Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Open letter to Paresh Barua: ভ্রাতৃ প্ৰতিম পৰেশ বৰুৱালৈ মুকলি চিঠি সমৃদ্ধিশালী অসম গঢ়িবলৈ আগবাঢ়ি আহক #

publisher by publisher
September 6, 2025
in Assam, News
Reading Time: 1 min read
0
Open letter to Paresh Barua: ভ্রাতৃ প্ৰতিম পৰেশ বৰুৱালৈ মুকলি চিঠি সমৃদ্ধিশালী অসম গঢ়িবলৈ আগবাঢ়ি আহক  #
16
SHARES
160
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition : 15th Oct 2026

দিনটোৰ ৰাশিফল

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

Open letter to Paresh Barua: ভ্রাতৃ প্ৰতিম পৰেশ বৰুৱালৈ মুকলি চিঠি

সমৃদ্ধিশালী অসম গঢ়িবলৈ আগবাঢ়ি আহক

প্ৰিয় বৰুৱা,

আজিৰ পৰা ২৮ বছৰৰ আগতে ১৯৯৭ৰ পহিলা ফেব্ৰুৱাৰীত আপোনালৈ লেখা চিঠিৰ উত্তৰ পাই ময়েই কেৱল নহয়, ‘দৈনিক অগ্রদূত’ৰ পঢ়ুৱৈ সমাজৰ লগতে অসমবাসীয়ে আনন্দ অনুভৱ কৰিছিল। আপোনাৰ চিঠিৰ উত্তৰো মই লগতে দিছিলো। অতি সংকটপূর্ণ পথেৰে আপোনাৰ এই ২৮ বছৰ পাৰ হ’ল। মোৰতো কথাই নাই। মৃত্যুৰ দুৱাৰ দলিত ৰৈ আছো। সেয়ে আপোনাৰ স’তে কেইটামান বিষয় আলোচনা কৰাৰ উদ্দেশ্যে এই লেখাৰ পাতনি মেলিছো।

ADVERTISEMENT

এই চেগতে হৃদয়ৰ আটাইখিনি আবেগ ঢালি সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ আপোনাৰ লগতে সংগঠনৰ প্ৰতিগৰাকী অসমপ্রেমী সদস্যলৈ প্রীতি-সম্ভাষণ আগবঢ়ালো। এই যাত্রা পথত অকথ্য যন্ত্রণা ভুগি যিসকলে ইহলীলা সম্বৰণ কৰিলে, সেইসকলৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্রদ্ধাঞ্জলি আগবঢ়ালো।

এই সুদীর্ঘ কালছোৱাত আমাৰ ৰাজ্যখনৰ ৰাজনৈতিক দিশত যথেষ্ট সালসলনি হ’ল; কিন্তু এই পৰিৱর্তনত আপুনি, মই আৰু লগতে অসমৰ উন্নয়ন বিচৰাসকল উৎসাহিত হোৱা নাই। ইয়াৰ মূলতে উপযুক্ত নেতৃত্বৰ অভাৱ। প্রসংগক্রমে উল্লেখ কৰিব খোজো যে ১৯৭৯ত সদৌ অসম ছাত্র সস্থাব নেতৃত্বত আৰম্ভ হোৱা অবৈধ বিদেশী বিতাৰণ আন্দোলন জোৰদাৰ হোৱাৰ সময়তে প্রচাৰ চলিছিল যে এই আন্দোলন চিআইএৰ দ্বাৰা পৰিচালিত ‘অপাৰেছন ব্রহ্মপুত্র’ৰ মাধ্যমত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক থান-বান কৰাৰ উদ্দেশ্যে চলিছে।

দৰাচলতে ব্রহ্মপুত্র উপত্যকাক কেন্দ্র কৰি এটা শক্তিশালী চক্রই ৰাজনৈতিক আৰু অর্থনৈতিক মুনাফা আদায়ৰ বাবে এই অপাৰেচনৰ নেতৃত্ব লৈছিল। এই সম্পর্কে বহুল প্ৰচাৰ হৈছিল যদিও অসম চৰকাৰ তথা কেন্দ্ৰৰ দায়িত্বশীল মহলে কি তথ্য লাভ কৰিছিল সেই কথা অসমবাসীয়ে নাজানিলে। এই বিষয়টো অতি গুৰুত্বপূর্ণ আছিল; কিয়নো সেই অপাৰেছনৰ প্ৰভাৱ অদ্যাপি অব্যাহত আছে।

ত্রিপাক্ষিক চুক্তি স্বাক্ষৰেৰে অসম গণ পৰিষদৰ নেতৃত্বত প্রফুল্ল কুমাৰ মহন্তই ১৯৮৫ত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰিলে। ৮০ লক্ষ অবৈধ বিদেশী থকা বুলি আন্দোলন কালত প্ৰচাৰ কৰা নেতাৰ চৰকাৰখনে ৮০ জন বিদেশীকো বিতাৰণ কৰিবলৈ সক্ষম নহ’ল। মুখ্যমন্ত্রী মহন্তক এই বিষয়ে সকীয়াই দিয়াত তেওঁ কৈছিল যে চৰ-চাপৰিত থকা লোক মাত্রেই বিদেশী নহয়; কিন্তু চৰ-চাপৰিত থকা লোকক বিদেশী বুলি কৈছিল কোনে ?

অসমত ৮০ লক্ষ অবৈধ বিদেশী নাগৰিক থকা বুলি আন্দোলনৰ নেতাসকলেই প্ৰচাৰ কৰা নাছিল জানো। আনকি প্রধানমন্ত্রী ইন্দিৰা গান্ধী ক্ষমতাত থকাৰ সময়তেই ইয়াৰ সত্যতা স্বীকাৰ কৰি লোৱা হৈছিল আৰু অসমৰ অবৈধ বিদেশীক দণ্ডকাৰণ্যত সংস্থাপন দিবলৈ ব্যৱস্থা কৰা হৈছিল। যিয়ে নহওক, আন্দোলনৰ নেতৃত্বৰ অদূৰদর্শিতাৰ হেতুকে ৰাজ্যখনৰ প্ৰচুৰ ধন-জনৰ ক্ষতি হ’ল।

ছাত্র-ছাত্রীৰ এবছৰৰ অধ্যয়ন অথলে যোৱাটো কম ক্ষতি নহয়। অভাৱগ্রস্ত বাঁৰী-বিধবায়ো তেওঁলোকৰ সাঁচতীয়া ধন আন্দোলনৰ পুঁজিলৈ অকাতৰে আগবঢ়াইছিল। অসম গণ পৰিষদৰ চৰকাৰে ত্রি-পাক্ষিক চুক্তি অনুসৰি অবৈধ বিদেশী বিতাৰণ কৰাৰ লগতে ৰাজ্যখনৰ আর্থ-সামাজিক উন্নয়নৰ জৰিয়তে এক বৈপ্লবিক পৰিৱর্তন অনাৰ দুর্লভ সুযোগ পাইছিল যদিও মূল উদ্দেশ্যলৈ পিঠি দি কোনে কেনেকৈ বিশ্ববিদ্যালয়ৰ ডিগ্রী, চৰকাৰী মাটি-বাৰী, চাহ-বাগিচা আদি আদায় কৰিব পাৰে, তাকে লৈয়ে ব্যতিব্যস্ত হ’ল।

দৰাচলতে ছাত্ৰ সন্থাই তেতিয়া তীক্ষ্ণ দৃষ্টি ৰখা হ’লে চৰকাৰে তেনেদৰে ওভতগোৰে নাচিব নোৱাৰিলেহেঁতেন। তাতোকৈ দুখৰ কথা এয়ে যে আন্দোলনত অসমৰ আটাইবোৰ জনগোষ্ঠীৰে ছাত্র-ছাত্রীয়ে যোগদান কৰিছিল যদিও আঞ্চলিক দলৰ চৰকাৰ গঠনত তেওঁলোকৰ প্ৰতিনিধিক অন্তর্ভুক্ত কৰা নহ’ল। সেয়ে প্রতিটো জনগোষ্ঠীৰ যুৱ-ছাত্র সমাজ সেইখন চৰকাৰৰ প্ৰতি ক্ষুব্ধ হ’ল আৰু ৰাজনৈতিক অস্থিৰতা এক গুৰুতৰ সমস্যা হৈ পৰিল।

ফলস্বৰূপে আন্দোলনৰ সামৰণি পৰিল যদিও অসমৰ সমাজ জীৱন এক চূড়ান্ত বিশৃংখলাত পতিত হ’ল। অশেষ ধন-জনৰ ক্ষতিৰ বিনিময়ত আঞ্চলিক দলৰ চৰকাৰ গঠন কৰা হৈছিল যদিও জনসাধাৰণৰ মোহভংগ হ’বলৈ বেছিদিন নালাগিল। পৰৱৰ্তী নির্বাচনত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰকেই অসমৰ জনতাই আদৰিলে।

দৰাচলতে ছাত্র নেতাসকলে চৰকাৰৰ পৰা সা-সুবিধা গ্ৰহণৰ সলনি মন্ত্রীসকলৰ দায়িত্ববোধ সম্পর্কে দৃঢ়তাৰে সকীয়াই দিয়া হ’লে মহন্ত চৰকাৰ তেনেদৰে দুর্নীতিত পতিত হ’ব নোৱাৰিলেহেঁতেন। অসমবাসীয়ে আন্দোলনৰ সময়ত দেখা পুৱাৰ সেই উজ্জ্বল ৰশ্মি অতি কম সময়ৰ ভিতৰতে শূন্যত বিলীন হৈ গ’ল।

অসমৰ যুৱক-যুৱতীয়ে আন্দোলনৰ সময়ত এখন সমৃদ্ধিশালী অসমৰ সপোন দেখিছিল। বিশ্ববিদ্যালয় আৰু কলেজৰ ছাত্র-ছাত্রীসকলে গুৱাহাটীৰ ৰাজপথত স্বাৱলম্বনৰ নিদর্শন হিচাপে শাক-পাচলি বিক্রী কৰিছিল, জোতা-ছেণ্ডেল চাফা কৰিছিল।

কিন্তু সেই পৱিত্র ধাৰণাক নর্দমালৈ দলিয়াই দি শাসক চক্র পূর্বতকৈও অধিক দুর্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত হ’ল। অসমৰ সচেতন ৰাইজৰ মনত তেতিয়া বাৰে বাৰে প্ৰশ্ন উঠিছিল- চৰকাৰৰ তেনে ব্যভিচাৰ আৰু অকর্মণ্যতা দেখিও ছাত্র সস্থাৰ নেতৃত্ব নিমাতী কন্যা হৈ থাকিল কিয় ? তাৰ পৰিণতি অসমবাসীয়ে আজিলৈকে ভোগ কৰি থাকিবলগা হৈছে।

‘অপাৰেছন ব্রহ্মপুত্র’ৰ সবিশেষ শুংসূত্র অসমবাসীৰ পৰা নিলগত ৰখা হ’ল। কিন্তু পৰোক্ষভাবে অসমৰ সমাজ জীৱন, অর্থনীতি, সংস্কৃতি থান-বান হ’ল। কর্ম-সংস্থান বিচাৰি হেজাৰ হেজাৰ অসমৰ যুৱক-যুৱতী পুনে, বাংগালুৰু, চেন্নাই আদিলৈ ঢাপলি মেলিবলৈ বাধ্য হ’ল। দৰাচলতে অটল বিহাৰী বাজপেয়ীৰ পৰা সাংবাদিক অৰুণ শ্বোৰীলৈ দেশৰ আগশাৰীৰ বিভিন্ন ক্ষেত্রৰ নেতাসকলে বিচাৰিছিল যে যুৱ-ছাত্রৰ নেতৃত্বত গঠিত অসম চৰকাৰে বাজ্যখনৰ আৰ্থ-সামাজিক দিশলৈ আমূল পৰিৱৰ্তন আনিব; কিন্তু আন্দোলনৰ নেতৃত্বৰ অকর্মণ্যতা, অদূবদর্শিতা আৰু স্বাৰ্থপৰতাৰ হেতুকে অসমৰ সমাজ জীৱনে নৰকলৈ গতি কৰিলে।

একমাত্র ‘দৈনিক অগ্রদূত’ এই বিষয়ে সৰব হোৱা হেতুকে কাকতখনৰ দুজন সাংবাদিকক কে’বামাহৰ কাৰণে কাৰাগাৰাত বন্দী কৰি ৰাখিলে। ‘অগ্রদূত’ প্রতিষ্ঠানৰ বিৰুদ্ধে আদালতত কুৰিটাতকৈ অধিক গোচৰ তৰিলে, যাতে সম্পাদকে আদালতলৈ অহা-যোৱা কৰি অতিষ্ঠ হয়। গুৱাহাটীৰ পৰা উজনিলৈ অগ্রদূত কঢ়িয়াই নিয়া গাড়ীত অগ্নিসংযোগ কৰি কু-খ্যাতি ৰাখিলে।

এই কাৰ্যৰ প্ৰতিবাদত নতুন দিল্লীত অগ্রদূতৰ সাংবাদিকে প্রতিবাদ সাব্যস্ত কৰি দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছিল। তদুপৰি সুদীর্ঘ চাৰি বছৰৰ কাৰণে অগ্রদূত প্রতিষ্ঠানৰ কাকতৰ চৰকাৰী বিজ্ঞাপন বন্ধ কৰি ৰাখিছিল। আনহাতে, একে সময়তে কোনো কোনো কাকত প্রতিষ্ঠানে চৰকাৰী ভূমি লাভ কৰি উদ্যান খুলিলে। আনকি তেনে কাকত প্ৰতিষ্ঠানৰ কৰ্মচাৰীও চাহ বাগিচাৰ মালিক হ’ল। এনেকুৱা পৰিস্থিতি হ’ব বুলি অসমবাসীয়ে যাৰ যি সাঁচতীয়া দুপইচা আছিল তাকেই আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল নেকি?

সোণৰ অসম গঢ়াৰ সংকল্প লোৱা আন্দোলনৰ অন্তত অসমবাসীয়ে পালে এখন দেউলীয়া ভগ্ন অসম। ফলস্বৰূপে কোনো ৰাজনৈতিক দলৰ ওপৰতে অসমৰ জনসাধাৰণৰ বিশ্বাস নাইকিয়া হ’ল। তেওঁলোক বাৰে বাৰে প্ৰতাৰিত হৈছে। সেয়েহে সংযুক্ত মুক্তি বাহিনী আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ ভ্রাতৃ পৰেশ বৰুৱাক নিবেদন কৰিব খুজিছো তেওঁ ন পুৰণি সতীর্থসকলৰ স’তে ওলাই আহক।

আমি আটায়ে লগ হৈ আন্দোলন কালত অসমৰ নিপীড়িত জনতাই বিচৰা সমাজখন আকৌ ঘূৰাই আনো। অসমৰ উন্নয়ন সাধিবলৈ হ’লে ৰাজনৈতিক দল, চৰকাৰ গঠন আদি অপৰিহাৰ্য নহয়। মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে কোনো দলৰ চৰকাৰৰ আশ্রয় লোৱা নাছিল।

একমাত্র যতঁৰটোৱে তেওঁ বিদেশী বস্তু বৰ্জনৰ ধ্বনি দি এই দেশ এৰি যাবলৈ ব্ৰিটিছক বাধ্য কৰাইছিল। আমাৰ অম্বিকাগিৰিয়ে ‘ঝাড়ু ধৰ ঝাড়ু ধৰ’ বুলি কৈয়ে যৱ শক্তিক কৰ্মৰ প্রতি স্পৃহা জগাই তুলিছিল। তেওঁলোক ক্ষমতাৰ পাছত দৌৰা নাছিল। মই আজি এখন সমৃদ্ধিশালী অসমৰ বাবে প্রতিটো মুহূর্ত জীৱন-মৃত্যুৰ স’তে যুঁজ কৰি অহা পৰেশ বৰুৱা আৰু তেওঁৰ সহযোগীসকলক এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছো। তেওঁলোক গঠনমূলক কামত ব্রতী হ’লে মোৰ দৰে জ্যেষ্ঠ এচামে সহযোগী হ’বলৈ কুণ্ঠাবোধ নকৰে।

প্রসংগক্রমে উল্লেখ কৰিব খোজো যে অসমক ভাৰতবৰ্ষৰ ভিতৰতেই অর্থনৈতিকভাবে স্বাবলম্বীয়েই কেৱল নহয়, তাতোকৈ শক্তিশালী কৰি গঢ়ি তুলিবলৈ আছে অপাৰ সম্পদ। হায়দৰাবাদত দেখিছো তেওঁলোকে নলা খান্দি পানী উলিয়াই মাছ প্রতিপালন কৰি সেই মাছ অসমলৈ প্ৰেৰণ কৰে; কিন্তু অসমৰ দৰে প্ৰচুৰ জলৰাশি পোৱা হ’লে তেওঁলোকে যে কি নকৰিলেহেঁতেন।

গুজৰাটৰ আহমেদাবাদব বিখ্যাত আমূলৰ কাৰখানাৰ কেউফালে দেখিলো একপ্রকাৰ মৰুভূমি সদৃশ পৰিবেশ। তেনে প্রতিকূল পৰিবেশতো গো পালন কৰি গুজৰাটে সমগ্র দেশবাসীক গাখীৰ খুৱাইছে। কিন্তু অসমৰ কেউফালে সেউজীয়া ঘাঁহে মোক খা মোক খা কৈ আছে যদিও অসমীয়াসকলেই গড় হিচাপে দেশৰ ভিতৰতে সবাতোকৈ কম গাখীৰ খায়। অসম মাতৃৰ বুকুত আছে বিভিন্ন খনিজ সম্পদ।

অতিকৈ দুর্লভ পেট্র’ল, গেছ আদি আছে। ৰাজ্যখনৰ কেউফালে আছে বনাঞ্চল। অসমৰ বাহিৰে ভাৰতবৰ্ষৰ আন কোনো বাজ্যতে এনেদবে সম্পদৰ ভাণ্ডাৰ নাই। আমি অন্ধ বারেই সেই সম্পদ নেদেখো। মাছ, মাংস, কণী, মিঠাতেল, ময়দা বাহিৰৰ পৰা আমদানি কৰি চিৎকাৰ কৰিলে অসম স্বাৱলম্বী হ’বনে? আমাৰ সম্পদৰ সহ্যৱহাৰ হ’ব লাগিব। তাঁতশালবোৰ পুনৰ জাৰি-জোকাৰি উলিয়াই আনিব লাগিব। ট্রেক্টৰবোৰ আঁতৰোৱাৰ পাছত গোহালিবোৰ গাইগৰুবে শোভা কৰি ৰাখিলে নিশ্চয় শ্রীলক্ষ্মী আহিব।

তেনেদৰেই সাংস্কৃতিক দিশত আমাৰ যি অৱক্ষয় ঘটিছে, ভাবিলে বিস্ময় মানিব লাগে। স্বয়ং অসমৰ ৰাজধানী দিছপুৰতেই এতিয়া লানি-নিছিগা হনুমান মন্দিৰ, গণেশ মন্দিৰ, শনি মন্দিৰ আদি পৰিতাপৰ বিষয় এয়ে যে এই মন্দিৰৰ পূজাৰীবোৰো বাহিৰৰ পৰা আমদানি কৰা হৈছে। অসমৰ ব্ৰাহ্মণে পুজা কৰাৰ যোগ্যতা হেৰুৱালে নেকি?

শেষত মোৰ নিবেদন ভ্রাতৃ পৰেশ বৰুৱালৈ প্ৰচুৰ সম্ভাৱনাপূর্ণ অসমক ভাৰতবৰ্ষৰ ভিতৰতে ধনে-ধানে, সাহিত্য-সংস্কৃতিৰে জাকত-জিলিকা ৰাজ্য হিচাপে গঢ়িবলৈ সহকর্মীসকলৰ স’তে ওলাই আহক। ৰাজ্যৰ নিষ্ঠাবান অভিজ্ঞ ব্যক্তিসকলৰ পৰামর্শ গ্রহণ কৰি অর্থনৈতিকভাবে স্বাৱলম্বী অসম গঢ়াৰ সংকল্প গ্রহণ কৰক। তেতিয়াহে স্বাধীনতাৰ মৰ্ম যে তাতেই নিহিত হৈ আছে, সেই কথা প্রত্যেকেই উপলব্ধি কৰিব। বিশ্বকন্ঠ অসম প্রাণ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ আৰম্ভণিৰ পৰাই সূচনা হওক সাংস্কৃতিক আৰু অর্থনৈতিকভাবে স্বাৱলম্বনৰ এই মহান যাত্রা, কিয়নো এইগৰাকী মহান শিল্পীয়ে সচেতন নহ’লে অসম ৰসাতলে যাব বুলি তাহানিতেই সকীয়াইছিল।

ইতি-

আপোনাৰ ককাইদেউ

কনকসেন ডেকা

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chief EditorDainik Agradootkanaksen dekaOpen letter to Paresh Barua
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d