Maoist:✒️২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদৰ পৰা মুক্ত কৰাৰ বাৰ্তা প্ৰদান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।সেই উদ্দেশ্যে বিগত এবছৰ ধৰি চৰকাৰে অবিৰতভাৱে চত্তীশগড়, ঝাৰখণ্ড, ওড়িশা, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুৰ্গম বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আহিছে।
মঙলবাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে স্বীকাৰ কৰে যে এই দমন কাৰ্যসূচীত মাওবাদীসকলৰ যথেষ্ট লোকচান হৈছে। তেওঁলোকৰ ৩৫৭ জন দলৰ সদস্যৰ মৃত্যু হয়।
লগতে চৰকাৰৰ “অপাৰেচন কাগগাৰ” “কৌশলগত ব্যৰ্থতা”ৰ বাবে সফল হোৱা বুলিও জনায়।
সূত্ৰ অনুসৰি যোৱা ২৩ জুনত মাওবাদী কেন্দ্ৰীয় সমিতিয়ে এখন চাৰ্কুলাৰ জাৰি কৰি আৰক্ষী-চি আৰ পি এফৰ অভিযানত বৃহৎ লোকচান আৰু কৌশলগত বিফলতা স্বীকাৰ কৰে।
উল্লেখযোগ্য যে,যোৱা ২১ মে’ত দলটোৰ সাধাৰণ সম্পাদক নম্বালা কেশৱ ৰাও ওৰফে বাসবৰাজুক নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল। আৰক্ষী বিষয়াসকলে দাবী কৰিছে যে বাছবৰাজুৰ মৃত্যুৰ পাছত দলৰ ভিতৰতে এখন বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে তেওঁলোকে লোকচান স্বীকাৰ কৰি এখন চাৰ্কুলাৰ জাৰি কৰে।
মাওবাদী কেন্দ্ৰীয় কমিটিৰ প্রকাশিত চাৰ্কুলাৰৰ তথ্য অনুযায়ী,বিগত এবছৰত ৩৫৭টা মাওবাদীক হত্যা কৰা হৈছে। ইয়াৰে ১৩৬গৰাকী মহিলা। ৰাজ্যভিত্তিক পৰিসংখ্যা অনুসৰি চত্তীশগড়ত ২৮১ জন, তেলেংগানাত ২৩ জন, ওড়িশাত ২০ জন, অন্ধ্ৰ-ওড়িশা বিশেষ অঞ্চলত ন জন, পশ্চিম ঘাট অঞ্চলত এজন আৰু পঞ্জাৱত এজন লোকৰ মৃত্যু হয়।
ইয়াৰে চাৰিজনৰ অসুস্থতাৰ বাবে মৃত্যু হোৱাৰ বিপৰীতে এজনৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি দাবী কৰিছে মাওবাদী সংগঠনটোৱে।লগতে তাত কোৱা হৈছে যে নিহতসকলৰ ভিতৰত ১৬ জন কেন্দ্ৰীয় সমিতিৰ সদস্য, ২৩ জন জিলা সমিতিৰ সদস্য, ৮৩ জন আঞ্চলিক সমিতিৰ সদস্য, ১৩৮ জন সাধাৰণ সদস্য।
লগতে পিপলছ লিবাৰেচন গেৰিলা আৰ্মি (পিএলজিএ)ৰ ১৭ জন সদস্য। কিন্তু ভাৰতৰ কমিউনিষ্ট (মাওবাদী)ৰ দাবীতকৈ বিগত ডেৰ বছৰত অধিক মাওবাদী নেতা-কৰ্মীৰ মৃত্যু হোৱা বুলি যুটীয়া বাহিনী বাহিনীয়ে কৈছে।
উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়াৰ বাৰ্তা দিছে।তেতিয়াৰ পৰাই মাওবাদী প্ৰধান ৰাজ্য যেনে চত্তীশগড়, ঝাৰখণ্ডত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে।
চোৰাংচোৱা তথ্য অনুসৰি চত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় তিনি হেজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।
বিগত ২১ এপ্ৰিলৰ পৰা সেই অঞ্চলত অভিযান আৰম্ভ হৈছিল।এই পৰ্যন্ত সমগ্ৰ অঞ্চলটোত চলা অভিযানত ৩১ জনতকৈ অধিক মাওবাদী নিহত হৈছে।
চত্তীশগড়, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ সীমান্তৱৰ্তী পাহাৰ আৰু বনাঞ্চলত গাঁত খান্দি থকা এহেজাৰ মাওবাদীক ধৰিবলৈ ২০ হেজাৰৰো অধিক যৌথ বাহিনী মোতায়েন কৰা হৈছে।






























