Missile Attack:✒️গাজাৰ পানী যোগান লাইনতো ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় ইজৰাইলে।দেওবাৰে গাজা ভূখণ্ডৰ এটা স্থানত খোৱাপানী ল’বলৈ কেবাজনো লোকে শাৰী পাতি থিয় হৈ থকাৰ সময়তে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে তাত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়।
আক্ৰমণত আঠ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ অধিকাংশই আছিল শিশু।এই ঘটনাই ইজৰাইলৰ সেনাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে।
বিতৰ্কৰ মুখত আইডিএফৰ বাখ্যা,যান্ত্ৰিক বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। এক বিবৃতিত তেওঁলোকে কয়,যান্ত্ৰিক বিজুতিৰ বাবে ক্ষেপণাস্ত্ৰটোৱে নিজৰ উদ্দেশ্যপ্ৰণোদিত লক্ষ্য হেৰুৱাই পেলায়। ইজৰাইলৰ সেনাই দাবী কৰিছে যে এই ক্ষেপণাস্ত্ৰটো প্ৰকৃততে পেলেষ্টাইনৰ এটা সশস্ত্ৰ গোটৰ কেবাজনো সদস্যক লক্ষ্য কৰি লোৱা হৈছিল।
একে সময়তে তেওঁলোকে আশ্বাস দিয়ে যে গাজাৰ নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।
স্থানীয় বাসিন্দাসকলৰ মতে, গাজাৰ বহু পৰিয়ালে দেওবাৰে পানীৰ বাবে প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ লাইন পাতিছিল ।
স্থানীয় লোকে দাবী কৰিছে যে ক্ষেপণাস্ত্ৰ সংঘৰ্ষ কৰাৰ সময়ত পানী ল’বলৈ ২০টা শিশু আৰু ১৪ জন প্ৰাপ্তবয়স্ক লোকে শাৰী পাতি আছিল।
যদিও এই আক্ৰমণত কোনো লোক নিহত হোৱা নাই, তথাপিও বহু লোক গুৰুতৰভাৱে আহত হয়। কেবাদিনো ধৰি গাজাত পানীৰ সংকট। ইন্ধনৰ অভাৱত পানী পাম্প কৰাৰ কামতো বাধাৰ সৃষ্টি হৈছে।






























