Content Creator: ✒️এই ঘোষণাই দেশৰ লাখ লাখ ছ’চিয়েল মিডিয়া কন্টেন্ট ক্রিয়েটৰক বহুখিনি সকাহ দিছে। সংবাদ সংস্থা এএনআইৰ কন্টেন্ট ব্যৱহাৰ কৰি দেশৰ বহু ইউটিউবাৰে কপিৰাইটৰ সমস্যাৰ সম্মুখীন হৈছে।
ইয়াৰ ফলত ছ’চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্রিয়েটৰসকলৰ উদ্বেগ বৃদ্ধি পাইছে। এই পৰিৱেশত চৰকাৰী মিডিয়া প্লেটফর্মসমূহে কন্টেন্ট ক্রিয়েটৰসকলৰ বাবে এক ভাল খবৰ ঘোষণা কৰিছে।
কন্টেন্ট ক্রিয়েটৰসকলে এই সকলোবোৰ প্লেটফৰ্মৰ কন্টেন্ট বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। যাৰ বাবে দেশৰ লাখ লাখ কন্টেন্ট ক্রিয়েটৰ ভিডিঅ’ তৈয়াৰ কৰাৰ ক্ষেত্রত কিছু হ’লেও সকাহ পাইছে।
কন্টেন্ট ক্রিয়েটৰসকলে প্ৰসাৰ ভাৰতী, আকাশবাণী (অল ইন্ডিয়া ৰেডিঅ’), দূৰদৰ্শন নেচনেল আৰু প্রেছ ইনফর্মেচন ব্যুৰ’ৰ কন্টেন্ট বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি।
আপুনি এই সংস্থাসমূহৰ সামগ্ৰীসমূহ বিনামূলীয়াকৈ ব্যৱহাৰ কৰি ইউটিউবকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে কন্টেন্ট তৈয়াৰ কৰিব পাৰে। দেশৰ অন্যতম বৃহৎ সংবাদ সংস্থা পিটিআয়ে ছ’চিয়েল মিডিয়াত কন্টেন্ট ক্রিয়েটৰৰ বাবে নতুন অফাৰ আনিছে।
যাৰ জৰিয়তে কন্টেন্ট ক্রিয়েটৰসকলে কম খৰচত পিটিআইৰ ভিডিঅ’ ব্যৱহাৰ কৰিব পাৰে।
কন্টেন্ট ক্রিয়েটৰসকলে আকাশবাণীৰ সামগ্রী ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ভিডিঅ’-চুটি, বিশ্লেষণাত্মক আৰু তথ্যচিত্র নির্মাণ কৰিব পাৰে। ইয়াক ১৫টা ভাষাত ৫০টা শিতানৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
প্ৰেছ ইনফর্মেছন ব্যুৰ’ৱেও একেই কথা কৈছে। প্ৰসাৰ ভাৰতীয়ে কৈছে যে তেওঁলোকৰ নিউজ ক্লিপ, অডিঅ’ মেটেৰিয়েল, ভিডিঅ’ ক্লিপ্ সম্পূর্ণ কপিৰাইট মুক্ত।
এই ঘটনাৰ আৰম্ভণি হৈছিল কন্টেন্ট ক্রিয়েটৰসকলে প্ৰেৰণ কৰা এএনআইৰ কপিৰাইটৰ দাবীৰ পৰা। এএনআইৰ ভিডিঅ’ ক্লিপসমূহ কন্টেন্টত ব্যৱহাৰ কৰাৰ বাবে ইউটিউবত কপিৰাইট দাবী কৰিছে এএনআয়ে।
কন্টেন্ট ক্রিয়েটৰৰ এটা অংশই অভিযোগ কৰে যে ইয়াৰ বাবে এএনআয়ে বিপুল পৰিমাণৰ ধন দাবী কৰিছে। এই বিতৰ্কৰ মাজতে কপ্টেন্ট ক্রিয়েটৰৰ বাবে এটা ভাল খবৰ।






























