Bastar:✒️চত্তীশগড়ৰ বাস্তাৰত চলিছে মাওবাদী দমন অভিযান। বিগত দুবছৰত যৌথবাহিনীৰ অভিযানত নিহত হৈছে বহু মাওবাদী নেতা । লগতে কেবাজনো মাওবাদী নেতাই আত্মসমৰ্পণ পথো বাচি লৈছে।
এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে বাস্তাৰত উপলব্ধ হ’ল মোবাইল নেটৱৰ্ক!
দীৰ্ঘদিন ধৰি মাওবাদী প্ৰভাৱত বাস্তাৰ ৰেঞ্জ। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে সাতখন জিলা – বস্তৰ, দণ্ডেৱাড়া, বিজাপুৰ, সুকমা, নাৰায়ণপুৰ, কোণ্ডাগাঁও আৰু কাংকেৰ ।
বিজাপুৰৰ কোণ্ডাপল্লী গাঁৱত স্থাপন কৰা হৈছে এই মোবাইল নেটৱৰ্ক।যি দেখি আপ্লুত গাঁওবাসী। প্ৰশাসনিক সূত্ৰ অনুসৰি চত্তীশগড় আৰু তেলেংগানাৰ সীমান্তত ঘন অৰণ্যৰ মাজত অৱস্থিত কোণ্ডাপল্লী গাঁওখন।
বহুদিন ধৰি তাত বিশুদ্ধ খোৱাপানী বা বিজুলীও পোৱা নাই! পথৰ অৱস্থাও খুব বেয়া।এনে পৰিস্থিতিত গাঁৱত মোবাইল টাৱাৰ স্থাপনৰ অৰ্থ কেৱল আন্তঃগাঁথনি উন্নয়নেই নহয়।
অর্থাৎ ইয়াৰ অৰ্থ হ’ল প্রথমবাৰৰ বাবে কোন্দপল্লীক বহিঃজগতৰ লগত সংযুক্ত কৰা হৈছে৷
স্থানীয় একাংশ বাসিন্দাৰ বক্তব্য,এতিয়ালৈকে তেওঁলোকে সকলো কামৰ বাবে গাঁৱৰ বাহিৰলৈ যাবলৈ জংঘলৰ মাজেৰে কেবা কিলোমিটাৰ খোজ কাঢ়িবলগীয়া হৈছিল।
মোবাইল নেটৱৰ্কৰ আগমনৰ লগে লগে এইবাৰ তেওঁলোকৰ বহু কাম সহজ হৈ পৰিব।আধাৰ ভেৰিফাই কৰি ঘৰৰ পৰাই বেংকৰ কাম কৰিব পাৰিব।
মুখ্যমন্ত্রী বিষ্ণুদেও ছাইয়ে কয়, “বাস্তাৰে নতুন যাত্ৰা আৰম্ভ কৰিছে। ইমান দিনে ইয়াৰ মানুহৰ কোনো সপোন পূৰণ হোৱা নাই। এইবাৰ বাস্তাৰৰ বাস্তৱতা সলনি হ’ব।ইয়াৰ ৰাইজে এতিয়াৰ পৰা চৰকাৰী প্ৰকল্পৰ সুবিধা পাব।”






























