Varun Dhawan:✒️’বৰ্ডাৰ ২’ মুক্তিৰ পূর্বে কটাক্ষৰ মুখত পৰিছিল বৰুণ ধৱন। আনকি তেওঁৰ অভিনয় দক্ষতাক লৈও প্রশ্ন উঠিছিল। যদিও ছবিখনৰ মুক্তিৰ পাছত দর্শকে ভিন্ন প্রতিক্রিয়া দিয়ে। ছবিখনে বক্স অফিচত সফলতা অর্জন কৰে; কিন্তু অভিনয়ৰ পৰা হেনো বৰুণে দীর্ঘ বিৰতি ল’ব।
‘বৰ্ডাৰ ২’ মুক্তিৰ পূৰ্বে ছবিখনৰ এটা গীত প্ৰকাশ পাইছিল। সেই গীতৰ দৃশ্যত বৰুণৰ অভিব্যক্তিক লৈ বহুতে প্রশ্ন কৰিছিল। ইয়াকো শুনা গৈছিল যে বৰুণৰ বিৰুদ্ধে হেনো ইচ্ছা কৰিয়েই নেতিবাচক প্ৰচাৰ চলোৱা হৈছিল।
এই কটাক্ষৰ বিৰুদ্ধে বৰুণে নিজেও মুখ খুলিছিল। অৱশ্যে ছবিখনৰ মুক্তিৰ পাছত বৰুণৰ অভিনয়ে প্রশংসা পায়। তাৰ পাছতো তেওঁ কিয় বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে, তাক লৈ প্রশ্ন উঠিছে।
অভিনেতাজনৰ এক ঘনিষ্ঠ সূত্রই সংবাদ মাধ্যমক জনাইছে যে তেওঁ হেনো দীর্ঘদিনৰ বাবে বিৰতি লৈছে। এই সময়খিনি তেওঁ পৰিয়ালৰ স’তে কটাব বিচাৰে। বিশেষকৈ কন্যা সন্তান লাৰাক সময় দিবলৈকো হেনো বৰুণে এই সিদ্ধান্ত লৈছে।
অৱশ্যে অভিনেতাজনে নিজে এই বিষয়ত একো কোৱা নাই। অতি শীঘ্ৰে বৰুণৰ এখন নতুন ছবিয়ে মুক্তি পোৱাৰ কথা। ‘হ্যে জৱানী তো ইস্ক হোনা হো’ ছবিখনে অহা পাঁচ জুনত মুক্তি পোৱাৰ কথা। অৱশ্যে সেই সময়তে মুক্তি পাব যশৰ ‘টক্সিক’।
সেয়ে বৰুণৰ ছবিৰ মুক্তি ১২ জুনলৈ পিছুৱাই দিয়া হৈছে। বৰুণৰ পিতৃ ডেভিদ ধৱনে ছবিখন পৰিচালনা কৰিছে। বৰুণৰ বিপৰীতে অভিনয় কৰিছে পূজা হেগড়ে আৰু ষুণাল ঠাকুৰে। এই ছবিৰ মুক্তিৰ পাছতে হেনো বৰুণে দীঘলীয়া বিৰতি ল’ব।






























