Andhra Pradesh bus accident:✒️শুকুৰবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। হঠাতে যাত্ৰীবাহী বাছত লাগিল জুই ।
তথ্য অনুসৰি, এই জুই ইমানেই ভয়াৱহ আছিল যে নিমিষতে সকলো শেষ হৈ যায় ৷ চকুৰ পলকটে সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত ২০ জনতকৈ অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে যদিও এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই।
তথ্য অনুসৰি,হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখী কাবেৰী ট্ৰেভেলছৰ এখন বাছ কুৰ্ণুলৰ উপকণ্ঠ অঞ্চল চিন্নাটেকুৰৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ পাওঁতেই এই অগ্নিকাণ্ডটো সংঘটিত হয় ৷
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে, বাছখনে মটৰ চাইকেল এখনত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।খুন্দা মৰাৰ পাছত বাইকখন বাছৰ তলত সোমাই যায় আৰু পাছত ভয়ংকৰ বিস্ফোৰণ হয়। এনে অৱস্থাত মুহূৰ্ততে সমগ্ৰ বাছখন জুইৰ লেলিহান শিখাই আৱৰি ধৰে।
দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৪০ জন লোক আছিল ৷ ইয়াৰে ১২ জন লোকে বাছৰ পৰা ওলাই যাবলৈ সক্ষম হয় আৰু বাকী কেইজন গাড়ীখনৰ ভিতৰতেই অগ্নীদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয়।
উল্লেখ্য যে,তথ্য লাভ কৰা পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল । ঘটনাস্থলীত উপস্থিত হয় দ্ৰুততাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।






























