Back pain:✒️পিঠি বা কঁকালৰ বিষত ভোগা লোকৰ সংখ্যা আজিৰ দিনত কম নহয়। একেৰাহে বহি কাম কৰি থাকিলে এই সমস্যাই বেছিকৈ মূৰ দাঙি উঠে। বহি কাম কৰাৰ সময়ত মেৰুদণ্ডক যি জোৰ আৰু পেশীসমূহক যি শক্তিৰ প্রয়োজন হয়, সেয়া আমি বহুখিনি হেৰুৱাই পেলাওঁ। সঠিক যত্নৰ অভাৱত এইবোৰ বিষে আমাক সহজে কাহিল কৰি পেলায়।
ইয়াৰ বাবে দৈনিক কর্মসূচীত এনে কিছু কাম ৰাখিব, যিবোৰে পেশী আৰু হাড় সহল কৰি বিষ নিৰাময় কৰাত বিশেষভাৱে কামত দিয়ে। প্রধানকৈ পাঁচটা বিষয়ত জোৰ দিলেই দিনান্তত আপুনি অনেক সুস্থ হৈ থাকিব পাৰিব।
শৰীৰচৰ্চা
হাড়, পেশী আৰু মেৰুদণ্ড ভালে ৰাখিবলৈ সবাতোকৈ উপকাৰী হৈছে শৰীৰচৰ্চা। বিশেষজ্ঞ ট্রেইনাৰৰ পৰা শৰীৰৰ গঠন আৰু ধৰণ বুজি লৈ তাৰ বাবে প্রয়োজনীয় ব্যায়ামৰ সম্পৰ্কে জানি লওক। ইয়াৰ উপৰি দৌৰ, জগিং, কিছু স্ট্রেছিং এক্সাৰছাইজ যন্ত্রণা নিৰাময় আৰু পেশীৰ জোৰ বৃদ্ধিত বিশেষ কামত আহে।
ডায়েট
ভিটামিন ‘ডি’, ভিটামিন ‘বি-১২’, কেলছিয়াম আৰু পটাছিয়ামৰ পুষ্টিগুণেৰে সমৃদ্ধ খাদ্যই হাড় আৰু পেশীৰ জোৰ বৃদ্ধি কৰে। হাড়ৰ ভংগুৰতা ৰোধ কৰে। ছাপ্লিমেন্ট সেৱনতকৈ এই খাদ্যৰে পেশী সবল কৰাই বুদ্ধিমানৰ কাম। সঠিক ডায়েট আৰু ব্যায়ামৰ কাৰণে ওজনো কম হৈ থাকিব। ওজন কম ৰাখিবলৈ আঁঠু আৰু কঁকালৰ ওপৰত বেছি ভৰ নপৰে। ফলত এইবোৰ অংগ অধিক দিনলৈ সবল হৈ থাকে।
ঠাণ্ডা-গৰম সেক বিষ হ’লে
পেশীসমূহক আৰাম দিবলৈ আৰু শৰীৰৰ প্রদাহ কমাবলৈ ঠাণ্ডা আৰু গৰম সেক দিব পাৰে। এবাৰ ‘হট ৱাটাৰ’ বেগ বিষ হোৱা স্থানত ১৫ ছেকেণ্ড মান ধৰি থাকিব। তাৰ পাছত সেই স্থানতে বৰফ পানীৰ সেক ১৫ ছেকেণ্ড দিব। এইদৰে ১০-১৫ মিনিট সময় গৰম-ঠাণ্ডাৰ সেক সলনাসলনিকৈ দিলে শৰীৰৰ ৰক্ত সঞ্চালন বাঢ়িব, পেশীক শিথিল কৰি তুলিব। সেইদৰেই যন্ত্রণা হ্রাস পাব।
নিদ্রা
যিসকলে ক্রণিক বিষত ভোগে, তেওঁলোকে দৈনিক প্রায় সাত-আঠ ঘণ্টা নির্দিষ্ট কৰি নিদ্রা গ্ৰহণ কৰিব লাগিব। নিদ্ৰাৰ পৰত শোৱাৰ ধৰণো সঠিক ৰাখিব। কেতিয়াবা শোৱাৰ ভুল ধৰণৰ পৰা পেশীত বিষ হয়।
জোতা
কঁকাল আৰু পিঠিৰ বিষ সঘনাই হ’লে জোতা সলনি কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে জোতা ক্ৰয় কৰিব। জোতা ক্ৰয় কৰাৰ সময়ত নৰম চামৰাৰ লগতে জোতাৰ গ্রিপ, আকাৰ আদিও চালিজাৰি চাব।






























