ভাৰতৰ আকাশ সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰতে ৰাশিয়াৰ পৰা পুনৰ ৫টা ইউনিট S-400 এয়াৰ ডিফেন্স ব্যৱস্থা ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহৰ নেতৃত্বত অনুষ্ঠিত ডিফেন্স অ্যাকুইজিশন কাউন্সিলৰ বৈঠকত প্ৰায় ১০ হাজাৰ কোটি টকাৰ এই প্ৰস্তাৱত আনুষ্ঠানিক অনুমোদন দিয়া হয়।
একেখন বৈঠকতে স্বল্পপাল্লাৰ আকাশ সুৰক্ষা ব্যৱস্থা পন্টসাৰ এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয়ৰ সিদ্ধান্তো লোৱা হৈছে। এই প্ৰকল্প ভাৰত ডায়নামিক্স লিমিটেড আৰু ৰাছিয়াৰ অস্ত্ৰ ৰপ্তানিকারী সংস্থা ৰোজোবোৰোনেক্সপোৰ্টৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছে। উন্নত ৰাডাৰ আৰু ট্ৰেকিং প্ৰযুক্তিৰ সহায়ত এই ব্যৱস্থাই ৩৬ কিলোমিটাৰ দূৰত্বৰ ভিতৰত লক্ষ্য চিনাক্ত কৰি ধ্বংস কৰাৰ ক্ষমতা ৰাখে।
উল্লেখযোগ্য যে, ২০১৮ চনত S-400ৰ পাঁচটা ইউনিট যোগানৰ বাবে ভাৰত-ৰাশিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল। ইতিমধ্যে তিনিটা ইউনিট ভাৰতলৈ আহিছে আৰু অৱশিষ্ট ইউনিটসমূহ ২০২৬ চনৰ ভিতৰত প্ৰদান কৰাৰ আশ্বাস দিছিল মস্কোৱে। এই ঘোষণা হৈছিল তিয়ানজিনত অনুষ্ঠিত চাংহাই কো-অপাৰেশন অৰ্গেনাইজেচন সন্মিলনৰ ফাঁকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ পাছত।
২০২৫ চনত পাকিস্তানৰ ক্ষেপণাস্ত্ৰ হামলা সফলভাৱে প্ৰতিহত কৰাত S-400 ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলি চৰকাৰে জনায়। সেই অভিজ্ঞতাৰ ভিত্তিতেই দ্বিতীয় ধাপত অধিক ইউনিট ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইয়াৰ লগতে S-500 ক্ৰয়ৰ সম্ভাৱনা আৰু দেশীয় আকাশ সুৰক্ষা প্ৰকল্প “মিছন সুদৰ্শন চক্ৰ” আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো ভাৰত তৎপৰ হৈ উঠিছে।






























