Daily Horoscope:✒️মেঘ: ঘৰুৱা সমস্যা সমাধান। মনৰ আশা পূৰণ। আনৰ প্ৰতি দায়বদ্ধ হ’ব পাৰিব, তীর্থ ভ্রমণ, শুভ ৰং আকাশী, অশুভ ৰঙা। শুভ সংখ্যা ২।
বৃষ: আনৰ পৰা প্ৰশংসা পাব। ভবা মতে কার্য সিদ্ধি লাভ, আনৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰিব। শুং ৰং হালধীয়া, অশুভ ৰং ক’লা। শুভসংখ্যা ৯।
মিথুন: শত্ৰুৰ চৰ্চাই ক্ষতি কৰিব নোৱাৰিব, আনৰ পৰা প্ৰশংসা পাব। দায়বদ্ধতা বৃদ্ধি, বিদ্যাত সুনাম, শুভ ৰং মুগা, অশুভ ৰং নীলা। শুভসংখ্যা ৪।
কর্কট: ব্যৱসায়ত উন্নতি, আলহীৰ আগমন, স্বাৱলম্বী মনোভাব, দুঃসাহস নকৰিব, শুভ ৰং সেউজীয়া, অশুভ ৰং হালদীয়া। শুভ সংখ্যা ২।
সিংহ: হতাশা আঁতৰিব, পৰীক্ষাত সুনাম। বিবাহৰ সংযোগ, খৰচ বৃদ্ধি, প্ৰেমত শুভ, শুভ ৰং মুগা, অশুভ ৰং কলা। শুভ সংখ্যা ৩।
কন্যা: আনৰ সহযোগ পাব, ৰোগৰ পৰা সকাহ পাব। যানবাহনত সাৱধান, খৰচ বৃদ্ধি, শুভ ৰং বগা, অশুভ ৰং কমলা। শুভ সংখ্যা ৪।
তুলা: পিতৃ-মাতৃক অৱহেলা নকৰিব, প্ৰচুৰ জ্ঞান লাভ কৰিব, ৰোগ কমিব, অপর্যাপ্ত খৰচ, শুভ ৰং মাটিয়া, অশুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃশ্চিক: বিদ্যাত আনন্দ, বিবাহৰ সংযোগ, মনৰ ভাৰসাম্য ৰক্ষা কৰিব, ধন নাশ, শুভ ৰং হালধীয়া, অশুভ ৰং ক’লা। শুভ সংখ্যা ৭।
ধনু: আনৰ অন্যায় নকৰিব, অতি মনোৰঞ্জনত ব্যৱস্থা নথকাই ভাল। গায়কৰ সুনাম, ব্যয় বৃদ্ধি, শুভ ৰং মাটিয়া, অশুভ ৰং কমলা। শুভ সংখ্যা ৪।
মকৰঃ হঠাৎ জটিল চিন্তা মনলৈ আহিব, দুর্ঘটনাৰ শংকা। খং কমাব, শক্তি বৃদ্ধি পাব, শুভ ৰং কমলা, অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
কুম্ভ: যিকোনো লোকক বিশ্বাসত নল’ব, ৰাগিয়াল দ্ৰব্যৰ পৰা ক্ষতি,উদাৰতা প্ৰদৰ্শন, শুভ ৰং আকাশী, অশুভ ৰং ক’লা। শুভ সংখ্যা ১।
মীন: আনক প্রতিশ্রুতি নিদিব, যানবাহনত কষ্ট, নীতি-নিয়ম মানি চলক। আৱেগ পৰিহাৰ কৰক। শুভ ৰং বগা, অশুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
































