Kyc :✒️বিনিয়োগ বা সঞ্চয় কৰাটো কিমান গুৰুত্বপূর্ণ সেয়া আজিৰ তাৰিখত সৰুৰ পৰা বৃদ্ধলৈ সকলোৱে কম বেছি পৰিমাণে জানেই। সেয়ে আজিৰ পৰা এটা দশকৰ আগৰ তুলনাত এতিয়া বেংক একাউন্ট থকা লোকৰ সংখ্যাৰ বৃহৎ পাৰ্থক্য। বেংক বা ডাকঘৰ য’তেই নহওক কিয়, বহু কম বয়সৰ পৰাই আজিকালি সঞ্চয় আৰু বিনিয়োগ আৰম্ভ কৰিব পাৰি।
এনে বেংক একাউন্ট একোটা খুলিবলৈ বা সক্ৰিয় কৰি ৰাখিবলৈ কেৱাইচি সম্পর্কীয় তথ্য জমা দিয়াটো অতি গুৰুত্বপূর্ণ বিষয়। কিয়নো সময়মতে কেৱাইচি জমা নিদিলে বা উন্নীত নকৰিলে বেংক একাউন্ট নিষ্ক্রিয় পর্যন্ত হ’ব পাৰে। সম্প্রতি ভাৰতীয় ৰিজার্ভ বেংকে কেৱাইচি জমা তথা উন্নীতকৰণৰ নিয়মত বহুকেইটা পৰিৱৰ্তন আনিছে। এইসমূহৰ বিষয়ে জানো আহকচোন…
কেৱাইচি (Know Your Customer) ৰ জৰিয়তে বেংকে গ্ৰাহকৰ সকলো ব্যক্তিগত তথ্য সংৰক্ষণ কৰে। দৰাচলতে এই তথ্যসমূহৰ জৰিয়তে বেংকে এজন গ্রাহকৰ পৰীক্ষা লয়, যাতে আর্থিক প্রবঞ্চনাও হ্রাস বা সীমিত কৰিব পৰা যায়। আৰবিআইয়ে আজিকালি প্ৰৱঞ্চনাৰ শংকা বা শংকা ভিত্তিক পদ্ধতিত গুৰুত্ব দিছে।
বেংক একাউণ্টত যিমানেই প্রবঞ্চনাৰ আশংকা বেছি হ’ব সিমানেই গ্রাহকে নিজৰ একাউণ্টৰ কেৱাইচি উন্নীত কৰিব লাগিব বুলি নিয়ম বান্ধি দিয়া হৈছে। সেই অনুসৰি গ্ৰাহকসকলক তিনি শ্ৰেণীত ভাগ কৰা হৈছে… উচ্চ বিপদজনক শ্রেণী: যিসকল গ্রাহক হাই ৰিস্ক অর্থাৎ উচ্চ বিপদজনক শ্রেণীত আছে তেওঁলোকে প্রতি দুবছৰৰ মূৰে মূৰে নিজৰ কে বাই চি আপডেট কৰিব লাগে।
মধ্যম বিপজ্জনক শ্রেণীঃ যিসকল মধ্যমীয়া শংকাপূর্ণ গ্রাহক, তেওঁলোককো কেৱাইচিৰ অধীনত সামৰি লোৱা হৈছে। তেওঁলোকে প্রতি আঠ বছৰৰ মূৰে মূৰে কে ৱাই চি উন্নীত কৰা জৰুৰী। নিম্ন বিপজ্জনক শ্রেণী: যিসকল গ্ৰাহকৰ ৰিস্ক অতি কম, তেওঁলোকে প্রতি ১০ বছৰৰ মূৰে মূৰে নিজৰ কেৱাইচি উন্নীত কৰিব লাগে।
কি কি পৰিস্থিতিত গ্রাহকে কেৱাইচি উন্নীত কৰাটো জৰুৰী? যদি গ্রাহকে প্রদান কৰা কোনো তথ্য অসম্পূর্ণ হয় বা তথ্যত কোনো ভুল ৰৈ যায়, তেনে ক্ষেত্রত কেৱাইচি উন্নীত কৰাটো প্রয়োজনীয়।
ডাউনলোড কৰা নথিপত্ৰসমূহৰ ম্যাদ উকলি গ’লেও কেৱাইচি উন্নীত কৰাটো অতি প্রয়োজনীয়। যদি কোনো কাৰণত অতিৰিক্ত পৰীক্ষণৰ প্ৰয়োজন হয়, তেতিয়াও কেৱাইচি উন্নীত কৰিব লাগে।






























