। তদুপৰি পাক অধিকৃত কাশ্মীৰ আৰু পঞ্জাৱৰ নটা স্থানত সন্ত্রাসবাদীৰ শিবিৰৰ উপস্থিতিক কাল্পনিক বুলিও আখ্যা দিয়ে। সাধাৰণ নাগৰিকক আক্ৰমণ কৰা বুলি অভিযোগ কৰে ইছলামাবাদে।

ইপিনে, বুধবাৰে দিনৰ ভাগত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে অশান্তি বৃদ্ধিৰ চেষ্ট কৰিলে ভাৰতে কঠোৰ পদক্ষেপ গ্রহণ কৰিব। তদুপৰি লক্ষ্যণীয়ভাৱে মার্কিন নিৰাপত্তা উপদেষ্টা তথা বৈদেশিক সচিব মার্ক’ কবিয়’ৰ স’তেও আলোচনাত মিলিত হয় ড’ভাল। ইয়াৰ পাছত ব্রিটেইন, ছৌদি আৰব, জাপান, ৰাছিয়া, ফ্রান্সকে ধৰি বিশ্ব মঞ্চৰ আগশাৰীৰ দেশসমূহৰ নিৰাপত্তা উপদেষ্টাসকলৰ স’তে ড’ভালে বাৰ্তালাপ কৰে। ইয়াত স্পষ্ট কৰি দিয়া হয় যে অহেতুক উত্তেজনা বৃদ্ধিৰ কোনো ইচ্ছা নাই ভাৰতৰ। কিন্তু পাকিস্তানে যদি এনে কোনো কাম কৰে তেন্তে ভাৰত প্ৰতিশোধ ল’বলৈ বাধ্য হ’ব। ভাৰতে ইতিমধ্যে বিশ্ব পর্যায়ত সমর্থন আদায় কৰিবলৈ সক্ষম হৈছে বুলিও ভাৰতীয় কর্তৃপক্ষই দাবী কৰে।

# ঘড়ীত তেতিয়া নিশা ১-০৫ বাজিছে: অন্ধকাৰত নিক্ষেপ ক্ষেপণাস্ত্র

বুধবাৰে দিনৰ ভাগত পাক অধিকৃত কাশ্মীৰৰ একাধিক স্থানত আক্ৰমণৰ ভিডিঅ’ প্রকাশ কৰে ভাৰতীয় সেনাই। এইবোৰত দেখা গৈছে আকাশী পথেৰে লক্ষ্যৰ দিশলৈ আগুৱাইছে ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমানসমূহ। তাৰ পাছত নিখুঁতভাৱে জোখ-মাখ কৰি নিক্ষেপ কৰা হৈছে ক্ষেপণাস্ত্র। পৰৱৰ্তী সময়তে পাকিস্তানৰ সন্ত্রাসভূমি বিস্ফোৰণত কঁপি উঠিছে। বুধবাৰে পুৱতি নিশা পাক অধিকৃত কাশ্মীৰৰ নটা স্থানত ভাৰতীয় সেনাই কৰা আক্ৰমণৰ পাছত দেশৰ প্ৰতিৰক্ষা মন্ত্রণালয়ে দাবী কৰে যে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা স্থানত সন্ত্রাসবাদীৰ ঘাটিক লক্ষ্য কৰি নিখুঁত প্রত্যাঘাত কৰা হৈছে। ভাৰতৰ মূল লক্ষ্যস্থলীৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু পাঁচটা হৈছে পাক অধিকৃত কাশ্মীৰত। ভাৰতে কয় যে বাহাৱালপুৰ, মুৰিদকে আৰু শিয়ালকোট, মূলতঃ এই তিনিটা অঞ্চলত সন্ত্রাসবাদীৰ ঘাটি মাটিত মিহলি কৰি পেলোৱাটোৱেই আছিল সেনাৰ মূল লক্ষ্য। এই অঞ্চলসমূহত প্ৰৱেশ কৰি ভাৰতে সন্ত্রাসবাদীক আক্ৰমণৰ পৰিকল্পনা ৰচিছিল বুলি প্রকাশ কৰে।

পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্‌ফ্ফৰাবাদ, কোটলি, বাহাৱালপুৰ, ৰাৱলকোট, চাকছৱাড়ী, ভিমবেৰ, নীলুমভিলী, ঝিলাম আৰু চাকোৱাল অঞ্চলত সুদীর্ঘ কাল ধৰি পাক চোৰাংচোৱা সংস্থা আইএছআয়ে সন্ত্রাসবাদী সৃষ্টিৰ কেন্দ্ৰভূমি হিচাপে ব্যৱহাৰ কৰি থকাৰ তথ্য আছিল ভাৰতীয় চোৰাংচোৱাৰ হাতত। ইয়াতে থকা শিবিৰসমূহত প্রশিক্ষণৰে জন্ম দিয়া হয় সন্ত্রাসবাদী। এই শিবিৰবোৰ হৈছে ভাৰতত বহুবাৰ সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰা লস্কৰ-ই-তৈবা আৰু জঈছ-ই-মহম্মদৰ। আক্ৰমণৰ পাছত প্রকাশিত তথ্য অনুসৰি, বাহাৱালপুৰ উপ-কণ্ঠৰ এনএইছ-৫-স্পৰ্শ কৰি যোৱা অঞ্চলতে ১৫ একৰ বিস্তৃত ভূমিত আগুৰি আছে জঈছ-ই-মহম্মদৰ মূল প্রশিক্ষণ আৰু প্ৰচাৰ কেন্দ্ৰ। ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ মূল চক্রী এই সন্ত্রাসবাদী সংগঠনৰ ঘাটিত বুধবাৰে পুৱতি নিশা ভাৰতৰ ক্ষেপণাস্ত্ৰই আঘাত হানে। ইপিনে, লস্কৰ-ই-তৈবাৰ অন্যতম ঘাটি মুৰিদকেতো নিক্ষেপ কৰা হয় ভাৰতীয় ক্ষেপণাস্ত্র।

নিশা ১-০৪ বজাত আক্ৰমণ কৰা হয় কোটলীত, ১-০৭ বজাত গুলপুৰত, তাৰ চাৰি মিনিটৰ অন্তত বিস্ফোৰণত কঁপি উঠে মেহমুনা জোৱা। ইয়াৰ পাছত এটাৰ পাছত আনটো আঘাত কৰি তচনচ কৰি পেলোৱা হয় মুজফ্‌ফ্ফৰাবাদৰ ছাৱাইনালা, বৰনালা, ছৰজল, চক আমৰু আৰু বাগৰ সন্ত্রাসবাদীৰ ঘাটি। ইতিমধ্যে প্রকাশিত ছবিত দেখা গৈছে যে পাকিস্তানৰ একাধিক বৃহৎ গৃহ লণ্ডভণ্ড কৰি পেলোৱা হৈছে। ভাঙি চূর্ণ-বিচূর্ণ হোৱা এই ঘৰবোৰতে দিয়া হৈছিল সন্ত্রাসবাদীক প্রশিক্ষণ।

চোৰাংচোৱা সূত্ৰত প্ৰকাশ যে বিভিন্ন অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ আৰু বৃহৎ পৰিসৰত সূত্ৰ ব্যৱহাৰ কৰি এই নটা স্থান আক্ৰমণৰ বাবে চিনাক্ত কৰিছিল ভাৰতীয় চোৰাংচোৱা সংস্থাই। এই তথ্য তুলি দিয়া হৈছিল ভাৰতীয় সেনাৰ হাতত। ইয়াৰ পাছতেই অপাৰেছন সিন্দূৰৰ যো-জা আৰম্ভ হয় আৰু বুধবাৰে পুৱতি নিশা ভাৰতীয় সেনাই সুযোগ বুজি আক্রমণ কৰে। এই আক্ৰমণৰ ঘটনাত ৭০জন সন্ত্রাসবাদী নিহত হোৱাৰ উপৰি ৬০তকৈ অধিক গুৰুতৰভাৱে আহত হৈছে।

তথ্য অনুসৰি আক্ৰমণ সংঘটিত কৰা হৈছে ভূমিৰ পৰা আৰু আকাশমাৰ্গৰ পৰা নিক্ষেপিত কৰিব পৰা ক্ষেপণাস্ত্ৰৰ জৰিয়তে। অত্যাধুনিক ড্ৰ’ন ব্যৱহাৰ কৰি ৰিয়েল টাইম (ঘটনা সংঘটিত হোৱাৰ প্ৰকৃত সময়) পুনৰীক্ষণৰ জৰিয়তে ন্যূনতম হতাহতৰ পৰিকল্পনা অক্ষত ৰাখি লক্ষ্যস্থান ধ্বংস কৰাটো সম্ভৱপৰ হোৱা বুলি সেনাৰ সূত্ৰত প্রকাশ। নিখুঁতভাৱে পৰিচালিত যুদ্ধাস্ত্র যেনে ‘লেজাৰ ডেজিগনেটেড’ ক্ষেপণাস্ত্ৰ আৰু উপগ্ৰহৰ দ্বাৰা পৰিচালিত গ্লাইড বোমা এই আক্ৰমণত ব্যৱহাৰ কৰাৰ ফলত নিখুঁত-নিপুণ আঘাত হনাটো নিশ্চিত কৰাৰ উপৰি অনাৱশ্যকীয় ক্ষয়-ক্ষতি এৰাই চলিবলৈ সক্ষম হোৱা বুলি কয় প্ৰতিৰক্ষা মন্ত্রণালয়ৰ সূত্রই। এক অতি সুসংহত বিন্যাসৰে ক্ষেপণাস্ত্ৰসমূহ আকাশমার্গ আৰু ভূমিভাগৰ পৰা একে সময়তে আৰু বহুবাৰ নিক্ষেপ কৰি সন্ত্রাসবাদীৰ শিবিৰ ধ্বংস কৰা হৈছিল।

# উত্তেজনা বৃদ্ধিৰ আশংকা

২০১৯ আৰু ইয়াৰ পূৰ্বে ২০১৬ত ভাৰতে কৰা আক্ৰমণৰ তুলনাত এইবাৰ পহলগামৰ প্ৰত্যাঘাতৰূপে অপাৰেছন সিন্দূৰক বহু উচ্চখাপৰ বুলি কোৱা হৈছে। একাংশ বিশেষজ্ঞৰ মতে, ইয়াৰ অৰ্থ হৈছে যে উত্তেজনা বহু বেছি বৃদ্ধি হ’ব পাৰে। ৱাশিংটনস্থিত দক্ষিণ এছিয়াৰ বিশেষজ্ঞ আৰু বৈদেশিক নীতি বিষয়ক আলোচনীৰ এজন আগশাৰীৰ লেখক মাইকেল কুগেলমানে কয়, ‘২০১৯ত আমি যি দেখিছিলো তাতকৈ ভাৰতীয় প্রত্যাঘাত এইবাৰ অতি উচ্চখাপৰ আৰু সেয়েহে পাকিস্তানৰ পৰাও একে ধৰণৰ প্ৰত্যুত্তৰৰ সম্ভাৱনা প্রকাশিত হয়।’ ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এই সংঘাতক লজ্জাৰ বিষয় বুলি কয় আৰু অতি সোনকালে অন্ত পৰিব বুলি আশা প্রকাশ কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্ট’নিঅ’ গুটেৰেছে দুই দেশক সামৰিক সংযম বৰ্তাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনায়।

উল্লেখ্য যে ইতিমধ্যে পাকিস্তানে প্রকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপৰ ভাৰতীয় বাসিন্দাসকলৰ বাসগৃহ আদিত আজি তীব্র গুলিবর্ষণ কৰে। ফলত কমেও ১৫জন ভাৰতীয় নিহত হয় আৰু প্ৰায় ৫০জন আহত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Air StrikeIndo-pak borderOperation Sindoor
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d